Advertisment

কংগ্ৰেছৰ নেতৃত্বত বিৰোধীৰ নাও ডুবাটো নিশ্চিত- আজমল

'২৬ৰ নিৰ্বাচনত AIUDF অবিহনে কংগ্ৰেছ শাসনলৈ আহিব নোৱাৰে'। 'আমাৰ অবিহনে কংগ্ৰেছে চৰকাৰ গঠন কৰিব নোৱাৰে, এই কথা লিখি লওক'। 'কংগ্ৰেছে AIUDF অবিহনে কেনেকৈ শাসনত আহিম বুলি ভাবিছে?'- মন্তব্য AIUDF প্ৰধান মৌলানা বদৰুদ্দিন আজমলৰ।

 File Photo
File Photo

কংগ্ৰেছৰ নেতৃত্বত বিৰোধীৰ নাও ডুবাটো নিশ্চিত- আজমল


'২৬ৰ নিৰ্বাচনত AIUDF অবিহনে কংগ্ৰেছ শাসনলৈ আহিব নোৱাৰে'। 'আমাৰ অবিহনে কংগ্ৰেছে চৰকাৰ গঠন কৰিব নোৱাৰে, এই কথা লিখি লওক'। 'কংগ্ৰেছে AIUDF অবিহনে কেনেকৈ শাসনত আহিম বুলি ভাবিছে?'- মন্তব্য AIUDF প্ৰধান মৌলানা বদৰুদ্দিন আজমলৰ।

Advertisment

Read More- SRৰ টাৰ্গেট এতিয়া খিলঞ্জীয়া মুছলমান, দল সংগঠনৰ উত্তাল প্ৰতিবাদ

সমাগত বিধানসভা নিৰ্বাচন। কঁকালত টঙালি বান্ধি শাসক-বিৰোধী সকলো সাজু হৈছে। ইতিমধ্যে শাসক পক্ষৰ সমানেই বিৰোধী ঐক্যও প্ৰায় সাজু হৈছে আসন বুজাবুজিৰ বাবে। কিন্তু কংগ্ৰেছ দলে ইতিমধ্যেই  AIUDF দলৰ লগত কোনোধৰণৰ মিত্ৰতা নহয় বুলি স্পষ্টভাৱে মন্তব্য কৰিছে। কিন্তু কংগ্ৰেছে বাৰাম্বাৰ AIUDFৰ মিত্ৰতাৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰাৰ পাছতো মিত্ৰতাৰ আশা এৰি দিয়া নাই AIUDFৰ মুৰব্বী বদৰুদ্দিন আজমলে। আজি পুনৰ AIUDF-কংগ্ৰেছৰ মিত্ৰতাক লৈ মন্তব্য কৰিছে আজমলে। 

Read More- সাম্প্ৰদায়িক ৰাজনীতিয়ে কাম নিদিলে। সেয়ে এতিয়া ভোট চুৰি, সৰৱ লুৰীণজ্যোতি

আজমলৰ মন্তব্য, '২৬ৰ নিৰ্বাচনত AIUDF অবিহনে কংগ্ৰেছ শাসনলৈ আহিব নোৱাৰে ।  আমাৰ অবিহনে কংগ্ৰেছে চৰকাৰ গঠন কৰিবি নোৱাৰে, এই কথা লিখি লওক । কংগ্ৰেছে AIUDF অবিহনে কেনেকৈ শাসনত আহিম বুলি ভাবিছে? যদি কংগ্ৰেছে '৩১ত চৰকাৰ গঠন কৰিম বুলি ভাবিছে তেতিয়া আমাৰ কবলগীয়া একো নাই। 

Read More- ভোটাৰ তালিকাৰ পৰা কিমান মিঞাৰ নাম কৰ্তন হ’‍ব ? মুখ্যমন্ত্ৰীয়ে দিলে হিচাপ

লগতে ৰাজ্যৰ বিৰোধী ঐক্যৰ মিত্ৰতাক লৈ বিস্ফোৰক মন্তব্য বদৰুদ্দিন আজমলৰ। মিত্ৰতাক লৈ আজমলে ক'লে- কংগ্ৰেছ নপুংসক দল! মিত্ৰতাত থকা অখিল গগৈ এফালে, গৌৰৱ গগৈ আনফালে আৰু লুৰীণজ্যোতি গগৈ বেলেগফালে। গতিকে  কংগ্ৰেছৰ নেতৃত্বত বিৰোধীৰ নাও ডুবাটো নিশ্চিত। এইবাৰ বিজেপিক কেৱল প্ৰত্যাহ্বান জনাব AIUDFএ। কাৰণ '২৬ৰ নিৰ্বাচনত AIUDFএ কংগ্ৰেছতকৈ অধিক আসন লাভ কৰিব।

Advertisment
Advertisment