Assameseজয়ৰ হেট্ৰিকেৰে বৰ্ষাপাৰাত শৃংখলা দখলৰ লক্ষ্য টীম ইণ্ডিয়াৰগুৱাহাটীত আজি ভাৰত-নিউজিলেণ্ডৰ তৃতীয়খন টি-২০। বৰ্ষাপাৰাত অনুষ্ঠিত হ'বলগীয়া খেলখনত শৃংখলা জয়ৰ লক্ষ্যৰে অৱতীৰ্ণ হ'ব সূৰ্যকুমাৰ যাদৱ নেতৃত্বাধীন টীম ইণ্ডিয়া। আনহাতে পৰাজয়ৰ হেট্ৰিকৰ পৰা বাচিবলৈ কিৱি বাহিনীৰ সম্মুখত আজি মৰণপন যুঁজ।Mrinmoy Talukdar Jan 25, 2026 16:58 ISTFile Photoজয়ৰ হেট্ৰিকেৰে বৰ্ষাপাৰাত শৃংখলা দখলৰ লক্ষ্য টীম ইণ্ডিয়াৰগুৱাহাটীত আজি ভাৰত-নিউজিলেণ্ডৰ তৃতীয়খন টি-২০। বৰ্ষাপাৰাত অনুষ্ঠিত হ'বলগীয়া খেলখনত শৃংখলা জয়ৰ লক্ষ্যৰে অৱতীৰ্ণ হ'ব সূৰ্যকুমাৰ যাদৱ নেতৃত্বাধীন টীম ইণ্ডিয়া। আনহাতে পৰাজয়ৰ হেট্ৰিকৰ পৰা বাচিবলৈ কিৱি বাহিনীৰ সম্মুখত আজি মৰণপন যুঁজ।AdvertismentRead More- Gambhir Eraত টীম ইণ্ডিয়াৰ বিপৰ্যয়বৰ্ষাপাৰাত আজি ভাৰত-নিউজিলেণ্ডৰ হাই-ভল্টেজ মেচ। টি-২০ শৃংখলাৰ তৃতীয়খন মেচৰ বাবে সাজু সূৰ্যকুমাৰ যাদৱ নেতৃত্বাধীন টীম ইণ্ডিয়া আৰু কিৱি বাহিনী। ইতিমধ্যে ৫ খনীয়া মেচৰ টি-২০ শৃংখলাটোত ২-০ত আগবাঢ়ি আছে ভাৰতীয় দল।Read More- অনিশ্চয়তাত ষ্টাৰ ক্ৰিকেটাৰ তিলক বাৰ্মাৰ বিশ্বকাপ খেলাৰ সপোনউল্লেখ্য যে শৃংখলাৰ প্ৰথম দুখন খেল অনুষ্ঠিত হৈছিল নাগপুৰ আৰু ৰায়পুৰত। নাগপুৰত অনুষ্ঠিত খেলখনত টীম ইণ্ডিয়াই ৪৮ ৰানত জয়লাভ কৰাৰ বিপৰীতে ৰায়পুৰত ৭ উইকেটৰ বিশাল ব্যৱধানত জয়ী হৈছিল টীম ইণ্ডিয়া। দুয়োখন মেচতে দেখিবলৈ পোৱা গৈছিল টীম ইণ্ডিয়াৰ বেটাৰৰ দুৰ্দান্ত প্ৰদৰ্শন। Read More- কঠোৰ BCCI ! IPLত নিষিদ্ধ বাংলাদেশী ক্ৰিকেটাৰবৰ্ষাপাৰাৰ উইকেট যিহেতু বেটিং সহায়ত সেয়ে আজি এখন হাইস্কৰিং খেল হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। আনহাতে অনুৰাগী সকলেও আশা কৰিছে টীম ইণ্ডিয়াই আজিৰ খেলখনত জয়লাভ কৰি শৃংখলা দখল কৰাটো। আজিৰ খেলখনত অভিষেক শৰ্মা, সূৰ্যকুমাৰ যাদৱ আৰু ঈশান কিষাণৰ ওপৰত ক্ৰীড়াপ্ৰেমীৰ দৃষ্টি নিবদ্ধ থাকিব। আনহাতে প্ৰথম দুখন মেচত ব্যৰ্থ হোৱা সঞ্জু ছেমছনৰ বাবে এই খেলখন অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব। Read More- টি-২০ বিশ্বকাপৰ বাবে ঘোষণা ভাৰতীয় দলআজিৰ খেলখনৰ বাবে টীম ইণ্ডিয়াৰ সম্ভাৱিত একাদশ- অভিষেক শৰ্মা, সঞ্জু চেমছন, ঈশান কিষাণ, সূৰ্য্যকুমাৰ যাদৱ, হাৰ্দিক পাণ্ডিয়া, শিৱম ডুবে, ৰিংকু সিং, কুলদীপ যাদৱ, যশপ্ৰীত বুমৰাহ, অৰ্শ্বদীপ সিং আৰু বৰুণ চক্ৰৱৰ্তীAdvertismentAdvertisment Read the Next Article