Assameseআজি পহিলা মাঘআজি পহিলা মাঘ। ৰাজ্যজুৰি মাঘ বিহুৰ আনন্দ-উছাহ। পুৱাৰে পৰা ৰাজ্যৰ মঠ-মন্দিৰ, নামঘৰ, সত্ৰ তথা ধৰ্মীয় অনুষ্ঠানসমূহত ভক্তৰ ভিৰ। মঠ-মন্দিৰত নিজৰ মনোকামনা পূৰণৰ বাবে নেদেখাজনক প্ৰাৰ্থনা অজস্ৰজনৰ।Jyotiprasad Sarma Jan 15, 2026 16:14 ISTআজি পহিলা মাঘ, মঠ-মন্দিৰত ভক্তৰ ভিৰ Photograph: (DY365)আজি পহিলা মাঘমঠ-মন্দিৰত ভক্তৰ ভিৰআজি পহিলা মাঘ। ৰাজ্যজুৰি মাঘ বিহুৰ আনন্দ-উছাহ। পুৱাৰে পৰা ৰাজ্যৰ মঠ-মন্দিৰ, নামঘৰ, সত্ৰ তথা ধৰ্মীয় অনুষ্ঠানসমূহত ভক্তৰ ভিৰ। মঠ-মন্দিৰত নিজৰ মনোকামনা পূৰণৰ বাবে নেদেখাজনক প্ৰাৰ্থনা অজস্ৰজনৰ।Advertismentআজি মাঘ মাহৰ প্ৰথমটো দিন। সমগ্ৰ ৰাজ্যজুৰি ভোগালী বিহুৰ পাৰভঙা উৎসাহ-উদ্দীপনা। পুৱাৰে পৰা ৰাজ্যৰ মন্দিৰ, নামঘৰত দেখা গ'ল ভক্তৰ লানি নিছিঙা শাৰী। মঠ-মন্দিৰত নিজৰ মনোকামানা পূৰণৰ অৰ্থে ভগৱানক পূজা-অৰ্চনা বিভিন্নজনৰ। ইফালে পহিলা মাঘ উপলক্ষে সত্ৰ-নামঘৰতো নাম-কীৰ্ত্তন। বছৰটো কুশলে যোৱাৰ কামনাৰে নেদেখাজনক প্ৰাৰ্থনা। ঠায়ে ঠায়ে পৰম্পৰা অনুসৰি ভগৱনালৈ আগবঢ়োৱা হয় ভোগ। মাঘ বিহু উপলক্ষে ৰাজ্যৰ বিভিন্ন স্থানত অনুষ্ঠিত হয় বিভিন্ন খেল-ধেমালি। ৰংঘৰৰ বাকৰিত ৰজাদিনীয়া পৰম্পৰা অনুসৰি খেল-ধেমালি অনুষ্ঠিত হয়। তীৰ্থ নগৰী মঠ-মন্দিৰ সমূহতো পুৱাৰে পৰা দেখা গৈছে ভক্তৰ ভিৰ। হাজোৰ ঐতিহাসিক হয়গ্ৰীৱ মাধৱ মন্দিৰত পুৱাৰে পৰা ধূপ নৈবদ্য আগবঢ়ালে অগণন ভক্তই। AdvertismentAlso Read: গতা মাৰি উলিয়াই দিব লাগিছিল, কিন্তু ...! কোন হিৰো হোৱাৰ কথা ক'লে মুখ্যমন্ত্ৰীয়ে?সমন্বয়ৰ বাৰ্তাৰে হাজোত আজি অনুষ্ঠিত হয় মণিকূট উত্সৱ। হাজোৰ পোৱামক্কাৰ পৰা হয়গ্ৰীৱ মাধৱ মন্দিৰলৈ উলিওৱা হয় শোভাযাত্ৰা যাত্ৰা। পহিলা মাঘৰ দিনা অনুষ্ঠিত হয় মণিকূট উত্সৱ। স্থানীয় আছুৰ উদ্যোগত অনুষ্ঠিত হয় এই উত্সৱ। সমন্বয়ৰ যাত্ৰাত জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সকলোৱে অংশগ্ৰহণ কৰে। হয়গ্ৰীৱ মাধৱ মন্দিৰৰ মূল পুৰোহিত, পোৱামক্কাৰ খাদিমে মুকলি কৰে শোভাযাত্ৰা। শোভাযাত্ৰাত অংশগ্ৰহণ কৰে আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই। শোভাযাত্ৰাত অংশগ্ৰহণ কৰে আছুৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া সকলেও। শোভাযাত্ৰাত উপস্থিত থাকে অভিনেতা নয়ন নীলিম। Also Read: কংগ্ৰেছত সংখ্যালঘুৰ স্থান নাই! কংগ্ৰেছত থকা সংখ্যালঘু নেতাসকলে শীঘ্ৰেই পদত্যাগ কৰকAdvertismentপবিত্ৰ মাঘ মাহৰ পহিলা দিনটোত বজালীৰ ভোগেশ্বৰ মন্দিৰত অজস্ৰ ভক্তৰ সমাগম হয়। ৩০১ সংখ্যক মাঘী উৎসৱ এইবাৰ পাঁচদিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে। ৰাতিপুৱা ৫ বজাৰ পৰা ভক্তৰ বাবে দুৱাৰ মুকলি কৰি দিয়ে। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা দেখা গ'ল অগণন ভক্তক। মন্দিৰত ধূপ, চাকি, নৈবেদ্য আগবঢ়াই প্ৰভুৰ আশিস ল'লে ভক্তই। মন্দিৰত বস্ত্র দান কৰিলে পূণ্য হয় বুলি চলি থকা বিশ্বাসৰ বাবে অসংখ্য ভক্তই দান কৰা দেখা গ'ল বস্ত্ৰ। ভোগালী বিহু উপলক্ষে ৰাজ্যজুৰি উখল-মাখল পৰিৱেশ। আজি পহিলা মাঘ, মাঘৰ প্ৰথমটো দিনত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ চামগুৰিটো পৰম্পৰাগতভাৱে আয়োজন কৰে খেল-ধেমালি। কণ কণ শিশুৰ পৰা আদি কৰি বয়োজ্যেষ্ঠ সকলৰ লগতে বোৱাৰী-জীয়ৰী সকলোৱে অংশগ্ৰহণ কৰিলে বিভিন্ন ধৰণৰ খেল-ধেমালি অনুষ্ঠানত। Read More AdvertismentAdvertisment Read the Next Article