Assameseসাম্প্ৰদায়িক ৰাজনীতিয়ে কাম নিদিলে। সেয়ে এতিয়া ভোট চুৰি, সৰৱ লুৰীণজ্যোতিভোট চুৰি হৈছে হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনত জয়ী হোৱাৰ একমাত্ৰ কৌশল। নাগৰিকৰ গণতান্ত্ৰিক আধিকাৰ চুৰিৰ বাবে বিজেপি চৰকাৰ উঠি-পৰি লাগিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বদৰুদ্দিন আজমলক লৈ সৰৱ লুৰীণজ্যোতি গগৈ।Mrinmoy Talukdar Jan 28, 2026 14:00 ISTFile Photoসাম্প্ৰদায়িক ৰাজনীতিয়ে কাম নিদিলে। সেয়ে এতিয়া ভোট চুৰি, সৰৱ লুৰীণজ্যোতিAdvertismentনাগৰিকৰ গণতান্ত্ৰিক আধিকাৰ চুৰিৰ বাবে বিজেপি চৰকাৰ উঠি-পৰি লাগিছে। হিমন্ত বিশ্ব শৰ্মাই অসমত অকলে সাম্প্ৰদায়িক পৰিৱেশ সৃষ্টি কৰিব পৰা নাই। সাম্প্ৰদায়িক পৰিৱেশ সৃষ্টি কৰিও মুখ্যমন্ত্ৰীৰ জয়ী হ'ম বুলি আত্মবিশ্বাস নাই। সেইবাবে প্ৰথমে বদৰুদ্দিন আজমল আৰু এতিয়া ভোট চুৰি কৰিবলৈ লাগি গৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বদৰুদ্দিন আজমলক লৈ সৰৱ লুৰীণজ্যোতি গগৈ।Read More- ভোটাৰ তালিকাৰ পৰা কিমান মিঞাৰ নাম কৰ্তন হ’ব ? মুখ্যমন্ত্ৰীয়ে দিলে হিচাপমুখ্যমন্ত্ৰী বিশ্ব শৰ্মা আৰু বদৰুদ্দিন আজমলৰ সম্পৰ্কক লৈ প্ৰতিক্ৰিয়া AJPৰ সভাপতি লুৰীণজ্যোতি গগৈৰ। লুৰীণজ্যোতি গগৈৰ মন্তব্য, 'ভোট চুৰি হৈছে হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনত জয়ী হোৱাৰ একমাত্ৰ কৌশল। বাহিৰৰ পৰা লাখ-লাখ মানুহ আনি ভোটাৰ তালিকাত নাম ভৰাই দিয়াৰ বিপৰীতে বিজেপিক ভোট নিদিয়ে বুলি ভবা হাজাৰ-হাজাৰ থলুৱা মানুহৰ নাম কৰ্তন কৰিব এইখন চৰকাৰে'। Read More- প্ৰকৃত আঞ্চলিকতাবাদী আমি। লুৰিণে মিঞাৰ লগত কম্প্ৰমাইজ কৰিছে- মুখ্যমন্ত্ৰীলগতে লুৰীণজ্যোতি গগৈয়ে কয় যে, 'হিমন্ত বিশ্ব শৰ্মাৰ শ্ৰুতলিপি মতে সাম্প্ৰদায়িক কথা কয় বদৰুদ্দিন আজমলে। সকলোৱে এই কথা জানে যে আগদিনা হিমন্ত বিশ্ব শৰ্মাৰ সৈতে কথা পাতি পিছদিনা আজমলে সাম্প্ৰদায়িক কথা কয়। বদৰুদ্দিন আজমলে হিমন্ত বিশ্ব শৰ্মা আৰু দিল্লীৰ বিজেপি চৰকাৰৰ সহযোগিতা নহ'লে কেনেকৈ ব্যৱসায় কৰিব পাৰে? আজমলৰ ব্যৱসায়ৰ লাভৰ অংশ হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰলৈ যায়। যাৰ বাবে ব্যৱসায় কৰি থাকিবলৈ গ্ৰীন ছিগনেল পাইছে আজমলে'। Read More- SRৰ নামত ভয়ংকৰ কাণ্ড! মণ্ডল বিজেপিৰ সভাপতিৰ বিৰুদ্ধে ক্ষোভ'হিমন্ত বিশ্ব শৰ্মাই অসমত অকলে সাম্প্ৰদায়িক পৰিৱেশ সৃষ্টি কৰিব নোৱাৰে। সাম্প্ৰদায়িক পৰিৱেশ সৃষ্টি কৰিও নিৰ্বাচনত জয়ী হম বুলি আশ্বস্ত নহয় মুখ্যমন্ত্ৰী। সেয়ে এতিয়া আজমলক ব্যৱহাৰ কৰিছে হিমন্ত বিশ্ব শৰ্মাই। সেয়ে এতিয়া ভোট চুৰি কৰিবলৈ উঠি পৰি লাগিছে মুখ্যমন্ত্ৰী। যেনে তেনে ভোট চুৰি কৰি হ'লেও নিৰ্বাচনত জয়ী হ'ব বিচাৰিছে হিমন্ত বিশ্ব শৰ্মাই'।AdvertismentAdvertisment Read the Next Article