Advertisment

মিঞা নহয়, টাৰ্গেট মুছলমান! মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ আহ্বান বিধায়কৰ

হিমন্ত বিশ্ব শৰ্মাই মিঞাক নহয়, মুছলমানক টাৰ্গেট কৰিছে। মুখ্যমন্ত্ৰীয়ে ঘৃণাৰ দোকান বন্ধ কৰি বিশ্ৰাম লওক। মিঞাক লৈ মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্য দুৰ্ভাগ্যজনক। মুখ্যমন্ত্ৰীক আৰু কি আহ্বান জনালে বিধায়ক ৰফিকুল ইছলামে?

 File Photo
File Photo

মিঞা নহয়, টাৰ্গেট মুছলমান! মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ আহ্বান বিধায়কৰ

Advertisment

হিমন্ত বিশ্ব শৰ্মাই মিঞাক নহয়, মুছলমানক টাৰ্গেট কৰিছে। মুখ্যমন্ত্ৰীয়ে ঘৃণাৰ দোকান বন্ধ কৰি বিশ্ৰাম লওক। মিঞাক লৈ মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্য দুৰ্ভাগ্যজনক। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে হাই ক’ৰ্ট আৰু নিৰ্বাচন আয়োগক নিজাববীয়াকৈ গোচৰ ল’বলৈয়ো আহ্বান বিধায়ক ৰফিকুল ইছলামৰ।

Read More- কান্দি লাভ নাই, নাগৰিকত্বৰ প্ৰমাণ দিয়ক! কঠোৰ মুখ্যমন্ত্ৰী

মিঞাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্য দুৰ্ভাগ্যজনক। মিঞাক কষ্ট দি মই তৃপ্তি পাও বুলি এজন মুখ্যমন্ত্ৰীয়ে কেনেকৈ কব পাৰে? মুখ্যমন্ত্ৰীক এনেকুৱা ধৰণৰ কথাবোৰ বন্ধ কৰক আৰু বিশ্ৰাম লওক।  মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বিশ্ৰাম ল’বলৈ পৰামৰ্শ AIUDF বিধায়ক ৰফিকুল ইছলামৰ। লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ঘৃণাৰ দোকানখনো বন্ধ কৰিবলৈও আহ্বান বিধায়ক গৰাকীৰ। 

Read More- বিজেপিত বঙহৰ যুঁজ! ২ ফৈদৰ মাজত প্ৰচণ্ড মাৰপিট

সংখ্যালঘুক ক্ষতি কৰিবলৈ মুখ্যমন্ত্ৰী পতা জালত ভৰি নিদিয়ে অসমৰ জনতাই। মুখ্যমন্ত্ৰীয়ে বিগত দিনকেইটাত মন্তব্য কৰি কৈছে যে- SRৰ জৰিয়তে মিঞা ভোটাৰৰ, মুছলমান ভোটাৰৰ নাম কৰ্তন কৰা হ'ব। গতিকে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে নিজাববীয়াকৈ গোচৰ ৰুজু কৰিবলৈ হাই ক’ৰ্ট আৰু নিৰ্বাচন আয়োগক আহ্বান বিধায়ক ৰফিকুল ইছলামৰ।

Read More- অসমৰ পৰা মিঞা খেদিমেই! হাজাৰটা গৌৰৱ গগৈ, ৰাহুল গান্ধী আহিলেও মোক ৰখাব নোৱাৰে

নিৰ্বাচনৰ পূৰ্বে প্ৰবীণ টোগাড়িয়া নামৰ এজন হিন্দুত্ববাদী নেতাক অসমলৈ আনি মুখ্যমন্ত্ৰীয়ে অসমৰ পৰিৱেশ বেয়া কৰাৰ চেষ্টা কৰিছে। অসমৰ মুছলমানক গোৱাল গালি দিবলৈকে প্ৰবীণ টোগাড়িয়াক অসমলৈ মাতি আনিছে মুখ্যমন্ত্ৰীয়ে। সেয়ে হিন্দুত্ববাদী নেতা প্ৰবীণ টোগাড়িয়াক প্ৰত্যাহ্বান জনাই বিধায়ক ৰফিকুল ইছলামে ক'লে- আপুনি মুছলমানৰ DNA টেষ্ট কৰিব নালাগে, দম আছে যদি আপুনি প্ৰথমে নিজৰ DNA টেষ্ট কৰি দেখুৱাওক।

Advertisment
Advertisment