Advertisment

'২৬ত চৰকাৰ গঠন কৰিলে অসমৰ বাবে কি কাম কৰিব ৰাইজৰ দলে?

কি আছে ৰাইজৰ দলৰ নিৰ্বাচনী ইস্তাহাৰত? বিধানসভা নিৰ্বাচনত জয়ী হৈ চৰকাৰ গঠন কৰিলে ৰাজ্যবাসীৰ বাবে কি কি কাম কৰিব ৰাইজৰ দলে? ইতিমধ্যেই বিধানসভা নিৰ্বাচনৰ বাবে অখিল গগৈয়ে মুকলি কৰিছে ৰাইজৰ দলৰ নিৰ্বাচনী ইস্তাহাৰ। পাছে কি কি বিষয়ে স্থান পাইছে এই ইস্তাহাৰত?

 File Photo
File Photo

'২৬ত চৰকাৰ গঠন কৰিলে অসমৰ বাবে কি কাম কৰিব ৰাইজৰ দলে?

কি আছে ৰাইজৰ দলৰ নিৰ্বাচনী ইস্তাহাৰত? বিধানসভা নিৰ্বাচনত জয়ী হৈ চৰকাৰ গঠন কৰিলে ৰাজ্যবাসীৰ বাবে কি কি কাম কৰিব ৰাইজৰ দলে? ইতিমধ্যেই বিধানসভা নিৰ্বাচনৰ বাবে অখিল গগৈয়ে মুকলি কৰিছে ৰাইজৰ দলৰ নিৰ্বাচনী ইস্তাহাৰ। পাছে কি কি বিষয়ে স্থান পাইছে এই ইস্তাহাৰত?

Advertisment

Read More- অসমীয়াৰ হেৰুওৱা পৰিচয় উদ্ধাৰৰ বাবে পৰাক্ৰমেৰে যুঁজিম- মুখ্যমন্ত্ৰী

সমাগত বিধানসভা নিৰ্বাচন। বিধানসভা নিৰ্বাচনলৈ শাসক-বিৰোধী সকলো সাজু হৈছে। প্ৰস্তুতিৰ সমানেই সকলো ৰাজনৈতিক দলে এতিয়া ৰাজ্যবাসীক দিছে প্ৰতিশ্ৰুতিৰ বন্যা। পিছ পৰি ৰোৱা নাই অখিল গগৈ নেতৃত্বাধীন ৰাইজৰ দলো। বিধানসভা নিৰ্বাচনৰ বাবে অখিল গগৈয়ে মুকলি কৰিলে ৰাইজৰ দলৰ নিৰ্বাচনী ইস্তাহাৰ।  

Read More- আইন-কানুনতকৈ আৰক্ষী ঊৰ্ধ্বত নহয়, আৰক্ষীৰ বিৰুদ্ধে কঠোৰ উচ্চ ন্যায়ালয়

এই ইস্তাহাৰত ৰাইজৰ দলে নিজৰ লক্ষ্যৰ লগতে নিৰ্বাচনত জয়ী হৈ চৰকাৰ গঠন কৰিলে ৰাজ্যবাসীৰ বাবে কি কি কাম কৰিব সেই বিষয়ে উল্লেখ কৰিছে। কি কি আছে ৰাইজৰ দলৰ নিৰ্বাচনী ইস্তাহাৰত-

ৰাইজৰ দলে নিৰ্বাচনী ইস্তাহাৰত সমৃদ্ধিশালী, দক্ষ, সুৰক্ষিত অসমৰ সংকল্প কথা উল্লেখ কৰিছে। লগতে সকলো নাগৰিকৰ দক্ষতাৰ বিকাশত গুৰুত্ব আৰোপ কৰাৰ কথা উল্লেখ কৰিছে। আনহাতে নতুন অসম গঢ়াৰ বাবে ৫টা সংকল্প ঘোষণা কৰিছে ৰাইজৰ দলে। সেইকেইটা হৈছে- উত্তৰ পূৰ্বাঞ্চলৰ বাণিজ্য দখল কৰা, ৰাজ্যৰ প্ৰতিখন গাঁৱত একোটাকৈ উদ্যোগ স্থাপন কৰা, অসমবাসীৰ জনমূৰি আয় বৃদ্ধিত গুৰুত্ব আৰোপ কৰা, আসাম ইক’ন’মিক টাস্ক ফ’ৰ্ছ গঠন কৰা আৰু ১২ মাহেই শস্য শ্যামলা অসম গঢ়া। 

Read More- কান্দি লাভ নাই, নাগৰিকত্বৰ প্ৰমাণ দিয়ক! কঠোৰ মুখ্যমন্ত্ৰী

তাৰ লগতে ৰাইজৰ দলে নিৰ্বাচনী ইস্তাহাৰ উল্লেখ কৰিছে যে, ৰাজ্যৰ বহু স্থানক আমি জৈৱিক অসম হিচাপে ঘোষণা কৰিম। গাঁওসমূহত গঢ়ি তোলা প্ৰতিটো ক্ষুদ্ৰ উদ্যোগত ৫০-১০০জনক নিযুক্তি দিয়াৰ লগতে বজাৰ দখলৰ কথাই আগস্থান পাইছে ইস্তাহাৰত। বজাৰ দখলৰ বাবে বিশেষ পদক্ষেপ লোৱাৰ কথাও ৰাইজৰ দলে নিৰ্বাচনী ইস্তাহাৰ উল্লেখ কৰিছে। 

Read More- জালুকবাৰীৰ পৰা কেনেকৈ নিৰ্বাচনত জয়ী হয় হিমন্ত বিশ্ব শৰ্মা? কি ক'লে অখিল গগৈয়ে-

লগতে ১৯৭১চনৰ ২৪ মাৰ্চৰ পাছৰ সকলো বিদেশীৰ চিনাক্তকৰণ, ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন আৰু বহিষ্কাৰ কৰা হ’ব বুলি ঘোষণা কৰাৰ লগতে ৰাইজৰ দলে ইস্তাহাৰখনত নাগৰিকত্ব সংশোধনী আইন বাতিলৰ বাবে সংগ্ৰাম অব্যাহত ৰাখিব বুলি উল্লেখ কৰে। ইয়াৰ উপৰি ইস্তাহাৰখনত চাহ শ্ৰমিকৰ সৰ্বাংগীন বিকাশ, বানমুক্ত অসম, ফেডাৰেল ভাৰতত ফেডাৰেল অসম, স্বচ্ছ-দক্ষ-ক্ষিপ্ৰ প্ৰশাসন, কৰ্মচাৰী কল্যাণ (অসমৰ সকলো নিয়মীয়া চৰকাৰী কৰ্মচাৰীক OPS প্ৰদান কৰা), বৃহত্ নদীবান্ধ বন্ধ, নাৰী সৱলীকৰণ, ক্ৰীড়া নীতি, লোক কৃষ্টি আৰু ক্ৰীড়াৰ চুক্তিভিত্তিক শিক্ষক নিযুক্তি, বহিঃৰাজ্যত কাম কৰা অসমৰ শ্ৰমিকৰ সুৰক্ষা, আন্তঃৰাজ্যিক সীমা সমস্যাৰ সমাধান, নগৰ-মহানগৰ উন্নয়ন, পুঁজিৰ উৎস এই দিশতেই প্ৰতিশ্ৰুতি প্ৰদান কৰিছে ৰাইজৰ দলে।

Read More- মিঞা নহয়, টাৰ্গেট মুছলমান! মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ আহ্বান বিধায়কৰ

Advertisment
Advertisment