Assameseকংগ্রেছী গুণ্ডাবাহিনীৰ শ্রমিক, ঠিকাদাৰক আক্ৰমণ!দৰং-ওদালগুৰিৰ সীমান্তৱৰ্তী দলগাঁৱৰ পদুপৰিত কংগ্রেছী গুণ্ডাবাহিনীৰ অতপালি! পদুপৰিত নির্মাণ হৈ থকা পেভাৰ ব্লক পথত কর্মৰত শ্রমিকৰ লগতে ঠিকাদাৰক আক্ৰমণৰ অভিযোগ কংগ্রেছী গুণ্ডাবাহিনীৰ বিৰুদ্ধে।Jyotiprasad Sarma Jan 08, 2026 19:31 ISTকংগ্রেছী গুণ্ডাবাহিনীৰ অতপালি! Photograph: (DY365)কংগ্রেছী গুণ্ডাবাহিনীৰ অতপালি!শ্রমিক, ঠিকাদাৰক আক্ৰমণৰ অভিযোগদৰং-ওদালগুৰিৰ সীমান্তৱৰ্তী দলগাঁৱৰ পদুপৰিত কংগ্রেছী গুণ্ডাবাহিনীৰ অতপালি! পদুপৰিত নির্মাণ হৈ থকা পেভাৰ ব্লক পথত কর্মৰত শ্রমিকৰ লগতে ঠিকাদাৰক আক্ৰমণৰ অভিযোগ কংগ্রেছী গুণ্ডাবাহিনীৰ বিৰুদ্ধে।AdvertismentAlso Read: কোনে লাভ কৰিব ‘মুখ্যমন্ত্ৰীৰ নিযুত বাবু আঁচনি’ৰ ধন? AIUDF বিধায়ক মুজিবুৰ ৰহমানৰ সমষ্টিত নির্মাণ হৈ থকা পেভাৰ ব্লক পথৰ নিম্নমানৰ কামৰ অভিযোগ তুলি কংগ্রেছী গুণ্ডাবাহিনীয়ে কামত বাধা দিয়াৰ লগতে শ্রমিক আৰু ঠিকাদাৰক শাৰীৰিক আক্ৰমণ কৰাৰ অভিযোগ। বালিগাঁও আঞ্চলিক পঞ্চায়তৰ কাউন্সিলাৰ লতিফা য়েছমিন, বৰকত উল্লাস, ইব্রাহিম আলীৰ লগতে নেমছু গোলাপ ৰাব্বানী গোটৰ তহিদুৰ ৰহমানৰ ছত্রছায়ত প্রায় ৫০ জনীয়া দুৰ্বৃত্তৰ দলে আক্ৰমণৰ লক্ষ্য কৰি লয় শ্রমিকসকলকৰ লগতে ঠিকাদাৰক। Also Read: ২০২৭ৰ লোকপিয়লে কি অশুভ খবৰ আনিব অসমলৈ? ক'লে মুখ্যমন্ত্ৰীয়ে...উল্লেখ্য যে, পদুপৰিত প্রায় ৫০ লক্ষাধিক টকা ব্যয়সাপেক্ষে নির্মাণ হৈ থকা পথত কেইদিনমান পূর্বে নেমছু গোলাপ ৰাব্বানী গোটৰ তহিদুৰ ৰহমানে ৫০ হাজাৰ টকা দাবী কৰাৰ অভিযোগ। টকা নিদিয়াত সামাজিক মাধ্যমত পথক লৈ তহিদুৰে বিকৃত মন্তব্য কৰাত ক্ষুদ্ধ হৈ পৰিছিল স্থানীয় জনতা। ক্ষুদ্ধ ৰাইজে নেমছু নেতা তহিদুৰ ৰহমানৰ বিৰুদ্ধে সাব্যস্ত কৰিছিল প্রতিবাদ। যাৰবাবে আজি নেমছু নেতা তহিদুৰ ৰহমানৰ পক্ষত ওলাই আহি পথ নির্মাণত ব্যস্ত থকা শ্রমিকৰ লগতে ঠিকাদাৰক আক্রমণ কৰাৰ অভিযোগ কংগ্রেছী গুণ্ডাবাহিনীৰ বিৰুদ্ধে। Also Read: ঢকুৱাখনা, লখিমপুৰত কোন হ'ব বিজেপিৰ প্ৰাৰ্থী? বৃহৎ ঘোষণা মুখ্যমন্ত্ৰীৰঘটনাৰ পাছতেই সমগ্র দলগাঁৱতেই সৃষ্টি হৈছে তীব্র প্রতিক্রিয়াৰ। ধনদাবী কৰা নেমছু নেতাৰ পক্ষত আহি কংগ্রেছী গুণ্ডাবাহিনীয়ে চলোৱা সন্ত্রাসৰ বিৰুদ্ধে প্ৰতিবাদ স্থানীয় জনতাৰ। ক্ষুদ্ধ ৰাইজে কংগ্ৰেছ মুর্দাবাদ ধ্বনি দি উত্তাল কৰি তোলে সমগ্র অঞ্চল। AdvertismentAdvertisment Read the Next Article