Assamese১১৪ নম্বৰত স্বামীৰ বিৰুদ্ধে অভিযোগ দিব পাৰিব পত্নীয়েৰাজ্যৰ বিবাহিত মহিলাসকলৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিলে ফোন নম্বৰ। য’ত ফোন কৰি মহিলাসকলে মুখ্যমন্ত্ৰীক দিব পাৰিব স্বামীৰ বিৰুদ্ধে কমপ্লেইন।Jyotiprasad Sarma Jan 15, 2026 19:40 IST১১৪ নম্বৰত স্বামীৰ বিৰুদ্ধে অভিযোগ দিব পাৰিব পত্নীয়েমুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা ৰাজ্যৰ বিবাহিত মহিলাসকলৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিলে ফোন নম্বৰ। য’ত ফোন কৰি মহিলাসকলে মুখ্যমন্ত্ৰীক দিব পাৰিব স্বামীৰ বিৰুদ্ধে কমপ্লেইন।Advertismentমাঘৰ প্ৰথমটো দিনতে ৰাজ্যৰ বিবাহিত মহিলাসকলৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিলে বিশেষ বাৰ্তা। ৰাজ্যত বহু বিবাহ বন্ধ কৰাৰ বাবে ৰাজ্য চৰকাৰ তৎপৰ হৈ পৰিছে। বহুবিবাহ ৰোধৰ বাবে অভিযুক্ত স্বামীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থাও গ্ৰহণ কৰিছে চৰকাৰে।Also Read: ফুৰিবলৈ আহি অনাকাংক্ষিত পৰিস্থিতিৰ সন্মুখীন পৰ্যটকৰ দলবৃহস্পতিবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত বহু বিবাহ ৰোধ কৰাৰ বাবে হেল্পলাইন নম্বৰ মুকলি কৰাৰ কথা সদৰী কৰে। য’ত ফোন কৰি মহিলাসকলে মুখ্যমন্ত্ৰীক দিব পাৰিব স্বামীৰ বিৰুদ্ধে কমপ্লেইন। দ্বিতীয় বিবাহ কৰিবলৈ আহিলেই ফোন কৰি দিব পাৰিব অভিযোগ। মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে ১১৪ হেল্পলাইন নম্বৰ। ১১৪ নম্বৰত ফোন কৰিলে অভিযোগ ল’ব আৰক্ষীয়ে। দ্বিতীয় বিবাহত ভুক্তভোগী মহিলাই স্বামীৰ বিৰুদ্ধে গোচৰ দিব পাৰিব আৰক্ষীক। বিবাহিত মহিলাসকলে ১১৪ হেল্পলাইন নম্বৰত স্বামীৰ বহুবিবাহৰ বিৰুদ্ধে অভিযোগ দিব পাৰিব।Also Read: আৰক্ষীৰ জালত কুখ্যাত চোৰৰ গেংদ্বিতীয় বিবাহ কৰা লোকক কঠোৰ সকীয়নি দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। হেল্পলাইন নম্বৰ মুকলি কৰি বিলাসীপাৰাত মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে যে, দ্বিতীয় বিবাহ কৰিলে হ’ব ৭ বছৰ কাৰাদণ্ড। তৃতীয় বিবাহ কৰিলে হ’ব ১৪ বছৰৰ কাৰাদণ্ড, চতুৰ্থবাৰ বিবাহ কৰিলে হ’ব ২১ বছৰৰ সশ্ৰম কাৰাদণ্ড। বিলাসীপাৰাত আঁচনিৰ ধন বিলাই বহুবিবাহক কেন্দ্ৰ কৰি মুখ্যমন্ত্ৰীৰ আজি এই ঘোষণা। AdvertismentAdvertisment Read the Next Article