Assameseবিকল্পৰ সন্ধানত BCCI! ৱাশ্বিংটন সুন্দৰৰ বিকল্প হ'ব পাৰে ৰিয়ান পৰাগ টি-২০ বিশ্বকাপৰ পূৰ্বে আঘাতে সমস্যাৰ সৃষ্টি কৰিছে টীম ইণ্ডিয়াৰ ড্ৰেছিং ৰূমত। শেহতীয়া নিউজিলেণ্ডৰ বিৰুদ্ধে এদিনীয়া শৃংখলাত আঘাতপ্ৰাপ্ত হৈছিল ৱাশ্বিংটন সুন্দৰ। খবৰ অনুসৰি আঘাতপ্ৰাপ্ত ৱাশ্বিংটন সুন্দৰৰ স্থানত বিশ্বকাপৰ দলত অন্তৰ্ভুক্ত হ'ব পাৰে ৰিয়ান পৰাগ।Mrinmoy Talukdar Jan 26, 2026 19:36 ISTFile Photoবিকল্পৰ সন্ধানত BCCI! ৱাশ্বিংটন সুন্দৰৰ বিকল্প হ'ব পাৰে ৰিয়ান পৰাগ৭ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব টি-২০ বিশ্বকাপ। বিশ্বকাপৰ পূৰ্বে আঘাতে কিছু সমস্যাৰ সৃষ্টি কৰিছে টীম ইণ্ডিয়াৰ ড্ৰেছিং ৰূমত। শেহতীয়া নিউজিলেণ্ডৰ বিৰুদ্ধে এদিনীয়া শৃংখলাত আঘাতপ্ৰাপ্ত হৈছিল ৱাশ্বিংটন সুন্দৰ। খবৰ অনুসৰি আঘাতপ্ৰাপ্ত ৱাশ্বিংটন সুন্দৰৰ স্থানত বিশ্বকাপৰ দলত অন্তৰ্ভুক্ত হ'ব পাৰে ৰিয়ান পৰাগ।AdvertismentRead More- Gambhir Eraত টীম ইণ্ডিয়াৰ বিপৰ্যয়নিউজিলেণ্ডৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়াত আঘাতপ্ৰাপ্ত হৈছিল অলৰাউণ্ডাৰ ৱাশ্বিংটন সুন্দৰ। বদোদৰাত বলিং কৰি থকা অৱস্থাতে আঘাতপ্ৰাপ্ত হোৱা সুন্দৰে এদিনীয়া আৰু টি-২০ শৃংখলাৰ পৰা বাহিৰ হৈছিল। এতিয়া খবৰ অনুসৰি আঘাতৰ পৰা সম্পুৰ্ণৰূপে সুস্থ হৈ উঠিবলৈ ৱাশ্বিংটন সুন্দৰক প্ৰায় দুসপ্তাহৰ প্ৰয়োজন হ'ব। গতিকে নিৰ্ধাৰিত সময়ৰ ভিতৰত যদি ৱাশ্বিংটন সুন্দৰ সুস্থ হৈ নুঠে, তেনেহলে সুন্দৰৰ ঠাইত ভাৰতীয় দলত অন্তৰ্ভুক্ত হ'ব পাৰে অসম সন্তান ৰিয়ান পৰাগ।Read More- টীম ইণ্ডিয়াত উপেক্ষিত ৰুতুৰাজ গায়কোৱাড!৭ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব টি-২০ বিশ্বকাপ। গতিকে মেগা ইভেণ্টখনলৈ আৰু কেইটামান দিন। নিউজিলেণ্ডৰ বিৰুদ্ধে চলিত টি-২০ শৃংখলাটোত টীম ইণ্ডিয়াৰ প্ৰতিগৰাকী খেলুৱৈয়ে কৰিছে দুৰ্দান্ত প্ৰদৰ্শন। ইতিমধ্যে ৫খনীয়া মেচৰ টি-২০ শৃংখলাটোত ৩-০ত অগ্ৰগতি লাভ কৰিছে টীম ইণ্ডিয়াই। ভাৰতীয় দলৰ এই দমনীয় প্ৰদৰ্শনৰ মাজতো কিন্তু আঘাতে কিছু সমস্যাৰ সৃষ্টি কৰিছে মেনেজমেণ্টৰ বাবে। প্ৰথমে নিউজিলেণ্ডৰ বিৰুদ্ধে শৃংখলাৰ পৰা বাহিৰ হৈছিল ষ্টাৰ বেটাৰ তিলক বাৰ্মা। কিন্তু বিশ্বকাপৰ পূৰ্বে তিলক বাৰ্মা সুস্থ হৈ উঠিছে যদিও ৱাশ্বিংটন সুন্দৰ এতিয়ালৈকে সুস্থ হোৱা নাই। তেনে ক্ষেত্ৰত ৱাশ্বিংটন সুন্দৰৰ বিকল্পৰ সন্ধান কৰিছে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰন বৰ্ডে। আৰু ৱাশ্বিংটন সুন্দৰৰ বিকল্প হিচাপে নাম চৰ্চালৈ আহিছে ৰিয়ান পৰাগৰ। Read More- টি-২০ বিশ্বকাপৰ বাবে ঘোষণা ভাৰতীয় দলৰিয়ান পৰাগ বৰ্তমান বিচিচিআইৰ চেণ্টাৰ অৱ এক্সেলেন্স (চিঅ’ই)ত আছে। চৈয়দ মুস্তাক আলী ট্ৰফীৰ সময়তে কান্ধৰ আঘাতৰ বাবে ৰিয়ানে অস্ত্ৰোপচাৰ কৰিছিল যদিও এতিয়া আঘাতৰ পৰা সম্পূৰ্ণ সুস্থ হৈ উঠিছে অলৰাউণ্ডাৰগৰাকী। আনহাতে ৩১ জানুৱাৰীত ৰিয়ান পৰাগৰ ফিটনেছৰ ক্ষেত্ৰতো ফাইনেল ক্লিয়াৰেন্স লাভ কৰা যাব। Read More- জয়ৰ হেট্ৰিকেৰে বৰ্ষাপাৰাত শৃংখলা দখলৰ লক্ষ্য টীম ইণ্ডিয়াৰআনহাতে ৰিয়ান পৰাগ এতিয়া ভাৰতীয় মূল দলৰ অংশ নহয়। ইয়াৰ পৰিৱৰ্তে অলৰাউণ্ডাৰগৰাকীক বৰ্তমান ষ্টেণ্ডবাইত ৰখা হ'ব। কিন্তু ৱাশ্বিংটন সুন্দৰে বিশ্বকাপৰ পূৰ্বে ফিট হ’ব নোৱাৰিলে সুন্দৰৰ বিকল্প হিচাপে টীম ইণ্ডিয়াত অন্তৰ্ভুক্ত হ'ব ৰিয়ান পৰাগ।AdvertismentAdvertisment Read the Next Article