Advertisment

পাকিস্তানী সেনা, ISIৰ ঘাটিত ভয়ংকৰ আক্ৰমণ, বেলুচিস্তান হেৰুওৱাৰ দিশে পাকিস্তান!

পুনৰবাৰ যুদ্ধক্ষেত্ৰত পৰিণত হৈছে বেলুচিস্তান। বিএলএৰ যোদ্ধাসকলে পাকিস্তানী সেনাৰ কেইবাটাও ঘাটি আৰু ISIৰ ঘাটিত চলাইছে ভয়ংকৰ আক্ৰমণ। এই আক্ৰমণত নিহত হৈছে ২০ জনতকৈও অধিক পাকিস্তানী জোৱান। তাৰ পাছতেই চৰ্চা- বেলুচ লিবাৰেচন আৰ্মীৰ হাতলৈ যাব নেকি বেলুচিস্তান?

 File Photo
File Photo

পাকিস্তানী সেনা, ISIৰ ঘাটিত ভয়ংকৰ আক্ৰমণ বেলুচিস্তান হেৰুৱাৰ দিশে পাকিস্তান!

Advertisment

পুনৰবাৰ যুদ্ধক্ষেত্ৰত পৰিণত হৈছে বেলুচিস্তান। বিএলএৰ যোদ্ধাসকলে পাকিস্তানী সেনাৰ কেইবাটাও ঘাটি আৰু ISIৰ ঘাটিত চলাইছে ভয়ংকৰ আক্ৰমণ। এই আক্ৰমণত নিহত হৈছে ২০ জনতকৈও অধিক পাকিস্তানী জোৱান। তাৰ পাছতেই চৰ্চা- বেলুচ লিবাৰেচন আৰ্মীৰ হাতলৈ যাব নেকি বেলুচিস্তান?

Read More- অসমৰ পৰা মিঞা খেদিমেই! হাজাৰটা গৌৰৱ গগৈ, ৰাহুল গান্ধী আহিলেও মোক ৰখাব নোৱাৰে

পাকিস্তানৰ বেলুচিস্তান প্ৰদেশৰ পৰিস্থিতি পুনৰ ভয়ংকৰ হৈ পৰিছে। বেলুচ উগ্ৰপন্থীয়ে একেলগে কেইবাখনো চহৰক লক্ষ্য কৰি সমগ্ৰ অঞ্চলজুৰি যুদ্ধসদৃশ পৰিস্থিতিৰ সৃষ্টি কৰিছে। প্ৰাদেশিক ৰাজধানী কুৱেটকে ধৰি কমেও ১২খন ডাঙৰ চহৰত আক্ৰমণ কৰাৰ খবৰ আহি পৰিছে। এই আক্ৰমণত এতিয়ালৈকে প্ৰায় ২০ জনতকৈও অধিক পাকিস্তানী জোৱান নিহত হোৱাৰ দাবী কৰিছে বেলুচ লিবাৰেচন আৰ্মীয়ে। 

Read More- মিঞাৰ ৰেচন কাৰ্ড, MBBS ডিগ্রী বাতিল কৰক, মিঞা খেদিবলৈ ACTION PLAN হিন্দুত্ববাদী নেতাৰ

বেলুচ লিবাৰেচন আৰ্মীৰ বিবৃতিত কোৱা হৈছে যে তেওঁলোকৰ যোদ্ধাসকলে একেলগে বেলুচিস্তান প্ৰদেশৰ ৰাজধানী কুৱেটত থকা পাকিস্তানী সেনা আৰু ISIৰ ঘাটি আৰু নোছকি, মাষ্টুং, ডালবাদিন, কালাট, খাৰান, পাছনি, টাম্প, আৰু বুলেডা চহৰত আক্ৰমণ কৰিছে। কুৱেটা, পাছনি, নোছকি আৰু দলবাডিনত সংঘটিত হোৱা এই আক্ৰমণ বিএলএৰ মজিদ ব্ৰিগেডে সংঘটিত কৰা আত্মঘাতী আক্ৰমণ। আক্ৰমণৰ সময়ত তাত থকা এটা সেনা শিবিৰতো বেলুচ যোদ্ধাসকলে অনুপ্ৰৱেশ কৰে।

Read More- SRৰ জৰিয়তে নিৰ্বাচনত জয়ী হোৱাৰ চেষ্টা! বিৰোধীৰ প্ৰতিবাদত কঁপিল গুৱাহাটী

বেলুচ লিবাৰেচন আৰ্মীয়ে দাবী কৰা মতে, এই আক্ৰমণত এতিয়ালৈকে ২০ জনতকৈ অধিক পাকিস্তানী সেনা জোৱানৰ মৃত্যু হৈছে। বিএলএৰ যোদ্ধাসকলে মাষ্টুং আৰু কালাটৰ পাকিস্তানী আৰক্ষীৰ ভৱনসমূহো দখল কৰিছে। আনহাতে এই বিষয়ত পাকিস্তানী সেনাই এতিয়াও কোনো বিবৃতি প্ৰকাশ কৰা নাই যদিও বাতৰি অনুসৰি পাকিস্তানী সেনা আৰু বিএলএৰ মাজত গুলীচালনা অব্যাহত আছে আৰু এইপৰ্যন্ত প্ৰায় ২০ জন পাকিস্তানী সেনা আৰু ৩জন বিএলএৰ যোদ্ধা নিহত হৈছে।

Advertisment
Advertisment