Assameseঅসমীয়াৰ হেৰুওৱা পৰিচয় উদ্ধাৰৰ বাবে পৰাক্ৰমেৰে যুঁজিম- মুখ্যমন্ত্ৰীচিলাৰায় আৰু নৰনাৰায়ণে ৰাজত্ব কৰা ভূমিত আজি সংখ্যালঘুত পৰিণত হৈছে অসমীয়া। এচাম আগ্ৰাসী লোকে জাতিটোক সম্পূৰ্ণৰূপে ধ্বংস কৰিবলৈ উঠিপৰি লাগিছে। অসমীয়াই পৰিচয় হেৰুওৱাৰ এই পৰিৱেশত জাতিটোৱে আকৌ পৰাক্ৰমৰ বাটেৰে খোজ কাঢ়িব লাগিব। Mrinmoy Talukdar Feb 01, 2026 20:02 ISTFile Photoঅসমীয়াৰ হেৰুওৱা পৰিচয় উদ্ধাৰৰ বাবে পৰাক্ৰমেৰে যুঁজিম- মুখ্যমন্ত্ৰীচিলাৰায় আৰু নৰনাৰায়ণে ৰাজত্ব কৰা ভূমিত আজি সংখ্যালঘুত পৰিণত হৈছে অসমীয়া। এচাম আগ্ৰাসী লোকে জাতিটোক সম্পূৰ্ণৰূপে ধ্বংস কৰিবলৈ উঠিপৰি লাগিছে। অসমীয়াই পৰিচয় হেৰুওৱাৰ এই পৰিৱেশত জাতিটোৱে আকৌ পৰাক্ৰমৰ বাটেৰে খোজ কাঢ়িব লাগিব। ৰাজ্যবাসীলৈ এই আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।AdvertismentRead More- কান্দি লাভ নাই, নাগৰিকত্বৰ প্ৰমাণ দিয়ক! কঠোৰ মুখ্যমন্ত্ৰীমহাবীৰ চিলাৰায়ৰ জন্মজয়ন্তীত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীৰ স্পষ্ট মন্তব্য- অবিভক্ত গোৱালপাৰা জিলাত আজি অসমীয়াই পৰিচয়ৰ বাবে সংগ্ৰাম কৰিবলগীয়া হৈছে। নৰনাৰায়ণৰ ভূমিত আজি আগ্ৰাসন কৰিছে একাংশ অচিনাকী লোকে। এচাম আগ্ৰাসী লোকে জাতিটোক সম্পূৰ্ণৰূপে ধ্বংস কৰিবলৈ উঠিপৰি লাগিছে। ইতিমধ্যে ৰাজ্যৰ বহু ঠাইত অসমীয়াই পৰিচয় হেৰুৱাইছে। গতিকে এই হেৰুওৱা পৰিচয় উদ্ধাৰৰ বাবে চৰকাৰে কৰি থকা যুঁজখনৰ নেতৃত্ব লব লাগিব অসমৰ জনতায়ো।Read More- মিঞা নহয়, টাৰ্গেট মুছলমান! মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ আহ্বান বিধায়কৰলগতে মুখ্যমন্ত্ৰীয়ে ক'লে- অসমীয়া জাতি এতিয়া এক কালসন্ধিত থিয় হৈ আছে। এফালে আমি পৰিচয় হেৰুওৱাৰ এক পৰিৱেশ আনফালে এচাম আগ্ৰাসী লোকে আমাৰ জাতিটোক সম্পূৰ্ণৰূপে ধ্বংস কৰিবলৈ উঠিপৰি কৰা এক প্ৰচেষ্টা। আজি আমাৰ বাবে অত্যন্ত দুখৰ কথা যে যি স্থানত চিলাৰায় আৰু নৰনাৰায়নে ৰাজত্ব কৰিছিল সেই স্থানত আজি অসমীয়া জাতি সংখ্যালঘুত পৰিণত হৈছে। অবিভক্ত গোৱালপাৰা জিলাত আজি কোচ ৰাজবংশীসকলে নিজৰ পৰিচয়ৰ বাবে আজি সংগ্ৰাম কৰিছে আৰু বাংলাদেশৰ পৰা অহা অচিনাকী লোকসকলে কোচ ৰজা নৰনাৰায়নৰ ৰাজ্যখনক আক্ৰমণ কৰিছে। Read More- জালুকবাৰীৰ পৰা কেনেকৈ নিৰ্বাচনত জয়ী হয় হিমন্ত বিশ্ব শৰ্মা? কি ক'লে অখিল গগৈয়ে-আমাৰ বাবে যিখন ৰাজ্য চিলাৰায় আৰু নৰনাৰায়নে স্থাপন কৰিছিল সেই ৰাজ্যখন আজি আমাৰ হাতৰ পৰা আতৰি গৈছে। অসমীয়া জাতিয়ে এতিয়া পুনৰবাৰ চিলাৰায় আৰু নৰনাৰায়নে দেখুওৱা পৰাক্ৰমৰ বাটেৰে খোজকাঢ়িব লাগিব। এই বাটেৰেই অসমীয়া জাতিয়ে নিজৰ হেৰুওৱা মাটি পুনৰ উদ্ধাৰ কৰিব লাগিব। বিগত ৫টা বছৰে অসম চৰকাৰে আমাৰ হেৰুওৱা মাটি উদ্ধাৰ কৰিবলৈ অক্লান্ত চেষ্টা কৰিছে। কিন্তু এই যুঁজখন আমি কেতিয়াও অকলে যুঁজিব নোৱাৰো। চৰকাৰে কৰা যুঁজখনৰ কিছু সীমাবদ্ধতা থাকে। কিন্তু ৰাইজে যুঁজ দিয়ে এই যুঁজখনৰ কোনো সীমাবদ্ধতা নাথাকে। গতিকে মই আশা কৰিম অসমীয়া জাতিৰ পৰিচয় ৰক্ষাৰ বাবে ৰাজ্য চৰকাৰে আৰম্ভ কৰা এই যুঁজখনৰ নেতৃত্ব লবলৈ আগবাঢ়ি আহিব প্ৰতিজন অসমীয়া।AdvertismentAdvertisment Read the Next Article