Advertisment

বিজেপিত বঙহৰ যুঁজ! ২ ফৈদৰ মাজত প্ৰচণ্ড মাৰপিট

টিকটকেন্দ্ৰিক বিতৰ্কৰ ভয়ংকৰ ৰূপ! বিধানসভা নিৰ্বাচনৰ পূৰ্বেই বিজেপিৰ ২ পক্ষৰ মাজত প্ৰচণ্ড সংঘাত। শোণিতপুৰৰ বৰছলা সমষ্টিত এইবাৰ বিজেপিৰ মাজত বঙহৰ যুঁজ। বিধায়কৰ উপস্থিতিতে দুই ফৈদৰ প্ৰচণ্ড মাৰপিটত গুৰুলাগুৰুলকৈ প্ৰহাৰ দলীয় কৰ্মীক। 

 File Photo
File Photo

বিজেপিত বঙহৰ যুঁজ! ২ ফৈদৰ মাজত প্ৰচণ্ড মাৰপিট

 
টিকটকেন্দ্ৰিক বিতৰ্কৰ ভয়ংকৰ ৰূপ! বিধানসভা নিৰ্বাচনৰ পূৰ্বেই বিজেপিৰ ২ পক্ষৰ মাজত প্ৰচণ্ড সংঘাত। শোণিতপুৰৰ বৰছলা সমষ্টিত এইবাৰ বিজেপিৰ মাজত বঙহৰ যুঁজ। বিধায়কৰ উপস্থিতিতে দুই ফৈদৰ প্ৰচণ্ড মাৰপিটত গুৰুলাগুৰুলকৈ প্ৰহাৰ দলীয় কৰ্মীক। 

Advertisment

Read More- SRৰ জৰিয়তে নিৰ্বাচনত জয়ী হোৱাৰ চেষ্টা! বিৰোধীৰ প্ৰতিবাদত কঁপিল গুৱাহাটী

ক্ৰমাত স্পষ্ট হৈ আহিছে বিজেপিৰ মাজত চলি থকা ক্ষমতা কেন্দ্ৰীক যুঁজখন। এইবাৰ বিজেপিৰ টিকট কেন্দ্ৰীক সংঘাতৰ চূড়ান্ত ৰূপ দেখিবলৈ পোৱা লৈছে শোণিতপুৰ বিজেপিত। শোণিতপুৰ জিলাৰ বৰছলা বিধানসভা সমষ্টিত এইবাৰ বিধায়কৰ উপস্থিতিতেই দুই ফৈদৰ মাজত দেখিবলৈ পোৱা গৈছে প্ৰচণ্ড মাৰপিট। বৰছলা বিধানসভা সমষ্টিৰ বিধায়ক গণেশ লিম্বুৰ উপস্থিতিতেই বিধায়ক ফৈদ আৰু ৰাজ্যিক মুখপাত্ৰ ,জিলা পৰিষদৰ সদস্যৰ ফৈদৰ মাজত প্ৰচণ্ড সংঘাত।

Read More- অসমৰ পৰা মিঞা খেদিমেই! হাজাৰটা গৌৰৱ গগৈ, ৰাহুল গান্ধী আহিলেও মোক ৰখাব নোৱাৰে

খবৰ অনুসৰি দলীয় সভাৰ মাজত বিধায়ক গণেশ লিম্বুৰ সন্মুখতেই জিলা পৰিষদৰ সদস্য ৰাকেশ নাথ আৰু ৰাজ্যিক মুখপাত্ৰ কিশোৰ উপাধ্যায়ৰ ফৈদৰ বিজেপি কাৰ্যকৰ্তাই গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰিছে বিধায়ক গণেশ লিম্বুৰ ফৈদৰ বিজেপি কৰ্মী মুকুল সুতক। ইয়াৰ পিছতেই এই দলীয় সংঘাতত জপিয়াই পৰি ৰাজ্যিক মুখপাত্ৰ কিশোৰ উপাধ্যাৰয় ফৈদৰ বিজেপি কৰ্মীয়ে এফালৰ পৰা দলীয় সভাৰ চকী, বেঞ্চ, আচবাব পত্ৰ সকলো লণ্ডভণ্ড কৰে।

Read More- মিঞাৰ ৰেচন কাৰ্ড, MBBS ডিগ্রী বাতিল কৰক, মিঞা খেদিবলৈ ACTION PLAN হিন্দুত্ববাদী নেতাৰ

উল্লেখ্য যে, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মিঞাৰ বিৰুদ্ধে মুকলি যুদ্ধ ঘোষণা কৰাৰ পিছতো বৰছলা সমষ্টিত প্ৰায় সমূহ ঠিকা-ঠুকলি সংখ্যালঘু সম্প্ৰদায়ৰ লোকে লাভ কৰা, কমিচনৰ মুকলি বজাৰ আৰু চৰকাৰী আঁচনিৰ ধন চৰকাৰী বিষয়া কৰ্মচাৰীয়ে লাভ কৰা বিষয় সমূহ দলীয় সভাত উত্থাপন কৰাত পৰিৱেশটো উত্তাল হৈ পৰিছিল। ইয়াৰ পিছতেই দলীয় টিকট কেন্দ্ৰীক সংঘাতে ভিতৰি ভিতৰি জ্বলি থকা জুইকুৰাৰ ক্ৰমাত বহিপ্ৰকাশ হয়।

Advertisment
Advertisment