AssameseICCৰ ধমকত সুৰ সলালে পাকিস্তানে! ডুবিল বাংলাদেশ ক্ৰিকেটঅৱশেষত হাইঠা মাটিত পৰিল। ICCৰ ধমকৰ পাছতেই সুৰ সলনি হ'ল পাকিস্তানৰ। বিশ্বকাপ বৰ্জনৰ হুংকাৰ দিয়া পাকিস্তানে এতিয়া ঘোষণা কৰিলে বিশ্বকাপৰ বাবে পাকিস্তান দল। কিন্তু পাকিস্তানক বিশ্বাস কৰি ডুবিল বাংলাদেশ ক্ৰিকেট।Mrinmoy Talukdar Jan 27, 2026 14:20 ISTFile PhotoICCৰ ধমকত সুৰ সলালে পাকিস্তানে! ডুবিল বাংলাদেশ ক্ৰিকেটঅৱশেষত হাইঠা মাটিত পৰিল। ICCৰ ধমকৰ পাছতেই সুৰ সলনি হ'ল পাকিস্তানৰ। বিশ্বকাপ বৰ্জনৰ হুংকাৰ দিয়া পাকিস্তানে এতিয়া ঘোষণা কৰিলে বিশ্বকাপৰ বাবে পাকিস্তান দল। কিন্তু পাকিস্তানক বিশ্বাস কৰি ডুবিল বাংলাদেশ ক্ৰিকেট।AdvertismentRead More- বাংলাদেশৰ বিৰুদ্ধে পুনৰ কঠোৰ ICC!৭ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব টি-২০ বিশ্বকাপ। মেগা ইভেণ্টখনলৈ প্ৰায় সকলো দল সাজু হৈছে। ভাৰত আৰু শ্ৰীলংকাই যৌথভাৱে আয়োজন কৰা এই বিশ্বকাপত সুৰক্ষাজনিত কাৰণত বাংলাদেশ ক্ৰিকেট বৰ্ডে নিজৰ খেলসমূহ ভাৰতৰ পৰিৱৰ্তে অন্য স্থানলৈ স্থানান্তৰ কৰিবলৈ iccক অনুৰোধ জনাইছিল যদিও iccয়ে বাংলাদেশ ক্ৰিকেট বৰ্ডৰ এই অনুৰোধ নস্যাত কৰে। iccএ অনুৰোধ প্ৰত্যাখ্যান কৰাৰ পাছতেই বাংলাদেশে বিশ্বকাপ বৰ্জন কৰাৰ হুংকাৰ দিছিল। তাৰ পাছতেই iccয়ে বাংলাদেশক টি-২০ বিশ্বকাপৰ পৰা বহিষ্কাৰ কৰে। বাংলাদেশক বহিষ্কাৰ কৰি বাংলাদেশৰ পৰিৱৰ্তে স্কটলেণ্ড দলক টি-২০ বিশ্বকাপত অন্তৰ্ভুক্ত কৰে iccয়ে। উল্লেখ্য যে বাংলাদেশত এই সকলোবোৰ কাৰ্যত উচতনি দিয়া দলটো আছিল পাকিস্তান। অৰ্থাত পাকিস্তানে বাংলাদেশক গছত উঠাই গুৰিত কাটিলে। Read More- বিকল্পৰ সন্ধানত BCCI! ৱাশ্বিংটন সুন্দৰৰ বিকল্প হ'ব পাৰে ৰিয়ান পৰাগটি-২০ বিশ্বকাপৰ পৰা বাংলাদেশৰ বাহিৰ হোৱাৰ পাছতেই পাকিস্তান বিশ্বকাপৰ বাবে নিজৰ ১৫ জনীয়া দল ঘোষণা কৰিলে। প্ৰথম অৱস্থাত বাংলাদেশৰ কথাত শুৰ মিলাই পাকিস্তানেও বিশ্বকাপ নেখেলাৰ হংকাৰ দিছিল যদিও ICCৰ ধমকত এতিয়া সুৰ সলনি হ'ল পাকিস্তানৰ। পাকিস্তান ক্ৰিকেট ব’ৰ্ডক ICCয়ে ধমক দি কৈছিল যে, যদি পাকিস্তানে বিশ্বকাপ বয়কট কৰে তেনেহলে পাকিস্তান ক্ৰিকেট বৰ্ডে বিভিন্ন ধৰণৰ নিষেধাজ্ঞাৰ সন্মুখীন হ’ব লাগিব। তাৰ ভিতৰত- ১)পাকিস্তানৰ সৈতে দ্বিপাক্ষিক শৃংখলা নিষিদ্ধ কৰা হ’ব ২) এছিয়া কাপৰ পৰাও বাহিৰ কৰা হ’ব পাকিস্তান ৩)ICCয়ে পাকিস্তান ক্ৰিকেট ব’ৰ্ডক প্ৰদান কৰা ধন কৰ্তন কৰা হ'ব ৪) পি এছ এলৰ আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি প্ৰত্যাহাৰ কৰা হ’ব৫)পাকিস্তানক আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা বহিষ্কাৰ কৰা হ’বRead More- Gambhir Eraত টীম ইণ্ডিয়াৰ বিপৰ্যয়ICCৰ এই ধমকৰ পাছত এতিয়া সুৰ সলনি কৰিলে পাকিস্তানে। ICCয়ে বান্ধি দিয়া সময়সীমা অনুসৰিয়েই এতিয়া বিশ্বকাপৰ বাবে দল ঘোষণা কৰিলে পাকিস্তানে। অৰ্থাত পাকিস্তানৰ কথা শুনি বিপদত পৰিল বাংলাদেশ। সেয়ে কোৱা হয় শত্ৰুক বিশ্বাস কৰিলেও পাকিস্তানক বিশ্বাস কৰিব নালাগে।AdvertismentAdvertisment Read the Next Article