Advertisment

হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ল’ব লাগে আইনী ব্যৱস্থা, গৰজি উঠিল প্ৰাক্তন ন্যায়াধীশ

মুখ্যমন্ত্ৰীৰ পদত থকাৰ নৈতিক অধিকাৰ নাই হিমন্ত বিশ্ব শৰ্মাৰ। মিঞা মুছলমানৰ বিৰুদ্ধে ঘৃণা বিয়পোৱাৰ বাবে আইনী ব্যৱস্থা ল’ব লাগে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে। হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গৰজি উঠিছে প্ৰাক্তন ন্যায়াধীশ গোবিন মাথুৰ।

 File Photo
File Photo

হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ল’ব লাগে আইনী ব্যৱস্থা, গৰজি উঠিল প্ৰাক্তন ন্যায়াধীশ 

Advertisment

মুখ্যমন্ত্ৰীৰ পদত থকাৰ নৈতিক অধিকাৰ নাই হিমন্ত বিশ্ব শৰ্মাৰ। মিঞা মুছলমানৰ বিৰুদ্ধে ঘৃণা বিয়পোৱাৰ বাবে আইনী ব্যৱস্থা ল’ব লাগে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে। মিঞাৰ বিৰুদ্ধে হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য অসাংবিধানিক আখ্যা দি হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গৰজি উঠিছে প্ৰাক্তন ন্যায়াধীশ গোবিন মাথুৰ।

Read More- জালুকবাৰীৰ পৰা কেনেকৈ নিৰ্বাচনত জয়ী হয় হিমন্ত বিশ্ব শৰ্মা? কি ক'লে অখিল গগৈয়ে-

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গৰজি উঠিল এলাহাবাদ উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ গোবিন মাথুৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰি কয় যে, সংবিধানৰ নামত শপত লৈ সাংবিধানিক দায়িত্বৰ সম্পূৰ্ণ পৰিপন্থী কাম কৰিছে অসমৰ মুখ্যমন্ত্ৰীয়ে। ধৰ্মৰ ভিত্তিত নাগৰিকক লক্ষ্য কৰি লোৱাটো সংবিধানৰ স্পষ্ট উলংঘন। গতিকে মুখ্যমন্ত্ৰীৰ পদত থকাৰ নৈতিক অধিকাৰ নাই হিমন্ত বিশ্ব শৰ্মাৰ। 

Read More- বিজেপিত বঙহৰ যুঁজ! ২ ফৈদৰ মাজত প্ৰচণ্ড মাৰপিট

এলাহাবাদ উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ গোবিন্দ মাথুৰে শেহতীয়াকৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মিয়া মুছলমান সন্দৰ্ভত কৰা মন্তব্যক গৰিহণা দিয়াৰ লগতে মুখ্যমন্ত্ৰীৰ এই মন্তব্যক অসাংবিধানিক, বিভাজনমূলক বুলি অভিহিত কৰিছে।

Read More- পাকিস্তানী সেনা, ISIৰ ঘাটিত ভয়ংকৰ আক্ৰমণ, বেলুচিস্তান হেৰুওৱাৰ দিশে পাকিস্তান!

বৃহস্পতিবাৰে জাৰি কৰা এক বিবৃতিত ন্যায়াধীশ মাথুৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যক অতি নিন্দনীয় বুলি অভিহিত কৰিছে। লগতে তেওঁ কয় যে এটা সাংবিধানিক পদত থকা এজন ব্যক্তিয়ে বাৰে বাৰে এনেকুৱা দায়িত্বহীন মন্তব্য কৰাটো উদ্বেগজনক।

Read More- অসমৰ পৰা মিঞা খেদিমেই! হাজাৰটা গৌৰৱ গগৈ, ৰাহুল গান্ধী আহিলেও মোক ৰখাব নোৱাৰে

প্ৰাক্তন মুখ্য ন্যায়াধীশ গৰাকীয়ে কয় যে মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাই সংবিধান ৰক্ষাৰ শপত লৈছে। গতিকে তেওৰ মিঞা সম্প্ৰদায় সন্দৰ্ভত কৰা এনেকুৱা ধৰণৰ মন্তব্যই ভাৰতীয় গণৰাজ্যৰ ভেটি দুৰ্বল কৰে।

Advertisment
Advertisment