AssameseSRৰ জৰিয়তে নিৰ্বাচনত জয়ী হোৱাৰ চেষ্টা! বিৰোধীৰ প্ৰতিবাদত কঁপিল গুৱাহাটীSR বিসংগতিক লৈ গুৱাহাটীৰ চচলত উত্তাল প্ৰতিবাদ। APCCৰ সভাপতি গৌৰৱ গগৈৰ নেতৃত্বত বিৰোধীৰ প্ৰতিবাদী কাৰ্যসূচী। বিজেপিৰ বিৰুদ্ধে ভিন্ন শ্ল'গানৰে প্ৰতিবাদত অংশগ্ৰহণ বিৰোধী ঐক্যমঞ্চৰ প্ৰায়বোৰ দলৰ। Mrinmoy Talukdar Jan 30, 2026 21:07 ISTFile PhotoSRৰ জৰিয়তে নিৰ্বাচনত জয়ী হোৱাৰ চেষ্টা! বিৰোধীৰ প্ৰতিবাদত কঁপিল গুৱাহাটীAdvertismentSR বিসংগতিক লৈ গুৱাহাটীৰ চচলত উত্তাল প্ৰতিবাদ। APCCৰ সভাপতি গৌৰৱ গগৈৰ নেতৃত্বত বিৰোধীৰ প্ৰতিবাদী কাৰ্যসূচী। বিজেপিৰ বিৰুদ্ধে ভিন্ন শ্ল'গানৰে প্ৰতিবাদত অংশগ্ৰহণ বিৰোধী ঐক্যমঞ্চৰ প্ৰায়বোৰ দলৰ। বিৰোধীৰ অভিযোগ SRৰ জৰিয়তে ’২৬ৰ নিৰ্বাচনত জয়ী হ’ব বিচাৰিছে বিজেপিয়ে।Read More- SRৰ টাৰ্গেট এতিয়া খিলঞ্জীয়া মুছলমান, দল সংগঠনৰ উত্তাল প্ৰতিবাদSRক লৈ ৰাজ্যজুৰি অব্যাহত আছে বিতৰ্ক আৰু প্ৰতিবাদ। ৰাজ্যজুৰি অব্যাহত থকা এই প্ৰতিবাদ আৰু বিতৰ্কৰ মাজতেই আজি গুৱাহাটীৰ চচলত ৰাজ্যৰ বিৰোধী ৰাজনৈতিক দলসমূহৰ উত্তাল প্ৰতিবাদ। প্ৰতিবাদকাৰীক নিয়ন্ত্ৰণ কৰিবলৈ চচলত কটকটীয়া নিৰাপত্তা বেষ্টনী। Read More- বানমুক্ত অসম, বাংলাদেশীমুক্ত অসম! অসমবাসীক কি কি প্ৰতিশ্ৰুতি দিলে অমিত শ্বাহে?প্ৰতিবাদত অংশগ্ৰহণ কৰি প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভুপেন বৰাৰ মন্তব্য- '২০১৬ চনত অসমৰ মানুহক পৰিৱৰ্তনৰ শ্ল'গান দি বিজেপি ক্ষমতালৈ আহিছিল। ভিজন ডকুমেণ্ট বনাই বিজেপিয়ে কৈছিল কংগ্ৰেছে ৬০ বছৰত নোৱাৰা কাম বিজেপিয়ে ৬০ মাহত কৰিব। তাৰ ভিতৰত প্ৰধান আছিল অসম চুক্তিৰ ৫ আৰু ৬ নং দফা ৰূপায়ন, ২ জনগোষ্ঠীৰ জনজাতিকৰণ, চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰিব,ব্ৰহ্মপুত্ৰ খনন কৰি বানমুক্ত অসম আৰু নিৱনুৱামুক্ত অসম গঢ়িব। কিন্তু এতিয়া ১০ বছৰ সম্পূৰ্ণ হোৱাৰ পাছত বিজেপিয়ে অসমৰ ৰাইজক দিয়া এটাও প্ৰতিশ্ৰুতি পালন কৰিব নোৱাৰিলে। সেয়ে বিজেপিক দিছপুৰৰ পৰা আতৰাই কংগ্ৰেছ দলক দিছপুৰৰ গাদীত বহুৱাবলৈ এতিয়া অসমৰ ৰাইজে সংকল্প লৈছে। যাৰ বাবে হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰে এতিয়া নাগৰিকক অধিকাৰৰ পৰা বঞ্চিত কৰি ভোটচুৰি কৰি নিৰ্বাচনত জয়ী হ'ব বিচাৰিছে'। SR বিসংগতিক লৈ বিৰোধী ঐক্যমঞ্চৰ প্ৰতিবাদত অংশগ্ৰহণ কৰি বিজেপিক ভোট চুৰি বন্ধ কৰিবলৈ সকিয়নী প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভুপেন বৰাৰ। Read More- সাম্প্ৰদায়িক ৰাজনীতিয়ে কাম নিদিলে। সেয়ে এতিয়া ভোট চুৰি, সৰৱ লুৰীণজ্যোতিআনহাতে বিৰোধীৰ প্ৰতিবাদত অংশগ্ৰহণ কৰি অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈৰো হুংকাৰ- 'ভোটচুৰিৰ জৰিয়তে আগন্তুক নিৰ্বাচনত বিজেপিয়ে জয়ী হ'ব বিচাৰিছে'। 'নিৰ্বাচন আয়োগক ব্যৱহাৰ কৰি জনসাধাৰণৰ সংবিধানপ্ৰদত্ত অধিকাৰ চুৰি কৰিছে হিমন্ত বিশ্ব শৰ্মাই'। নিজৰ ৰাজনৈতিক স্বাৰ্থ সিদ্ধি কৰিবলৈ বিজেপিয়ে নিৰ্বাচন আয়োগক পুতলাৰ দৰে ব্যৱহাৰ কৰাৰ অভিযোগ অজাপৰ সভাপতি গৰাকীৰ। কিন্তু বিজেপিয়ে নিৰ্বাচন জয়ী হ'বলৈ যিয়েই নকৰক কিয় অসমৰ জনগণে ইতিমধ্যে বিজেপিৰ চৰকাৰৰ বিৰুদ্ধে সিদ্ধান্ত লৈছেই। আৰু আগন্তুক নিৰ্বাচনত বিজেপিক অসমৰ ৰাইজে অসমৰ পৰা বিদায় দিব'। AdvertismentAdvertisment Read the Next Article