Assameseআৰক্ষীৰ জালত কুখ্যাত চোৰৰ গেংআৰক্ষীৰ জালত পৰিল চোৰৰ এটা গেং। বুজন পৰিমাণৰ সোণ, ৰূপৰ আ-অলংকাৰসহ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৬টা কুখ্যাত চোৰক। গ্ৰেপ্তাৰ জাকিৰ হুছেইন, ছাদ্দাম আলী, আছামুদ্দিন আহমেদ, ৰাকিবুল আলী, তাপস পাল আৰু সঞ্জীৱ হৰিজন।Jyotiprasad Sarma Jan 15, 2026 16:52 ISTআৰক্ষীৰ জালত কুখ্যাত চোৰৰ গেং Photograph: (DY365)আৰক্ষীৰ জালত কুখ্যাত চোৰৰ গেংসোণ, ৰূপৰ আ-অলংকাৰসহ নগদ ধন জব্দআৰক্ষীৰ জালত পৰিল চোৰৰ এটা গেং। বুজন পৰিমাণৰ সোণ, ৰূপৰ আ-অলংকাৰসহ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৬টা কুখ্যাত চোৰক। গ্ৰেপ্তাৰ জাকিৰ হুছেইন, ছাদ্দাম আলী, আছামুদ্দিন আহমেদ, ৰাকিবুল আলী, তাপস পাল আৰু সঞ্জীৱ হৰিজন।Advertismentবৰপেটাৰোড আৰক্ষীৰ জালত চোৰৰ এটা গেং। বৃহৎ পৰিমাণৰ চোৰাং সোণ, ৰূপৰ আ-অলংকাৰসহ নগদ ধন জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষী। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বৰপেটাৰোড আজাদ নগৰৰ জাকিৰ হুছেইন, কালপানীৰ ছাদ্দাম আলী, বাৰাপেটা গাঁৱৰ আছামুদ্দিন আহমেদ, গামাৰিগুৰীৰ ৰাকিবুল আলী, কালপানীৰ তাপস পাল আৰু খাগ্ৰাবাৰীৰ সঞ্জীৱ হৰিজনক।Also Read: আজি পহিলা মাঘউল্লেখ্য যে, ধৃত ৬জনীয়া চোৰৰ দলটোৱে দীৰ্ঘদিনধৰি বৰপেটাৰোড তথা দাঁতিকাষৰীয়া অঞ্চলসমূহত চলাই আহিছিল চুৰিকাণ্ড। অৱশেষত বুধবাৰে নিশা বৰপেটাৰোড থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া শ্যামল জ্যোতি শইকীয়াৰ নেতৃত্বত এটি আৰক্ষীৰ দলে এক বিশেষ অভিযান চলাই বিভিন্ন প্ৰান্তৰ পৰা কুখ্যাত চোৰ কেইটাক ধৰিবলৈ সক্ষম হয়। অভিযানত আৰক্ষীয়ে বুজন পৰিমাণৰ চুৰি হোৱা সোণ, ৰূপৰ আ-অলংকাৰৰ উপৰিও নগদ ধন জব্দ কৰে।Also Read: ছিংগাপুৰত কেনেকৈ মৃত্যু হৈছিল জুবিন গাৰ্গৰ?বৰপেটাৰোড আৰক্ষীয়ে ধৃত চোৰ ৬কেইটাক বৰপেটা আদালতত হাজিৰ কৰাই জে'ল হাজোতলৈ প্ৰেৰণ কৰিছে। খবৰ অনুসৰি চোৰৰ গেংটোৰ মূল মাষ্টাৰমাইণ্ড আছিল বৰপেটাৰোড আজাদ নগৰৰ জাকিৰ হুছেইন। জাকিৰ হুছেইনে দীৰ্ঘদিনধৰি এখন সোণ, ৰূপৰ দোকানৰ অচিলাৰে চলাই আহিছিল চুৰি কৰা সোণ, ৰূপৰ ৰমৰমীয়া বেহা। এই চোৰৰ গেংটোত আৰু কিছুসংখ্যক অসাধু ব্যৱসায়ী জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে একাংশই।AdvertismentAdvertisment Read the Next Article