Assameseপ্ৰকৃত আঞ্চলিকতাবাদী আমি। লুৰিণে মিঞাৰ লগত কম্প্ৰমাইজ কৰিছে- মুখ্যমন্ত্ৰীলুৰীণজ্যোতি গগৈৰ আঞ্চলিকতাবাদ হৈছে মিঞাৰ লগত কম্প্ৰমাইজ কৰা আঞ্চলিকতাবাদ। বৰপেটাত বেদখলকাৰীক উচ্ছেদ কৰিলেও লুৰীণজ্যোতি গগৈৰ দৰে নেতাই কান্দে। লুৰীণজ্যোতিয়ে মনত ৰখা উচিত যে ৮৫৫ জন শ্বহীদে মিয়াক ৰক্ষা কৰিবলৈ মৃত্যুবৰণ কৰা নাছিল।Mrinmoy Talukdar Jan 26, 2026 19:40 ISTFile Photoপ্ৰকৃত আঞ্চলিকতাবাদী আমি। লুৰিণে মিঞাৰ লগত কম্প্ৰমাইজ কৰিছে- মুখ্যমন্ত্ৰীAdvertismentআজি ৭৭ সংখ্যক গণৰাজ্য দিৱস। ডিব্ৰুগড়ত গণৰাজ্য দিৱসৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ডিব্ৰুগড়ৰ খনিকৰ খেলপথাৰত দ্বিতীয়বাৰৰ বাবে গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰে মুখ্যমন্ত্ৰীয়ে। তাৰ পাছতেই ৰাজ্যৰ বিৰোধী দলৰ নেতা সকলকো টাৰ্গেট কৰি লয় হিমন্ত বিশ্ব শৰ্মাই।Read More- নেতাৰ পাছে পাছে ঘূৰি দালালী কৰাটো বাদ দি IAS-IPS হোৱাৰ সংকল্প লওকৰাজ্যৰ বিৰোধী শিবিৰত টাৰ্গেট কৰি মুখ্যমন্ত্ৰীয়ে কয়, গণৰাজ্য দিৱসত মই যিধৰণে বাংলাদেশী মুছলমানৰ কথা কৈছো, মিঞাৰ কথা কৈছো আগতে কোনোবা মুখ্যমন্ত্ৰীয়ে কব পাৰিছিল নেকি? বৰ্তমান অসমত ৬৩ লাখ বিঘা মাটি বাংলাদেশীৰ কৱলত আছে। ভোটবেংক বিভাজন হ'ব বুলি বহুতে এই তথ্যবোৰ দিবলৈয়েই ভয় কৰে। কিন্তু আমি ভোট বেংকক ভয় নকৰো। ইতিমধ্যেই আমি ডেৰ লাখ বিঘা মাটি বেদখলকাৰীৰ কৱলৰ পৰা মুক্ত কৰিছো। Read More- মহাকাশত গৈ উজলিব মিঞা মুছলমান! মুখ্যমন্ত্ৰীলৈ বাৰ্তা আজমলৰলগতে মুখ্যমন্ত্ৰীয়ে কয়, আঞ্চলিকতাবাদ মানে কি? আঞ্চলিকতাবাদ মানেইটো অসমখন বিদেশীৰ পৰা মুক্ত কৰা। অসমৰ সম্পদসমূহ অসমীয়াৰ বাবে ব্যৱহাৰ কৰা, বিশ্বৰ বুকুত লাচিত বৰফুকনক প্ৰতিষ্ঠা কৰা, এইবোৰেইটো আঞ্চলিকতাবাদ। ইয়াৰ বাহিৰে বেলেগকৈ আঞ্চলিকতাবাদ আৰু কি হ'ব পাৰে বুলি প্ৰশ্ন মুখ্যমন্ত্ৰীৰ।Read More- মই কেতিয়াও ভবা নাছিলো, মই এনে এখন অসমৰ...। মুখ্যমন্ত্ৰীৰ উদাত্ত ভাষণলগতে অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈক টাৰ্গেট কৰি মুখ্যমন্ত্ৰীয়ে কয়, লুৰীণজ্যোতি গগৈৰ আঞ্চলিকতাবাদ হৈছে মিঞাৰ লগত কম্প্ৰমাইজ কৰা আঞ্চলিকতাবাদ। বৰপেটাত বেদখলকাৰীক উচ্ছেদ কৰিলেও লুৰীণজ্যোতি গগৈৰ দৰে নেতাই কান্দে। ৮৫৫ জন শ্বহীদে কি কাৰণত মৃত্যুক আঁকোৱালি ললে সেয়া মনত ৰখাটোহে আঞ্চলিকতাবাদ। লুৰীণজ্যোতি গগৈৰ দৰে নেতাই মনত ৰখা উচিত যে ৮৫৫ জন শ্বহীদে মিয়াক ৰক্ষা কৰিবলৈ মৃত্যুবৰণ কৰা নাছিল। গতিকে আমি হে প্ৰকৃত আঞ্চলিকতাবাদী। মিঞাৰ আগে পাছে ঘূৰাবোৰ আঞ্চলিকতাবাদী নহয়। AdvertismentAdvertisment Read the Next Article