Assameseবাংলাদেশৰ বিৰুদ্ধে পুনৰ কঠোৰ ICC! টি-২০ বিশ্বকাপক লৈ বিতৰ্ক অব্যাহত আছে। প্ৰথমে টি-২০ বিশ্বকাপৰ পৰা বাংলাদেশ ক্ৰিকেট দলক বাদ দিয়া আৰু এতিয়া ১০০ৰো অধিক বাংলাদেশী সাংবাদিকৰ স্বীকৃতিৰ আৱেদন নাকচ কৰি iccএ পুনৰ এক নতুন বিতৰ্কৰ সৃষ্টি কৰিছে।Mrinmoy Talukdar Jan 27, 2026 13:55 ISTFile Photoবাংলাদেশৰ বিৰুদ্ধে পুনৰ কঠোৰ ICC! ৭ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব টি-২০ বিশ্বকাপ। মেগা ইভেণ্টখনলৈ আৰু কেইটামান দিন বাকী থকা অৱস্থাতো কিন্তু বিশ্বকাপক লৈ অবিৰতভাৱে বিতৰ্ক অব্যাহত আছে। প্ৰথমে টি-২০ বিশ্বকাপৰ পৰা বাংলাদেশ ক্ৰিকেট দলক বাদ দিয়া আৰু এতিয়া ১০০ৰো অধিক বাংলাদেশী সাংবাদিকৰ স্বীকৃতিৰ আৱেদন নাকচ কৰি iccএ পুনৰ এক নতুন বিতৰ্কৰ সৃষ্টি কৰিছে।AdvertismentRead More- Gambhir Eraত টীম ইণ্ডিয়াৰ বিপৰ্যয়বাংলাদেশৰ আগশাৰীৰ কাকত ‘দ্য ডেইলী ষ্টাৰ’ত প্ৰকাশিত এক বাতৰি অনুসৰি বাংলাদেশ ক্ৰিকেট ব’ৰ্ডৰ মিডিয়া কমিটীৰ অধ্যক্ষ আমজাদ হোছেইনে এই কথা উল্লেখ কৰিছে। আমজাদ হোছেইনৰ মতে টি-২০ বিশ্বকাপৰ বাবে প্ৰায় ১৩০ৰ পৰা ১৫০জন বাংলাদেশী সাংবাদিকে আবেদন কৰিছিল যদিও সকলো বাংলাদেশী সাংবাদিকৰ আবেদন নাকচ কৰিছে iccয়ে।Read More- বিকল্পৰ সন্ধানত BCCI! ৱাশ্বিংটন সুন্দৰৰ বিকল্প হ'ব পাৰে ৰিয়ান পৰাগ‘দ্য ডেইলী ষ্টাৰ’ত প্ৰকাশিত প্ৰতিবেদনত দাবী কৰা হৈছে যে প্ৰথমে কিছুমান ফটো সাংবাদিকক iccয়ে অনুমোদন দিছিল যদিও পিছলৈ তেওঁলোকৰ স্বীকৃতিও iccয়ে বাতিল কৰিছে। বাংলাদেশৰ এগৰাকী সাংবাদিক কোৱা অনুসৰি ২০ জানুৱাৰীত তেওঁক iccৰ মিডিয়া বিভাগৰ পৰা অনুমোদন ইমেইল আৰু ভিছা সমৰ্থন পত্ৰ প্ৰেৰণ কৰা হৈছিল। কিন্তু কিছুদিন আগত আন এটা ইমেইল আহিল য’ত তেওঁৰ আবেদন নাকচ কৰা হৈছে। Read More- বিশ্বকাপ খেলিবলৈ ভাৰতলৈ নাহে বাংলাদেশ!iccৰ এই সিদ্ধান্তক লৈ বাংলাদেশৰ সাংবাদিক সমাজৰ ভিতৰত ক্ষোভৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। বাংলাদেশৰ জ্যেষ্ঠ সাংবাদিক আৰিফুৰ ৰহমান বাবুৱে কয় যে তেওঁকো এইবাৰ iccয়ে স্বীকৃতিৰ পৰা বঞ্চিত কৰিছে। কিন্তু এই বিষয়ক লৈ iccৰ মিডিয়া বিভাগে কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা নাই।AdvertismentAdvertisment Read the Next Article