Assameseকান্দি লাভ নাই, নাগৰিকত্বৰ প্ৰমাণ দিয়ক! কঠোৰ মুখ্যমন্ত্ৰী'বাংলাদেশৰ পৰা অহা মানুহে অসমত কেনেকৈ কাম কৰিব পাৰে? আইন মতে গ'লে মিঞাই অসমত ৰিক্সা চলাবই নোৱাৰে। SRৰ ন’টিছ যদি গৈছে, ভাৰতীয় বুলি প্ৰমাণ কৰিলেই হ’ল। নাগৰিকত্বৰ প্ৰমাণ নকৰি ইয়াত কান্দিবলগীয়া কি আছে’। মিঞা ৰিক্সা চালকক লৈ মুখ্যমন্ত্ৰীৰ বিস্ফোৰণ।Mrinmoy Talukdar Feb 01, 2026 19:46 ISTFile Photoকান্দি লাভ নাই, নাগৰিকত্বৰ প্ৰমাণ দিয়ক! কঠোৰ মুখ্যমন্ত্ৰী 'বাংলাদেশৰ পৰা অহা মানুহে অসমত কেনেকৈ কাম কৰিব পাৰে? আইন মতে গ'লে মিঞাই অসমত ৰিক্সা চলাবই নোৱাৰে। SRৰ ন’টিছ যদি গৈছে, ভাৰতীয় বুলি প্ৰমাণ কৰিলেই হ’ল। নাগৰিকত্বৰ প্ৰমাণ নকৰি ইয়াত কান্দিবলগীয়া কি আছে’। মিঞা ৰিক্সা চালকক লৈ মুখ্যমন্ত্ৰীৰ বিস্ফোৰণ।AdvertismentRead More- জালুকবাৰীৰ পৰা কেনেকৈ নিৰ্বাচনত জয়ী হয় হিমন্ত বিশ্ব শৰ্মা? কি ক'লে অখিল গগৈয়ে-পুনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখত মিঞা প্ৰসংগ। মিঞা প্ৰসংগৰে আজি পুনৰ সৰৱ হোৱা দেখিবলৈ পোৱা গ'ল মুখ্যমন্ত্ৰী গৰাকী। মিঞাৰ বিৰুদ্ধে কঠোৰ স্থিতি লৈ মুখ্যমন্ত্ৰীয়ে ক'লে- ৪–৫ টকা ৰিক্সা ভাৰাৰ বিপৰীতে এটকাও নাপাব মিঞাই। গোৱালপাৰাত মুখ্যমন্ত্ৰীৰ মন্তব্য– কংগ্ৰেছৰ দিনত চপাই লোৱা মিঞাৰ মুখত চিৰা–দৈৰ তেল লাগিছে। কষ্ট দিলেহে অসম এৰিব বাংলাদেশী মিঞাই। Read More- পাকিস্তানী সেনা, ISIৰ ঘাটিত ভয়ংকৰ আক্ৰমণ, বেলুচিস্তান হেৰুওৱাৰ দিশে পাকিস্তান!লগতে মুখ্যমন্ত্ৰীয়ে ক'লে- SR হ'ল এটা সাংবিধানিক প্ৰক্ৰিয়া। SRৰ জৰিয়তে আপোনালৈ জাননী আহিলেও আপুনি ভাৰতীয় নাগৰিক বুলি প্ৰমান কৰিলেই হ'লে, লেঠা শেষ। ইয়াত কান্দিবলগীয়া কি আছে। মোক যদি কোনোবাই জাননী পঠিয়াই তেনেহলে ময়ো যাম। লগতে মিঞা প্ৰসংগত সৰৱ হৈ মুখ্যমন্ত্ৰীয়ে ক'লে- মিঞা সকলে অসমত ৰিক্সা চলাব নোৱাৰে। আমি আইনৰ ওচৰলৈ গ'লে- আইনমতে তেওঁলোকে অসমত ৰিক্সা চলাবই নোৱাৰে। মই থকালৈকে অসমত মিঞাই শান্তিত থাকিব নোৱাৰে। মিঞাসকলে অলপ অলপকৈ কষ্ট পাই থাকিব লাগিবও বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে।Read More- অসমৰ পৰা মিঞা খেদিমেই! হাজাৰটা গৌৰৱ গগৈ, ৰাহুল গান্ধী আহিলেও মোক ৰখাব নোৱাৰেAdvertismentAdvertisment Read the Next Article