Advertisment

বিধানসভাৰ মজিয়াত হত্যাৰ প্ৰসংগ!

বিধানসভাৰ মজিয়াত উত্তপ্ত পৰিস্থিতি। মুখ্যমন্ত্ৰীৰ সৈতে অখিল গগৈৰ ব্যক্তিগত পৰ্যায়ত বাক যুদ্ধ। অখিল গগৈক হত্যাকাৰী আখ্যা মুখ্যমন্ত্ৰীৰ। সদনত শুনিবলৈ পোৱা গ'ল অখিল গগৈ মূর্দাবাদ ধ্বনি।

 Filephoto
Filephoto

বিধানসভাৰ মজিয়াত হত্যাৰ প্ৰসংগ!
মুখ্যমন্ত্ৰীৰ সৈতে অখিল গগৈৰ ব্যক্তিগত পৰ্যায়ত বাক যুদ্ধ

Advertisment

বিধানসভাৰ মজিয়াত উত্তপ্ত পৰিস্থিতি। মুখ্যমন্ত্ৰীৰ সৈতে অখিল গগৈৰ ব্যক্তিগত পৰ্যায়ত বাক যুদ্ধ। অখিল গগৈক হত্যাকাৰী আখ্যা মুখ্যমন্ত্ৰীৰ। সদনত শুনিবলৈ পোৱা গ'ল অখিল গগৈ মূর্দাবাদ ধ্বনি।

চলি আছে অসম বিধানসভাৰ শীতকালীন অধিৱেশন। বিধানসভাৰ মজিয়াত অধিৱেশনৰ সময়ছোৱাত দেখা গৈছে শাসক আৰু বিৰোধীৰ তীব্ৰ বাক যুদ্ধ। পূৰ্বৰ দৰেই আজিও সদনৰ মজিয়াত আক্ৰমণাত্মক ৰূপত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈ। 

অসম বিধানসভাৰ মজিয়াত আজি দেখিবলৈ পোৱা গ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু অখিল গগৈৰ মাজত ব্যক্তিগত পৰ্যায়ৰ বাক যুদ্ধ।  বিধানসভাৰ শীতকালীন অধিৱেশনত আজি "দি আসাম ফিক্সেছন অফ চিলিং অফ লেণ্ড হ'ল্ডিংছ (এমেন্ডমেন্ট) আইন"ক লৈ চলি থকা আলোচনাৰ সময়তে আৰম্ভ হ'ল এই বাকযুদ্ধ। অখিল গগৈক মুখ্যমন্ত্ৰীৰ প্ৰশ্ন- প্ৰণৱ বড়ো নামৰ জনজাতীয় লোক এজনক আপুনি উচতাই মৃত্যু মুখলৈ ঠেলি দিছিল নে নাই? লগে লগেই মুখ্যমন্ত্ৰীক প্ৰত্যুত্তৰ অখিল গগৈৰ। মই প্ৰণৱ গগৈক হত্যা কৰা নাই, হত্যাকাৰী আপুনিহে। 

আকৌ অখিল গগৈলৈ বাক্যবান মুখ্যমন্ত্ৰীৰ- জনজাতীয় এলেকাত মাটি দখল কৰা আপুনি একমাত্ৰ বিধায়ক। প্ৰণৱ বড়ো নামৰ জনজাতীয় লোক এজনক আপুনি জ্বলাইছিলে আপোনাৰ লাজ নালাগে? ৩৫ লাখ চাহ বাগিছাৰ মানুহে মাটি পাব বাবে আপুনি বেয়া পাইছে। 

তাৰ মাজতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যুত্তৰ অখিল গগৈৰ-  মই কাকো হত্যা কৰা নাই, হত্যাকাৰী আপুনিহে। মানৱেন্দ্ৰ শৰ্মাৰ নামটো মনত আছেনে বুলি মুখ্যমন্ত্ৰীক ওলোটাকৈ প্ৰশ্ন অখিল গগৈৰ।

Advertisment
Advertisment