AssameseSRৰ নামত ভয়ংকৰ কাণ্ড! মণ্ডল বিজেপিৰ সভাপতিৰ বিৰুদ্ধে ক্ষোভSRক লৈ পুনৰ সৃষ্টি হৈছে বিতৰ্কৰ। SR প্ৰক্ৰিয়াৰ জৰিয়তে এইবাৰ জীৱিত ব্যক্তিক মৃত সজোৱাৰ অভিযোগ। কঁচুগাঁও মণ্ডল বিজেপিৰ সভাপতি ৰমাকান্ত ব্ৰহ্মৰ বিৰুদ্ধে গাঁৱখনৰ ১৪২ বাসিন্দাৰ নাম কৰ্তন কৰাৰ গুৰুতৰ অভিযোগ। ঘটনাক লৈ মান্দাৰপাৰা গাঁৱত তীব্ৰ প্ৰতিক্ৰিয়া। Mrinmoy Talukdar Jan 27, 2026 13:49 ISTFile PhotoSRৰ নামত ভয়ংকৰ কাণ্ড! মণ্ডল বিজেপিৰ সভাপতিৰ বিৰুদ্ধে ক্ষোভSRক লৈ পুনৰ সৃষ্টি হৈছে বিতৰ্কৰ। SR প্ৰক্ৰিয়াৰ জৰিয়তে এইবাৰ জীৱিত ব্যক্তিক মৃত সজোৱাৰ অভিযোগ। কঁচুগাঁও মণ্ডল বিজেপিৰ সভাপতি ৰমাকান্ত ব্ৰহ্মৰ বিৰুদ্ধে গাঁৱখনৰ ১৪২ বাসিন্দাৰ নাম কৰ্তন কৰাৰ গুৰুতৰ অভিযোগ। ঘটনাক লৈ মান্দাৰপাৰা গাঁৱত তীব্ৰ প্ৰতিক্ৰিয়া। AdvertismentRead More- প্ৰকৃত আঞ্চলিকতাবাদী আমি। লুৰিণে মিঞাৰ লগত কম্প্ৰমাইজ কৰিছে- মুখ্যমন্ত্ৰীSR প্ৰক্ৰিয়াক লৈ সমগ্ৰ ৰাজ্যজুৰি অব্যাহত আছে বিতৰ্ক। বিতৰ্কৰ মাজতেই ৰাজ্যত চলি থকা SR প্ৰক্ৰিয়াক লৈ এইবাৰ গোসাঁইগাঁও মহকুমাৰ অন্তৰ্গত মান্দাৰপাৰা গাঁৱত ১৪২ গৰাকী লোকৰ নাম তালিকাৰ পৰা কৰ্তন হোৱা বুলি গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। এই ঘটনাক কেন্দ্ৰ কৰি গাঁওখনত এতিয়া ব্যাপক প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈছে। গাঁওবাসীৰ অভিযোগ মতে মান্দাৰপাৰা গাওঁত যুগ যুগ ধৰি বসবাস কৰি অহা বহু লোকক অযুক্তিকৰভাৱে মৃত অথবা আন স্থানলৈ স্থানান্তৰিত হোৱা বুলি দেখুৱাই SR তালিকাৰ পৰা নাম বাদ দিয়া হৈছে।Read More- নেতাৰ পাছে পাছে ঘূৰি দালালী কৰাটো বাদ দি IAS-IPS হোৱাৰ সংকল্প লওকইপিনে যিগৰাকী BLA তথা মহিলাই উক্ত ১৪২ গৰাকী লোকৰ ফৰ্মত চহী কৰিছিল তেওঁ সংবাদমাধ্যমৰ আগত জনোৱা মতে, কচুগাওঁ মণ্ডল বিজেপিৰ সভাপতি ৰমাকান্ত ব্ৰহ্মই তেখেতৰ পৰা উক্ত ফৰ্ম কেইখনত চহী লৈছিল। মহিলা গৰাকীয়ে ফৰ্মখনত কি আছে সেয়া গম পোৱা নাছিল বুলি সদৰি কৰে। আনহাতে স্থানীয় লোকসকলে এই সন্দৰ্ভত ন্যায়সংগত তদন্তৰ দাবী জনাইছে আৰু সংশ্লিষ্ট বিভাগক তৎকালীনভাৱে বিষয়টো স্পষ্ট কৰিবলৈ আহ্বান জনাইছে।Read More- মহাকাশত গৈ উজলিব মিঞা মুছলমান! মুখ্যমন্ত্ৰীলৈ বাৰ্তা আজমলৰAdvertismentAdvertisment Read the Next Article