Advertisment

ভাৰত-বাংলা সীমান্তৰে অনুপ্ৰৱেশ অব্যাহত

কাছাৰৰ কাটিগৰাৰ জলালপুৰত আৰক্ষীৰ জালত ৰোহিংগীয়া নাগৰিক। ভাৰত-বাংলা সীমান্তৰে অবৈধভাৱে ভাৰতত প্রৱেশৰ চেষ্টা ৰোহিংগীয়াকেইটাৰ। কাটিগৰাৰ জলালপুৰৰ ছাপ্লাইগেট অঞ্চলৰ পৰা আটক ৪ ৰোহিংগীয়া নাগৰিকক।

 ভাৰত-বাংলা সীমান্তৰে অনুপ্ৰৱেশ অব্যাহত Photograph: (DY365)
ভাৰত-বাংলা সীমান্তৰে অনুপ্ৰৱেশ অব্যাহত Photograph: (DY365)

ভাৰত-বাংলা সীমান্তৰে অনুপ্ৰৱেশ অব্যাহত


৪ ৰোহিংগীয়া নাগৰিকক আটক 

ভাৰত-বাংলা সীমান্তৰে ভাৰতত অনুপ্রৱেশ অব্যাহত। কাছাৰৰ কাটিগৰাৰ জলালপুৰৰ ভাৰত-বাংলা সীমান্তৰে অবৈধভাৱে ভাৰতত প্রৱেশ কৰা ৪জনকৈ ৰোহিংগীয়া নাগৰিকক আটক আক্ষীৰ।

Advertisment

Also Read: ৰাজ্যসভালৈ যোৱাৰ মন আজমলৰ! ৰাহুল গান্ধী, গৌৰৱ গগৈলৈ বিশেষ পত্ৰ AIUDFৰ।

কাছাৰৰ কাটিগৰাৰ জলালপুৰত আৰক্ষীৰ জালত ৰোহিংগীয়া নাগৰিক। ভাৰত-বাংলা সীমান্তৰে অবৈধভাৱে ভাৰতত প্রৱেশৰ চেষ্টা ৰোহিংগীয়াকেইটাৰ। কাটিগৰাৰ জলালপুৰৰ ছাপ্লাইগেট অঞ্চলৰ পৰা আটক ৪ ৰোহিংগীয়া নাগৰিকক। আৰক্ষীযে আটক কৰে ২ পুৰুষ, ২ মহিলাক ৰোহিংগীয়া নাগৰিকক। সন্দেহজনক গতিবিধি দেখি স্থানীয় ৰাইজে কৰায়ত্ত কৰি ৰোহিংগীয়াকেইটাক গতাই দিয়ে আৰক্ষীৰ হাতত। 

Also Read: বাস্তৱ হ'ল সপোন, পুনৰ ৪৩৭৪ গৰাকীয়ে পালে চৰকাৰী নিযুক্তি?

ৰোহিংগীয়াকেইটাৰ লগত UNOৰ ৰিফিউজী কাৰ্ড আছে যদিও ভাৰতত প্রৱেশ কৰাৰ বা ভাৰতত থকৰা বাবে নাই কোনো বৈধ নথি-পত্র। মঙলবাৰে জলালপুৰৰ ভাৰত-বাংলা সীমান্তৰে অবৈধভাৱে ভাৰতত প্রৱেশ কৰিছিল ৰোহিংগীয়াকেইটাই। 

Also Read: অসমীয়া জাতিৰ বাবে এয়া সংকটৰ সময়। সজাগ হ'বলৈ আহ্বান গৌৰৱ গগৈৰ

ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ অবৈধভাৱে ভাৰতত প্রৱেশ কৰা ৪জনকৈ ৰোহিংগীয়াক আটক কৰি শিলচৰলৈ প্রেৰণ কৰে। ইফালে, বাংলাদেশী নাগৰিকক অবৈধভাৱে ভাৰতত প্ৰৱেশক লৈ কাছাৰৰ কালাইন অঞ্চলত ছিণ্ডিকেট চক্ৰ সক্ৰিয় হৈ থকাৰ অভিযোগ স্থানীয় ৰাইজৰ। ইয়াৰ পূৰ্বেও কেইবাজনো বাংলাদেশী নাগৰিকক ভাৰতত অবৈধভাৱে প্ৰৱেশ কৰাৰ অপৰাধত আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছিল। 

উল্লেখযোগ্য যে, অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰা বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে আৰক্ষীৰ জোৰদাৰ অভিযান অব্যাহত থকাৰ মাজতে একাংশ দুষ্ট চক্ৰই বুজন পৰিমাণৰ ধনৰ বিনিময়ত বাংলাদেশী নাগৰিকক ভাৰতত প্ৰৱেশ কৰোৱাৰ অহৰহ চেষ্টা কৰি আহিছে।

Advertisment
Advertisment