Assameseপ্ৰাইভেট স্কুলত অনুষ্ঠিত নহয় পৰীক্ষা, HSLC আৰু HS পৰীক্ষাৰ পূৰ্বে আহিল নতুন নিয়মHSLC আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাক লৈ ডাঙৰ খবৰ। কাৰণ পৰীক্ষাৰ বাবে অনা হৈছে কেইবাটাও নতুন নিয়ম। এইবাৰ সম্পূৰ্ণভাৱে চৰকাৰী শিক্ষকেই পৰিচালনা কৰিব HSLC আৰু HS পৰীক্ষা। স্বচ্ছভাৱে পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবেই লোৱা হৈছে এই বিশেষ সিদ্ধান্ত।Mrinmoy Talukdar Jan 27, 2026 13:58 ISTFile Photoপ্ৰাইভেট স্কুলত অনুষ্ঠিত নহয় পৰীক্ষা, HSLC আৰু HS পৰীক্ষাৰ পূৰ্বে আহিল নতুন নিয়মAdvertismentHSLC আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাক লৈ ডাঙৰ খবৰ। কাৰণ পৰীক্ষাৰ বাবে অনা হৈছে কেইবাটাও নতুন নিয়ম। এইবাৰ সম্পূৰ্ণভাৱে চৰকাৰী শিক্ষকেই পৰিচালনা কৰিব HSLC আৰু HS পৰীক্ষা। স্বচ্ছভাৱে পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবেই লোৱা হৈছে এই বিশেষ সিদ্ধান্ত।Read More- SRৰ নামত ভয়ংকৰ কাণ্ড! মণ্ডল বিজেপিৰ সভাপতিৰ বিৰুদ্ধে ক্ষোভহাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ দিন সমাগত। কিন্তু পৰীক্ষা অনুষ্ঠিত হোৱাৰ পূৰ্বে আহিল কেইবাটাও নতুন নিৰ্দেশনা। জ্যোতি-বিষ্ণু প্ৰকল্পত শিক্ষক-শিক্ষয়িত্ৰীৰ সৈতে বৈঠকত বহিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। বৈঠকৰ অন্তত পৰীক্ষা সুকলমে অনুষ্ঠিত কৰাৰ আহ্বান মুখ্যমন্ত্ৰীৰ।Read More- প্ৰকৃত আঞ্চলিকতাবাদী আমি। লুৰিণে মিঞাৰ লগত কম্প্ৰমাইজ কৰিছে- মুখ্যমন্ত্ৰীগুৰুত্বপূৰ্ণ কথাটো হ'ল এইবাৰৰ পৰীক্ষাক লৈ কেইবাটাও নতুন নিয়ম অনা হৈছে, পৰীক্ষা কেন্দ্ৰৰ চেণ্টাৰ ইনচাৰ্জৰ বাবেও কেইবাটাও গাইডলাইন জাৰি কৰা হৈছে। তাৰ ভিতৰত এইবাৰ HSLC আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা অনুষ্ঠিত নহয় প্ৰাইভেট স্কুলত। লগতে পৰীক্ষা কেন্দ্ৰতো নিৰীক্ষক হিচাপে নাথাকিব প্ৰাইভেট বিদ্যালয়ৰ কোনো শিক্ষক। সম্পূৰ্ণভাৱে চৰকাৰী শিক্ষকেই পৰিচালনা কৰিব লাগিব HSLC আৰু HS পৰীক্ষা। লগতে মুখ্যমন্ত্ৰীয়ে কোৱা অনুসৰি নতুনকৈ নিযুক্তি প্ৰাপ্ত শিক্ষকৰ কান্ধতো পৰিব পৰীক্ষা কেন্দ্ৰ নিয়ন্ত্ৰণৰ ভাৰ। Read More- বিকল্পৰ সন্ধানত BCCI! ৱাশ্বিংটন সুন্দৰৰ বিকল্প হ'ব পাৰে ৰিয়ান পৰাগউল্লেখ্য যে স্বচ্ছভাৱে পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে লোৱা হৈছে বিশেষ সিদ্ধান্ত। প্ৰাইভেট স্কুলৰ শিক্ষকে অনিয়ম কৰিলে ল’ব নোৱাৰি বিভাগীয় ব্যৱস্থা। আৰু নিৰ্বাচনী ধামখুমীয়াৰ মাজত যিহেতু এইবাৰ পৰীক্ষা অনুষ্ঠিত হ’ব গতিকে পৰীক্ষাত কোনোবা দুষ্টচক্ৰই বেমেজালি সৃষ্টি কৰিবলৈ চেষ্টা কৰিব পাৰে। নিৰ্বাচনৰ দায়িত্বত থকা বাবে আগৰ দৰে প্ৰশাসনৰ সহায়ো নাপাব। সেয়ে এইবাৰ HSLC আৰু HS পৰীক্ষাক লৈ কছোৰ হৈছে চৰকাৰ।Read More- নেতাৰ পাছে পাছে ঘূৰি দালালী কৰাটো বাদ দি IAS-IPS হোৱাৰ সংকল্প লওকলগতে এইবাৰ পৰীক্ষা কেন্দ্ৰৰ নিয়ন্ত্ৰক সকলে অন্য কোনো লোকক দায়িত্ব দিব নোৱাৰিব। আনহাতে প্রশ্নকাকত থকা কক্ষত শিক্ষক-শিক্ষয়িত্ৰীয়ে নিব নোৱাৰিব মোবাইল ফোন। উত্তৰবহী থকা কোঠাত CCTV চলি আছেনে নাই,সেয়াও নিৰীক্ষণ কৰিব শিক্ষকে। কাৰণ পৰীক্ষা নিয়ন্ত্ৰণত খেলিমেলি হ’লে ক্ষমা নকৰিব জনতাই। এইদৰে মন্তব্য কৰে মুখ্য়মন্ত্ৰীয়েAdvertismentAdvertisment Read the Next Article