Advertisment

জালুকবাৰীৰ পৰা কেনেকৈ নিৰ্বাচনত জয়ী হয় হিমন্ত বিশ্ব শৰ্মা? কি ক'লে অখিল গগৈয়ে-

মুখ্যমন্ত্ৰী যদি ইমানেই খিলঞ্জীয়া, মুখ্যমন্ত্ৰীৰ যদি দম আছে তেনেহলে শিৱসাগৰত নিৰ্বাচন খেলক আৰু জিকি দেখুৱাওক। মুখ্যমন্ত্ৰী জালুকবাৰীৰ পৰা কেনেকৈ জিকে, তাৰ কাৰণ বৰ্ণনা কৰি অখিল গগৈয়ে ক’লে- 'অসমৰ আটাইতকৈ খিলঞ্জীয়া সমষ্টিটোৰ পৰাই মই নিৰ্বাচন পুনৰ খেলিম আৰু জিকিম'।

 File Photo
File Photo

জালুকবাৰীৰ পৰা কেনেকৈ নিৰ্বাচনত জয়ী হয় হিমন্ত বিশ্ব শৰ্মা? কি ক'লে অখিল গগৈয়ে-

Advertisment

মুখ্যমন্ত্ৰী যদি ইমানেই খিলঞ্জীয়া, মুখ্যমন্ত্ৰীৰ যদি দম আছে তেনেহলে শিৱসাগৰত নিৰ্বাচন খেলক আৰু জিকি দেখুৱাওক। মুখ্যমন্ত্ৰী জালুকবাৰীৰ পৰা কেনেকৈ জিকে, তাৰ কাৰণ বৰ্ণনা কৰি অখিল গগৈয়ে ক’লে- 'অসমৰ আটাইতকৈ খিলঞ্জীয়া সমষ্টিটোৰ পৰাই মই নিৰ্বাচন পুনৰ খেলিম আৰু জিকিম'।

Read More- মিঞাৰ ৰেচন কাৰ্ড, MBBS ডিগ্রী বাতিল কৰক, মিঞা খেদিবলৈ ACTION PLAN হিন্দুত্ববাদী নেতাৰ

মাজত আৰু কেইটামান দিন। সমাগত ৰাজ্যৰ বিধানসভা নিৰ্বাচন। নিৰ্বাচনৰ দিন যিমানেই ওচৰ চাপিছে সিমানেই বৃদ্ধি পাইছে আক্ৰমণৰ-প্ৰত্যাক্ৰমণৰ ৰাজনীতি। আজিৰ দিনটোত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব পুনৰ প্ৰত্যাহ্বান জনাই অখিল গগৈয়ে ক'লে- 'দম আছে যদি শিৱসাগৰত নিৰ্বাচন খেলক'।

Read More- ব্যৰ্থ কোন, দায়ী কোন? ২৮ হাজাৰ ছাত্ৰ-ছাত্ৰীয়ে এৰিলে কলেজ...

অখিল গগৈৰ এই প্ৰত্যাহ্বান নতুন নহয়। ইয়াৰ পূৰ্বেও অখিল গগৈয়ে হিমন্ত বিশ্ব শৰ্মাক শিৱসাগৰৰ পৰা অখিল গগৈৰ বিৰুদ্ধে নিৰ্বাচন খেলিবলৈ প্ৰত্যাহ্বান জনাইছিল। মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাই অখিল গগৈয়ে কৈছিল- 'উজনিত হিমন্ত বিশ্ব শৰ্মা ৰজা নহয়, উজনিত মই অখিল গগৈ আছো। মই মুখ্যমন্ত্ৰীক এইবাৰ শিৱসাগৰৰ পৰা নিৰ্বাচন খেলিবলৈ আমন্ত্ৰণ জনাইছো। মই ধেমালি কৰা নাই, হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচন খেলিব আহিলে শিৱসাগৰত মই থিয়ই থিয়ই হৰুৱাই দিম'।

Read More- ভোটাৰ তালিকাৰ পৰা কিমান মিঞাৰ নাম কৰ্তন হ’‍ব ? মুখ্যমন্ত্ৰীয়ে দিলে হিচাপ

তাৰ পাছতেই অখিল গগৈক প্ৰত্যুত্তৰ দি মুখ্যমন্ত্ৰীয়ে কৈছিল- 'শিৱসাগৰত নিৰ্বাচন খেলাৰ পূৰ্বে মই তাত গৈ কাম কৰিব লাগিব। মইটো যোৱা ৫ বছৰত শিৱসাগৰত কোনো কাম কৰা নাই। আকৌ শিৱসাগৰৰ পৰা নিৰ্বাচন খেলি জয়ী হ'লে মই গৈ তাত থাকিব লাগিব। নহ'লে মই ৰাইজক ঠগোৱা হ'ব। কিন্তু মইটো গুৱাহাটীত থাকিম। এতিয়াও মই সমষ্টিতো ভালকৈ চিনি নাপাও, জয়ী হোৱাৰ পাছতো যাব নোৱাৰিম। শিৱসাগৰত অখিল গগৈক হৰুৱাবলৈ বিজেপিৰ কেইবাজনো কাৰ্যকৰ্তা আছে। মই তাত গৈ নিৰ্বাচন খেলিলে তেওঁলোকে কি ভাবিব'।

Read More- ICCৰ ধমকত সুৰ সলালে পাকিস্তানে! ডুবিল বাংলাদেশ ক্ৰিকেট

মুখ্যমন্ত্ৰীৰ এই প্ৰত্যুত্তৰৰ পাছতেই আজি পুনৰ মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান অখিল গগৈৰ। হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনাই আজি পুনৰ অখিল গগৈয়ে ক'লে- 'বাহিৰৰ মানুহৰ ভোট গোটাই জালুকবাৰীত নিৰ্বাচন জিকে হিমন্ত বিশ্ব শৰ্মাই। কিন্তু মই অসমৰ আটাইতকৈ খিলঞ্জীয়া সমষ্টিটোৰ পৰাই নিৰ্বাচনত জয়ী হওঁ। গতিকে মুখ্যমন্ত্ৰী যদি ইমানেই খিলঞ্জীয়া, যদি দম আছে তেনেহলে শিৱসাগৰলৈ আহি মোৰ বিৰুদ্ধে নিৰ্বাচন খেলি দেখুৱাওক। আপোনাৰ হৰুওৱাৰ দায়িত্ব মোৰ'। 

Read More- SRৰ নামত ভয়ংকৰ কাণ্ড! মণ্ডল বিজেপিৰ সভাপতিৰ বিৰুদ্ধে ক্ষোভ

লগতে অখিল গগৈয়ে ক'লে- 'মই অসমৰ ১০০ শতাংশই খিলঞ্জীয়া থকা সমষ্টিটোৰ পৰা নিৰ্বাচন খেলিম আৰু জয়ীও হম। গতিকে মুখ্যমন্ত্ৰী যদি ইমানেই খিলঞ্জীয়া শিৱসাগৰ সমষ্টিলৈ আহি নিৰ্বাচন খেলক। এইদৰে মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাই অখিল গগৈয়ে ক'লে- আপোনালোকে ভুল বাৰ্তা নিদিব। মই শিৱসাগৰৰ পৰাই নিৰ্বাচন খেলিম আৰু শিৱসাগৰৰ পৰাই জয়ীও হম'।

Advertisment
Advertisment