Advertisment

ফুৰিবলৈ আহি অনাকাংক্ষিত পৰিস্থিতিৰ সন্মুখীন পৰ্যটকৰ দল

হাফলঙত ফুৰিবলৈ আহি অনাকাংক্ষিত পৰিস্থিতিৰ সন্মুখীন হ’ল ত্ৰিপুৰাৰ এটা পৰ্যটকৰ দল। পৰ্যটকৰ দলটোক হোমষ্টেৰ মালিকে মাৰপিট কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন। 

 ফুৰিবলৈ আহি অনাকাংক্ষিত পৰিস্থিতিৰ সন্মুখীন পৰ্যটকৰ দল Photograph: (DY365)
ফুৰিবলৈ আহি অনাকাংক্ষিত পৰিস্থিতিৰ সন্মুখীন পৰ্যটকৰ দল Photograph: (DY365)

ফুৰিবলৈ আহি অনাকাংক্ষিত পৰিস্থিতিৰ সন্মুখীন পৰ্যটকৰ দল

হাফলঙত ফুৰিবলৈ আহি অনাকাংক্ষিত পৰিস্থিতিৰ সন্মুখীন হ’ল ত্ৰিপুৰাৰ এটা পৰ্যটকৰ দল। পৰ্যটকৰ দলটোক হোমষ্টেৰ মালিকে মাৰপিট কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন। 

Advertisment


ডিমাহাছাওৰ হাফলঙৰ এখন হোমষ্টেৰ গৰাকীৰ বিৰুদ্ধে উত্থাপন হৈছে গুৰুতৰ অভিযোগ। ত্ৰিপুৰাৰ পৰা ফুৰিবলৈ অহা ২২জনীয়া পৰ্যটকৰ দলক মাৰপিট কৰাৰ অভিযোগ। হোমষ্টেৰ মালিক স্বৰাজ পালৰ বিৰুদ্ধে মাৰপিট কৰাৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰে পৰ্যটকৰ দলটোৱে। 

Also Read: আৰক্ষীৰ জালত কুখ্যাত চোৰৰ গেং

উল্লেখ্য যে, ১২ জানুৱাৰীত ত্ৰিপুৰাৰ ২২জনীয়া এটা পৰ্যটকৰ দলে হাফলঙত আপনা ঘৰ নামৰ এটা হোমষ্টেত কোঠা বুক কৰিছিল। অভিযোগ অনুসৰি খাদ্য বনাই খোৱাক লৈ মতান্তৰ হয় পৰ্যটকৰ দল আৰু হোমষ্টেৰ মালিকৰ মাজত। প্ৰথমাৱস্থাত হোমষ্টেত খাদ্য বনাই খোৱাৰ নামত ৫০০ টকাকৈ বিচাৰিছিল হোমষ্টেৰ মালিকে। কিন্তু পিছত সেই নিৰিখ ১,৫০০ টকালৈ বৃদ্ধি কৰে মালিকে। হোমষ্টেত থকাৰ পিছত দ্বিতীয় দিনা বাহিৰৰ হোটেলত খাইছিল পৰ্যটকৰ দলটোৱে। তথাপি হোমষ্টেৰ মালিক স্বৰাজ পালে দ্বিতীয় দিনৰ মাচুলো দাবী কৰে। হোমষ্টেৰ গৰাকীজনৰ এনে কাৰ্যত পৰ্যটকসকলে আপত্তি কৰাত সৃষ্টি হয় সংঘাতৰ। হোমষ্টেৰ গৰাকী স্বৰাজ পালে সুৰাপান কৰি মাৰপিট, অভব্য আচৰণ কৰে বুলি উল্লেখ কৰে পৰ্যটকৰ দলটোৱে। প্ৰাণে মৰাৰ ভাবুকি দি পৰ্যটকৰ দলটোক হোমষ্টেৰ পৰা উলিয়াই দিয়াৰো অভিযোগ। পৰ্যটকৰ দলটোত থকা মহিলাসকলক অশ্লীল ভাষাত গালি পৰাৰ লগতে তেওঁলোকক মাৰপিট কৰাৰো গুৰুতৰ অভিযোগ মালিকৰ বিৰুদ্ধে। পূৰ্বেও এই হোমষ্টেৰ বিৰুদ্ধে অনুৰূপ অভিযোগ উত্থাপিত হৈছিল। 

Also Read: আজি পহিলা মাঘ

অসমৰ অন্যতম পাহাৰীয়া জিলা ডিমাহাছাওত এতিয়া পৰ্যটকৰ ভিৰ। প্ৰতিদিনেই পাহাৰীয়া জিলাখনলৈ বহু পৰ্যটক আহে প্ৰাকৃতিক সৌন্দৰ্য আৰু মনোমোহা দৃশ্য উপভোগ কৰাৰ বাবে। ডিমাহাছাও এতিয়া অসমৰ এক আকৰ্ষণীয় পৰ্যটন কেন্দ্ৰস্থল হিচাপে গঢ়ি উঠিছে। যাৰ ফলত অসমৰ এই অন্যতম পাহাৰীয়া জিলাৰ অৰ্থনৈতিক দিশ উন্নত হৈছে। নিবনুৱাসকলৰ বাবে ৰোজগাৰৰ পথ মুকলি হৈছে। 

Advertisment
Advertisment