Assameseপুনৰ ঋণ ল'ব ৰাজ্য চৰকাৰেপুনৰ ঋণৰ বোজা বাঢ়িব অসমবাসীৰ। ১৩ জানুৱাৰীত পুনৰ ১ হাজাৰ কোটি টকাৰ ঋণ ল’ব ৰাজ্য চৰকাৰে। ৰেকৰ্ড ভংগ কৰি পুনৰ ঋণ ল’ব চৰকাৰে। ফেব্ৰুৱাৰীৰ ভিতৰত আৰু ৩ হাজাৰ কোটি টকা ঋণ ল’ব চৰকাৰে! ৯ বছৰত ৰাজ্যৰ ঋণৰ বৃদ্ধি পাব প্ৰায় ২ লাখ কোটি টকালৈ। Jyotiprasad Sarma Jan 10, 2026 14:06 ISTপুনৰ ঋণ ল'ব ৰাজ্য চৰকাৰে Photograph: (DY365)পুনৰ ঋণ ল'ব ৰাজ্য চৰকাৰে১৩ জানুৱাৰীত চৰকাৰে ল’ব ১ হাজাৰ কোটি টকাৰ ঋণপুনৰ ঋণৰ বোজা বাঢ়িব অসমবাসীৰ। ১৩ জানুৱাৰীত পুনৰ ১ হাজাৰ কোটি টকাৰ ঋণ ল’ব ৰাজ্য চৰকাৰে। ৰেকৰ্ড ভংগ কৰি পুনৰ ঋণ ল’ব চৰকাৰে। AdvertismentAlso Read: ৰাজ্যত পুনৰ চলিব আন এক বৃহৎ উচ্ছেদঅসমবাসীৰ মূৰত পৰিব পুনৰ ঋণৰ বোজা! ১৩ জানুৱাৰীত পুনৰ ১ হাজাৰ কোটি টকাৰ ঋণ ল’ব ৰাজ্য চৰকাৰে। ৰিজাৰ্ভ বেংকত প্ৰস্তাৱ দাখিল কৰিলে বিত্ত বিভাগে। এসপ্তাহ পূৰ্বে ৰাজ্য চৰকাৰে লৈছিল ১ হাজাৰ কোটি টকাৰ ঋণ। ডিচেম্বৰত চৰকাৰে লৈছিল ১৯০০ কোটি টকাৰ ঋণ। ফেব্ৰুৱাৰীৰ ভিতৰত আৰু ৩ হাজাৰ কোটি টকা ঋণ ল’ব চৰকাৰে! ৯ বছৰত ৰাজ্যৰ ঋণৰ বৃদ্ধি পাব প্ৰায় ২ লাখ কোটি টকালৈ। Also Read: নামাজীৰ ওপৰত আক্ৰমণ, আহত ১২ ৰাজ্য চৰকাৰৰ ঋণৰ বোজা সন্দৰ্ভত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। কংগ্ৰেছৰ শাসন থকা ৰাজ্যৰ উদাহৰণ দিলে বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে। কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰ ঋণৰ বোজাত চালনীৰ দৰে হৈছে বুলি মন্তব্য দিলীপ শইকীয়াৰ। হিমাচলত কংগ্ৰেছে চৰকাৰ চলাব নোৱৰা অৱস্থা বুলি দাবী দিলীপ শইকীয়াৰ। এনেদৰে বিৰোধীক চোকা সমালোচনা কৰে সাংসদ দিলীপ শইকীয়াই।Also Read: বহিঃৰাজ্যত অসমৰ ২ যুৱকৰ মৃত্যু ঋণ লৈয়ো অসমত বিজেপিয়ে উন্নয়নৰ জোৱাৰ আনিছে বুলিও মন্তব্য কৰে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই। যোৱা দুটা বছৰত অসমত বিনিয়োগৰ পৰিসংখ্যাও দিলে সাংসদগৰাকীয়ে। ১ লাখ কোটিতকৈও অধিক বিনিয়োগ হোৱা বুলি দিলীপ শইকীয়াৰ দাবী। AdvertismentAdvertisment Read the Next Article