Advertisment

আইন-কানুনতকৈ আৰক্ষী ঊৰ্ধ্বত নহয়, আৰক্ষীৰ বিৰুদ্ধে কঠোৰ উচ্চ ন্যায়ালয়

আইন-কানুনতকৈ ঊৰ্ধ্বত নহয় আৰক্ষী। অপৰাধীক শাস্তি দিয়াৰ দায়িত্ব ন্যায়পালিকাৰহে, আৰক্ষীৰ নহয়। শাস্তি বিহাৰ অধিকাৰ কেৱল আদালতৰহে আছে। অপ্ৰয়োজনীয় কাৰণত গুলীচালনা কেতিয়াও গ্ৰহণযোগ্য নহয়। আৰক্ষীক জবাবদিহি উচ্চ ন্যায়ালয়ৰ। 

 File Photo
File Photo

আইন-কানুনতকৈ আৰক্ষী ঊৰ্ধ্বত নহয়, আৰক্ষীৰ বিৰুদ্ধে কঠোৰ উচ্চ ন্যায়ালয়

আইন-কানুনতকৈ ঊৰ্ধ্বত নহয় আৰক্ষী। অপৰাধীক শাস্তি দিয়াৰ দায়িত্ব ন্যায়পালিকাৰহে, আৰক্ষীৰ নহয়। শাস্তি বিহাৰ অধিকাৰ কেৱল আদালতৰহে আছে। অপ্ৰয়োজনীয় কাৰণত গুলীচালনা কেতিয়াও গ্ৰহণযোগ্য নহয়। আৰক্ষীক জবাবদিহি উচ্চ ন্যায়ালয়ৰ। 

Advertisment

Read More- সদনত দাখিল ২০২৬-২৭ বৰ্ষৰ বাজেট

এনকাউণ্টাৰৰ নীতিক লৈ কঠোৰ আদালত। কাৰণ আইন-কানুনতকৈ ঊৰ্ধ্বত নহয় আৰক্ষী। অপৰাধীক শাস্তি বিহাৰ অধিকাৰ আৰক্ষীৰ নাই। যদি কোনোবাই নিয়ম উলংঘা কৰে তেন্তে তাৰ দায়ী হ’ব আৰক্ষী অধীক্ষক। আৰক্ষীক জবাবদিহি কৰি এলাহাবাদ উচ্চ ন্যায়ালয়ৰ কঠোৰ মন্তব্য- প্ৰচাৰ, হাত চাপৰিৰ বাবে গুলী চলোৱাৰ প্ৰবৃত্তি এৰক। 

Read More- মিঞা নহয়, টাৰ্গেট মুছলমান! মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ আহ্বান বিধায়কৰ

শুকুৰবাৰে উত্তৰ প্ৰদেশ আৰক্ষীক ধমক দি এলাহাবাদ উচ্চ ন্যায়ালয়ে কয় যে- অপৰাধীক শাস্তি দিয়াটো ন্যায়পালিকাৰ কাম, আৰক্ষীৰ নহয়। ছ’চিয়েল মিডিয়াৰ প্ৰচাৰ আৰু পদোন্নতি লাভৰ বাবে ৰাজ্যত আৰক্ষীয়ে সন্দেহযুক্ত অপৰাধীক কৰা এনকাউণ্টাৰৰ সংখ্যা বৃদ্ধি পোৱাক লৈ উদ্বেগ প্ৰকাশ কৰে আদালতে। উল্লেখ্য যে ন্যায়াধীশ অৰুণ কুমাৰ সিং দেশৱালে কয় যে এনে কাৰ্য আইনৰ দৃষ্টিত গ্ৰহণযোগ্য নহয়, কাৰণ ভাৰত এখন গণতান্ত্ৰিক দেশ আৰু অভিযুক্তক শাস্তি দিয়াটো ন্যায়পালিকাৰ কাম।

Read More- কান্দি লাভ নাই, নাগৰিকত্বৰ প্ৰমাণ দিয়ক! কঠোৰ মুখ্যমন্ত্ৰী

উল্লেখ্য যে এলাহাবাদ উচ্চ ন্যায়ালয়ে এজন অভিযুক্তৰ গোচৰৰ শুনানিৰ সময়ত এনেদৰে জবাবদিহি কৰিছে উত্তