Assameseভূমি কেন্দ্ৰিক সংঘাতক লৈ ৰাজ্যত ভয়ংকৰ মাৰপিটৰ ঘটনাৰাজ্যত ভয়ংকৰ মাৰপিটৰ ঘটনা। ভূমি কেন্দ্ৰিক সংঘাতক লৈ গোলকগঞ্জৰ বালাজান ডুমৰদহত দুই ফৈদৰ মাজত প্ৰচণ্ড সংঘাত। ভয়ংকৰ ঘটনাত কেইবাজনো আহত, ঘৰ জলাই দিয়াৰো অভিযোগ। Mrinmoy Talukdar Dec 09, 2025 21:54 ISTFilephotoভূমি কেন্দ্ৰিক সংঘাতক লৈ ৰাজ্যত ভয়ংকৰ মাৰপিটৰ ঘটনাৰাজ্যত ভয়ংকৰ মাৰপিটৰ ঘটনা। ভূমি কেন্দ্ৰিক সংঘাতক লৈ গোলকগঞ্জৰ বালাজান ডুমৰদহত দুই ফৈদৰ মাজত প্ৰচণ্ড সংঘাত। ভয়ংকৰ ঘটনাত কেইবাজনো আহত, ঘৰ জলাই দিয়াৰো অভিযোগ। AdvertismentRead More- কংগ্ৰেছৰ মিঞা সদস্যই হিন্দুৰ নামত খুলিছে ফেচবুক একাউণ্ট, মুখ্যমন্ত্ৰীৰ সতৰ্কবাণীগোলকগঞ্জৰ বালাজান ডুমৰদহত দুই ফৈদৰ মাজত সংঘটিত হৈছে ভয়ংকৰ মাৰপিটৰ ঘটনা। মাটি-বাৰীৰ কাজিয়াক লৈ সৃষ্টি হোৱা ভয়ংকৰ মাৰপিটৰ ঘটনাত আহত হয় কেইবাজনো লোক। আহত লোক সকলক ইতিমধ্যে ভৰ্ত্তি কৰা হৈছে ধুবুৰী মেডিকেল কলেজত। Read More- বিজেপিৰ কাৰ্যালয় নাভাঙে, ভাঙে সংখ্যালঘু প্ৰতিষ্ঠান!উল্লেখ্য যে বিগত তিনি বছৰ ধৰি- মাটি বাৰীক লৈ দুই ফৈদৰ চলি আছিল কাজিয়া। এই কাজিয়াই আজি মাৰপিটৰ দৰে ভয়ংকৰ ঘটনাৰ ৰূপ লয়। তাৰ পাছতেই দুই ফৈদৰ মাজত দেখিবলৈ পোৱা ষায় প্ৰচণ্ড আক্ৰমণ-প্ৰত্যাক্ৰমণ। দুই ফৈদৰ প্ৰচণ্ড আক্ৰমণ-প্ৰত্যাক্ৰমণ গুৰুতৰভাৱে আহত হৈছে কেইবাজনো লোক। তাৰ পাছতেই ঘটনাস্থলীত উপস্থিত হয় বালাজান আৰক্ষী। বালাজান আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰন কৰিবলৈ সক্ষম হৈছে. ইয়াৰ লগতে সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে বালাজান আৰক্ষীয়ে।Read More- অখিল গগৈ হিৰো, মই অখিল গগৈৰ 'Big Fan'- মুখ্যমন্ত্ৰীভয়ংকৰ ঘটনাৰ মাজতে জয়নাল হক নামৰ এজনৰ ঘৰত অগ্নিসংযোগ কৰাৰো অভিযোগ উত্থাপন হৈছে। তাৰ পাছতেই ঘটনাস্থলীত উপস্থিত হয় অগ্ননিৰ্বাপক বাহিনী। অগ্ননিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়। Read More- প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ আন এক সন্মানউল্লেখ্য যে জয়নাল হক নামৰ লোকজনে আনটো ফৈদৰ বিৰুদ্ধে খেতিপথাৰ বলপূৰ্বক ভাৱে দখল কৰি মাৰপিট কৰাৰ অভিযোগ উত্থাপন কৰিছে।AdvertismentAdvertisment Read the Next Article