Advertisment

ব্যৰ্থ কোন, দায়ী কোন? ২৮ হাজাৰ ছাত্ৰ-ছাত্ৰীয়ে এৰিলে কলেজ...

মহাবিদ্যালয় ত্যাগ কৰিছে হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰীয়ে। চৰকাৰৰ অভিলাসী আঁচনিয়েও ধৰি ৰাখিব পৰা নাই শিক্ষাৰ্থীক। ছমাহতে অন্তৰ্ধান হ’ল ২৮ হাজাৰ ছাত্ৰ-ছাত্ৰী। কাৰ ব্যৰ্থতাৰ প্ৰভাৱ এয়া?

 ব্যৰ্থ কোন, দায়ী কোন? ২৮ হাজাৰ ছাত্ৰ-ছাত্ৰীয়ে এৰিলে কলেজ...

২৮ হাজাৰ ছাত্ৰ-ছাত্ৰীয়ে এৰিলে কলেজ...
কাৰ ব্যৰ্থতাৰ প্ৰভাৱ এয়া?

শিক্ষাই সমাজ গঢ়ে। শিক্ষাই পোহৰাই তোলে এখন সমাজ, নোমাবলৈ ধৰা চাকিগছিত ঢালি দিয়ে যত সম্ভৱা আশাৰ অংকুৰ। সততে কোৱা হয়, 'শিক্ষাৰ ঘাই শিপাডাল বৰ তিতা, কিন্তু ইয়াৰ ফল মিঠা'। শিক্ষাৰ্থীয়ে অধ্যয়ন কৰি শিক্ষিত, দীক্ষিত হৈ ভৱিষ্যতে সমাজখনক আইনা দেখাব পাৰে। সমাজৰ কু-সংস্কাৰ, অন্ধবিশ্বাস, ব্যাধি দূৰ কৰি স্বপ্নবিলাসী এখন আগৰণুৱা সমাজ আৰু বিজ্ঞান-বিভূতিত সহায় কৰে। বহুতে কষ্ট, অধ্যৱসায়ৰ দ্বাৰা সপোন বাস্তৱায়িত কৰে আৰু আন কোনোবাই আধাতেই সাং কৰে শিক্ষা। 

Advertisment

আধাতেই শিক্ষা সাং কৰা কথাষাৰ ওলাওঁতেই ৰাজ্যৰ চৰকাৰী মহাবিদ্যালয়ৰ পৰা আহিছে এটা উদ্বেগজনক খবৰ। শিক্ষাৰ্থীয়ে এৰিছে কলেজ। এজন-দুজনে নহয় হাজাৰ হাজাৰ শিক্ষাৰ্থীয়ে একেলগে এৰিছে মহাবিদ্যালয়। এই খবৰ পলকতে এৰি দিয়া বা সৰু কথা নহয়। শৈক্ষিক জীৱন এৰা মানে কাৰোবাৰ সপোন হেৰুৱাই পেলোৱা, স্বঃইচ্ছাৰেই হওক বা অনিচ্ছাকৃতভাৱেই হওক নিজৰ থন ধৰি উঠি অহা ঘৰখনৰ এটা খুঁটা ভাগি পৰা। শৈক্ষিক জীৱন সুকলমে পাৰ কৰাৰ অন্তত কাৰোবাৰ বাবে এটা চাকৰিয়ে উজ্বলাই তোলে ঘৰখন। কত দুখ-কষ্টৰ মাজেৰে জীৱন পাৰ কৰা পিতৃ-মাতৃৰ মুখত সন্তানৰ সফলতাই বিৰিঙাই তোলে এটি হাঁহি। লেমৰ পোহৰত পঢ়িয়েই হওক, ফটা এটা বেগ লৈ কলেজ অহা-যোৱা কৰা অভাৱী ছাত্ৰজনে অধ্যয়ন কৰি সপোনৰ জখলাত উঠে। সেই সন্তানৰ অমৃত যেন সফলতাই দূৰ কৰে মাতৃৰ উজাগৰি নিশাৰ বিষাদভৰা জীৱন, নাঙলৰ সীৰলুত ধৰি হাতৰ ৰেখা হেৰুৱাই পেলোৱা পিতৃৰ কপালৰ ঘাম। কেৱল চাকৰি লাগে বুলিয়েই যে শিক্ষাৰ প্ৰয়োজনীয়তা আছে এনে নহয়, ঘৰখন পৰিচালনা কৰিব পৰাকৈ, এখন সমাজ, নিজৰ দেশখনক প্ৰতিনিধিত্ব কৰিব পৰাকৈ সকলোকে শিক্ষাৰ প্ৰয়োজন। যি শিক্ষাৰ লক্ষ্য থাকিও লক্ষ্যহীন, শিক্ষা কেৱল জীৱনতে সীমাবদ্ধ নহৈ নদীৰ দৰে বৈ যায় অসীমলৈ। 

