Advertisment

বানমুক্ত অসম, বাংলাদেশীমুক্ত অসম! অসমবাসীক কি কি প্ৰতিশ্ৰুতি দিলে অমিত শ্বাহে?

দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। আজি ডিব্ৰুগড়ৰ খনিকৰ খেলপথাৰত অমিত শ্বাহৰ বিশাল জনসভা। বিশাল জনসভাতেই তৃতীয়বাৰলৈ অসমত বিজেপি চৰকাৰ হ'লে এটা এটাকৈ বাংলাদেশী খেদাৰো হুংকাৰ অমিত শ্বাহৰ। 

 File Photo
File Photo

বানমুক্ত অসম, বাংলাদেশীমুক্ত অসম! অসমবাসীক কি কি প্ৰতিশ্ৰুতি দিলে অমিত শ্বাহে?

Advertisment

দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। আজি ডিব্ৰুগড়ৰ খনিকৰ খেলপথাৰত অমিত শ্বাহৰ বিশাল জনসভা। বিশাল জনসভাতেই তৃতীয়বাৰলৈ অসমত বিজেপি চৰকাৰ হ'লে এটা এটাকৈ বাংলাদেশী খেদাৰো হুংকাৰ অমিত শ্বাহৰ। 

Read More- SRৰ টাৰ্গেট এতিয়া খিলঞ্জীয়া মুছলমান, দল সংগঠনৰ উত্তাল প্ৰতিবাদ

ডিব্ৰুগড়ৰ খনিকৰ খেলপথাৰত গৃহমন্ত্ৰী অমিত শ্বাহৰ কেইবাটাও গুৰুত্বপূৰ্ণ ভাষণ। বিশাল জনসভাতেই উপস্থিত জনতাক হাত দাঙি বিজেপি চৰকাৰ গঠনৰ অংগীকাৰ গৃহমন্ত্ৰীৰ। ভাষণৰ আৰম্ভণিতেই অসমৰ চাহক প্ৰশংসা গৃহমন্ত্ৰীৰ। লগতে ৰাজ্যৰ দ্বিতীয় ৰাজধানী ডিব্ৰুগড়ৰ বাসিন্দাক অভিনন্দন জনাই গৃহমন্ত্ৰীয়ে ক'লে- মই ডিব্ৰুগড়বাসীক প্ৰণাম জনাবলৈ আহিছোঁ। হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা মতেই আজি ডিব্ৰুগড়ত বিধানসভাৰ দ্বিতীয় চৌহদৰ শিলান্যাস স্থাপন হৈছে। এই ঐতিহাসিক মুহূৰ্তত ৰাইজে হাত তালি বজাই মুখ্যমন্ত্ৰীক ধন্যবাদ জনাওক।

Read More- সাম্প্ৰদায়িক ৰাজনীতিয়ে কাম নিদিলে। সেয়ে এতিয়া ভোট চুৰি, সৰৱ লুৰীণজ্যোতি

লগতে অমিত শ্বাহৰ ভাষণত স্থান পালে অসমৰ বানপানীৰ কথাও। ভাষণ প্ৰসংগত অমিত শ্বাহে ক'লে- বিগত নিৰ্বাচনত আমি অসমক বানমুক্ত কৰাৰ কথা কৈছিলো। অসমক বানমুক্ত কৰিবলৈ ১৫টাকৈ বৃহত্‍ পুখুৰী খান্দি ব্যৱস্থা লোৱা হ’ব। ৪৯২ কোটি টকাৰে প্ৰথম পৰ্যায়ত বানমুক্ত কৰাৰ ব্যৱস্থা লোৱা হ'ব আৰু প্ৰথম পৰ্যায়ত প্ৰায় ৭ লাখ লোক উপকৃত হ’ব বুলিও মন্তব্য কৰে গৃহমন্ত্ৰীয়ে। 

Read More- ভোটাৰ তালিকাৰ পৰা কিমান মিঞাৰ নাম কৰ্তন হ’‍ব ? মুখ্যমন্ত্ৰীয়ে দিলে হিচাপ

লগতে উক্ত সভাতেই কংগ্ৰেছ নেতা ৰাহুল গান্ধীক প্ৰশ্ন গৃহমন্ত্ৰীৰ- 'আপুনি অসমৰ বাবে কি কৰিলে? কংগ্ৰেছে ভূপেন হাজৰিকাক ভাৰত ৰত্ন নিদিলে, সেই কাম বিজেপিয়ে কৰিলে। লোকপ্ৰিয় গোপীনাথ বৰদলৈকো কংগ্ৰেছে নিদিলে ভাৰত ৰত্ন। অসমৰ চাহ শ্ৰমিকৰ কল্যাণৰ বাবে কংগ্ৰেছে একো নকৰিলে। কিন্তু বিজেপি চৰকাৰে ৮২৫ চাহ বাগানৰ ৩ লাখ ৩৩ হাজাৰ শ্ৰমিকক ভূমিপট্টা দিলে। কংগ্ৰেছে অসমত শাসন কৰি উপহাৰ দিলে কেৱল গুলী-বোমা আৰু যুৱকৰ মৃত্যু। কিন্তু বিজেপিৰ শাসনত অসমলৈ শান্তি ঘুৰি আহিল। বোমা-গুলীৰ শব্দৰ পৰিৱৰ্তে আজি অসমত বাজে ভূপেন দাৰ গান'।

Read More- প্ৰাইভেট স্কুলত অনুষ্ঠিত নহয় পৰীক্ষা, HSLC আৰু HS পৰীক্ষাৰ পূৰ্বে আহিল নতুন নিয়ম

লগতে গৃহমন্ত্ৰীগৰাকীয়ে কয় যে, ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বতেই ২০২৬ৰ নিৰ্বাচনী যুঁজত নামিব BJP। এই ঘোষণা কৰি অমিত শ্বাহৰ মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত তৃতীয়বাৰলৈ বিজেপিক শাসনলৈ আনক, তাৰ পাছতেই এটা এটা বাংলাদেশীক অসমৰ পৰা বিতাড়ন কৰা হব। কংগ্ৰেছ দলে ভোট বেংকৰ স্বাৰ্থত অসমক বাংলাদেশীৰ চৰণীয়া পথাৰ কৰিলে। কাজিৰঙা-গুৰুজনাৰ ভূমিতো অবৈধ বেদখলকাৰী বহিবলৈ সাহস কৰা হল। গতিকে ৰাজ্যৰ জনগাঁথনি পৰিৱৰ্তন ৰোধৰ বাবে বিজেপিক পুনৰবাৰ শাসনলৈ আনিবই লাগিব। ডিব্ৰুগড় পৰাই এই হুংকাৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ।

Advertisment
Advertisment