Assameseবহিঃৰাজ্যত অসমৰ ২ যুৱকৰ মৃত্যুবহিঃৰাজ্যত মৃত্যু অসমৰ ২ যুৱকৰ। উত্তৰ প্ৰদেশৰ ৰেললাইনৰ সমীপত উদ্ধাৰ হাজোৰ সঞ্জীৱ ডেকা নামৰ যুৱকৰ মৃতদেহ। কৰ্ণাটকৰ চিক্কামাগালুৰ জিলাৰ কাইমাৰাত মৃত্যু ৰৌতাৰ নজৰ আলী নামৰ আন এজন যুৱকৰ। Jyotiprasad Sarma Jan 09, 2026 17:32 ISTবহিঃৰাজ্যত অসমৰ ২ যুৱকৰ মৃত্যু Photograph: (DY365)বহিঃৰাজ্যত অসমৰ ২ যুৱকৰ মৃত্যুকি ঘটিছিল সঞ্জীৱ আৰু নজৰ আলীৰ লগত?বহিঃৰাজ্যত মৃত্যু অসমৰ ২ যুৱকৰ। উত্তৰ প্ৰদেশৰ ৰেললাইনৰ সমীপত উদ্ধাৰ হাজোৰ সঞ্জীৱ ডেকা নামৰ যুৱকৰ মৃতদেহ। কৰ্ণাটকৰ চিক্কামাগালুৰ জিলাৰ কাইমাৰাত মৃত্যু ৰৌতাৰ নজৰ আলী নামৰ আন এজন যুৱকৰ। Advertismentভোগালী বিহুৰ প্ৰাকক্ষণত বহিঃৰাজ্যত ৰহস্যজনকভাৱে মৃত্যু অসমৰ যুৱকৰ। তেজেৰে লুতুৰি পুতুৰি অৱস্থাত উত্তৰ প্ৰদেশৰ ৰে'ললাইনৰ সমীপত উদ্ধাৰ হাজোৰ ৰামদিয়া বঙালটোলাৰ সঞ্জীৱ ডেকাৰ মৃতদেহ। প্ৰায় ১২ বছৰ ধৰি ৰে'ল বিভাগৰ ডাইনেমিক এণ্টাৰপ্ৰাইজত ঠিকাভিত্তিক কৰ্মচাৰী আছিল সঞ্জীৱ ডেকা। ৭ জানুৱাৰীত গুৱাহাটীৰ পৰা দিল্লী অভিমুখী ব্ৰহ্মপুত্ৰ মেইলত কৰ্মসূত্ৰে যাত্ৰা কৰিছিল সঞ্জীৱে। ৰে'লখনৰ শীত-তাপ নিয়ন্ত্ৰিত দবাৰ দ্বায়িত্বত আছিল সঞ্জীৱ ডেকা। কিন্তু ৰহস্যজনকভাৱে ৮ জানুৱাৰীৰ পুৱতি নিশা চৰকাৰী ৰে'ল আৰক্ষীয়ে কানপুৰৰ ৰে'লষ্টেচনৰ পৰা দুশ কিলোমিটাৰ নিলগৰ প্ৰেমপুৰৰ ৰে'ললাইনৰ সমীপত উদ্ধাৰ কৰে সঞ্জীৱ ডেকাৰ ৰক্তাক্ত মৃতদেহ। Also Read: ভাৰত-বাংলা সীমান্তৰে অনুপ্ৰৱেশ অব্যাহতএই খবৰ লাভ কৰাৰ পিছতে সঞ্জীৱৰ হাজোৰ ৰামদিয়াৰ ঘৰত এতিয়া কান্দোনৰ ৰোল। যুৱকজনৰ পৰিয়ালৰ সন্দেহ কোনো লোকে ৰে'লতেই হত্যা কৰি ৰে'লআলিত পেলাই থৈ যায় সঞ্জীৱৰ মৃতদেহ। শীঘ্ৰেই এই ঘটনাৰ উচিত তদন্ত কৰি দোষীক কৰায়ত্ত কৰাৰ দাবী জনাইছে সঞ্জীৱৰ পৰিয়াল লগতে ওচৰ-চুবুৰীয়াই।Also Read: কংগ্রেছী গুণ্ডাবাহিনীৰ শ্রমিক, ঠিকাদাৰক আক্ৰমণ!আনহাতে, ৰৌতাৰ নজৰ আলীৰ মৃত্যু হয় কৰ্ণাটকত। কৰ্ণাটকত শ্ৰমিক হিচাপে কৰ্মৰত হিচাপে আছিল ৰৌতাৰ সৰ্বহেৰুৱা গাঁৱৰ নজৰ আলী। কৰ্ণাটকৰ চিক্কামাগালুৰ জিলাৰ কাইমাৰাত কফি বনোৱা মেচিনত সোমাই মৃত্যুমুখত পৰে নজৰ আলী। ঘটনাৰ পাছতেই এতিয়া মৃত নজৰ আলীৰ বাসগৃহত সৃষ্টি হৈছে শোকাকুল পৰিৱেশৰ। অতি দৰিদ্র পৰিয়ালটোৱে মৃতদেহ অসমলৈ ঘূৰাই অনাৰ বাবেও অসমৰ্থ হৈ সহায় বিচাৰিছে অসম চৰকাৰৰ। লগতে মৃত নজৰ আলীৰ হৈ চৰকাৰে ক্ষতিপূৰণৰ ব্যৱস্থা কৰি দিয়াৰো আহ্বান পৰিয়ালটোৰ। AdvertismentAdvertisment Read the Next Article