কিন্তু ইয়াৰ মাজতে ৰাজ্যৰ হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰীয়ে চৰকাৰী মহাবিদ্যালয় ত্যাগ কৰাৰ খবৰে চিন্তিত কৰি তুলিছে ৰাজ্যৰ সচতেন মহলক। এয়া চিন্তাৰ বিষয়ো। যিসময়ত স্কুল, কলেজীয়া শিক্ষাৰ্থীৰ বাবে চৰকাৰে আনিছে এখনৰ পিছত আন এখন চৰকাৰী অভিলাসী আঁচনি, সেই সময়তো এই আঁচনিয়ে ধৰি ৰাখিব পৰা নাই শিক্ষাৰ্থীসমাজক। এয়া অতি দুৰ্ভাগ্যজনক। বিশ্বমুখী দৌৰৰ পৰা যেন কোনোবাখিনিত অসম পিছপৰি ৰৈছে বা আগুৱাই যোৱাৰ শক্তি হ্ৰাস পাইছে। যিয়ে চৰকাৰী খণ্ডৰ মহাবিদ্যালয়সমূহলৈ কঢ়িয়াই আনিছে চৰম ভাবুকি। জানি আচৰিত হ'ব, ২০২৫ বৰ্ষত ৯০ হাজাৰ শিক্ষাৰ্থীয়ে মহাবিদ্যালয়ৰ ১ম ষাণ্মাসিকত নামভৰ্তি কৰিছিল। কিন্তু মাত্ৰ ছমাহতে অন্তৰ্ধান হ’ল ৯০ হাজাৰৰ ২৮ হাজাৰ ছাত্ৰ-ছাত্ৰী। ৰহস্যজনকভাৱে ছাত্ৰৰ ড্ৰপ আউটে চিন্তিত কৰিছে বিদ্বান মহলক। 

also read: SRৰ টাৰ্গেট এতিয়া খিলঞ্জীয়া মুছলমান, দল সংগঠনৰ উত্তাল প্ৰতিবাদ

ইয়াৰ মাজতে প্ৰশ্ন হয়, মাত্ৰ ছমাহতে ২৮ হাজাৰ ছাত্ৰ-ছাত্ৰীয়ে উচ্চ শিক্ষা এৰাৰ কাৰণ কি? নতুন শিক্ষানীতিৰ প্ৰভাৱ নে অন্য কিবা? কিয় হঠাৎ চৰকাৰী মহাবিদ্যালয়ৰ প্ৰতি এই অনীহা ছাত্ৰ-ছাত্ৰীৰ? নে ড্ৰপ আউটৰ কাৰক হৈ পৰিছে দূৰ শিক্ষা ব্যৱস্থা? এনে ভিন্ন প্ৰশ্ন এইমূহূৰ্তত উদ্বেগ হোৱাতো স্বাভাৱিক। দৰাচলতে চৰকাৰী চাকৰি নিযুক্তিকে ধৰি, শিক্ষাৰ্থী জীৱনত পৰা হেঁচাই কোনোবাখিনিত ব্যৰ্থ কৰি তুলিছে ছাত্ৰ-ছাত্ৰীসকলক। ফলত স্বাভাৱিকতেই শিক্ষাৰ্থীসকলে বিকল্প উপাৰ্জনৰ পথ বাছি লোৱাও পৰিলক্ষিত হৈছে। অৱশ্যে কাৰণ যিয়েই নহওক কিয়, এনেদৰে হাজাৰ হাজাৰ শিক্ষাৰ্থীয়ে উচ্চ শিক্ষাৰ প্ৰতি অনীহা প্ৰকাশ কৰাতো বৌদ্ধিক মহলৰ লগতে সমগ্ৰ ৰাজ্যখনৰ বাবে নেতিবাচক প্ৰভাৱ। কোনোবাখিনিত ব্য়ৰ্থ হৈছে চৰকাৰ, লগতে শিক্ষা বিভাগো।

Advertisment
Advertisment