Assameseনামাজীৰ ওপৰত আক্ৰমণ, আহত ১২মছজিদ কমিটীৰ এক কঠোৰ সিদ্ধান্তৰ ভয়ংকৰ পৰিণতি। জুম্মা নামাজৰ শেষত নামাজীৰ ওপৰত চলালে ভয়ংকৰ আক্ৰমণ। নামাজীসহ মছজিদ কমিটীৰ ১২জনকৈ সদস্য আঘাতপ্ৰাপ্ত। Jyotiprasad Sarma Jan 10, 2026 12:24 ISTনামাজীৰ ওপৰত আক্ৰমণ, আহত ১২ Photograph: (DY365)নামাজীৰ ওপৰত আক্ৰমণ, আহত ১২ক'ত ঘটিল এই ভয়ংকৰ ঘটনা?মছজিদ কমিটীৰ এক কঠোৰ সিদ্ধান্তৰ ভয়ংকৰ পৰিণতি। জুম্মা নামাজৰ শেষত নামাজীৰ ওপৰত চলালে ভয়ংকৰ আক্ৰমণ। নামাজীসহ মছজিদ কমিটীৰ ১২জনকৈ সদস্য আঘাতপ্ৰাপ্ত। AdvertismentAlso Read: জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ বাবে বিশেষ দল গঠন চৰকাৰৰড্ৰাগছ ব্যৱসায় কৰা পৰিয়ালৰ বিৰুদ্ধে মছজিদ কমিটীয়ে সামাজিক নিষেধাজ্ঞা জাৰি কৰা সিদ্ধান্তৰ ভয়ংকৰ পৰিণতি৷ জুম্মাৰ নামাজৰ শেষত নামাজীৰ ওপৰত আক্ৰমণ, আহত ১২জনকৈ লোক। কাছাৰৰ ধলাই বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰাজঘাটত মছজিদ কমিটীৰ মাদকদ্ৰব্য বিৰোধী কঠোৰ সামাজিক সিদ্ধান্তক কেন্দ্ৰ কৰি এক ভয়ংকৰ মাৰপিটৰ ঘটনা সংঘটিত হয়। শুকুৰবাৰে জুম্মাৰ নামাজৰ পিছত মছজিদ চৌহদত ড্ৰাগছ ব্যৱসায়ীৰ আকস্মিক আক্ৰমণত ১২জনকৈ নামাজী তথা মছজিদ কমিটীৰ সদস্য আহত হোৱাৰ খবৰ পোহৰলৈ। এই ঘটনাক লৈ সমগ্ৰ এলেকাতে সৃষ্টি হয় তীব্ৰ চাঞ্চল্যৰ।Also Read: আৰু কিমান অন্যায় কৰিব? বিজেপি চৰকাৰক প্ৰশ্ন ৰাজেন গোহাঁইৰখবৰ অনুসৰি শেহতীয়াকৈ দক্ষিণ ধলাই মছজিদ সমন্বয়ৰক্ষী কমিটীৰ এক সিদ্ধান্ত অনুসৰি ৰাজঘাট এলেকাৰ মছজিদ কমিটীয়ে কেইজনমান ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত পৰিয়ালৰ বিৰুদ্ধে সামাজিক নিষেধাজ্ঞা জাৰি কৰিছিল। এই সিদ্ধান্তত ক্ষুব্ধ হৈ পৰে ড্ৰাগছ ব্যৱসায়ী চক্ৰ।উল্লেখ্য যে, ধলাই মছজিদ সমন্বয়ৰক্ষী কমিটীৰ অধীনত মুঠ ৭২খন মছজিদ কমিটী আছে। মাদকদ্ৰব্য নিৰ্মূলৰ বাবে কমিটীয়ে গ্ৰহণ কৰা সিদ্ধান্তসমূহ হ'ল--মাদকদ্ৰব্য ব্যৱসায়ীসকলক সামাজিকভাৱে বৰ্জন কৰা।মাদক দ্ৰব্যৰ ব্যৱসায়ীৰ পৰিয়ালৰ জানাজাত অংশগ্ৰহণ নকৰা।একাধিক কঠোৰ সামাজিক বাধা-নিষেধ কাৰ্যকৰী কৰা। মছজিদ কমিটীৰ এনে সিদ্ধান্তৰ বাবেই শুকুৰবাৰে নামাজৰ শেষত মছজিদত নামাজ পঢ়িবলৈ অহা নামাজী আৰু মছজিদ কমিটীৰ সদস্যসকলৰ ওপৰত একাংশ ড্ৰাগছ ব্যৱসায়ীয়েআক্ৰমণ কৰে। ঘটনাত ১২জনকৈ লোক আহত হয়। ঘটনাৰ পিছতে ১১ আক্ৰমণকাৰীক চিনাক্ত কৰি ধলাই থানাত ৰুজু কৰা হৈছে গোচৰ। AdvertismentAdvertisment Read the Next Article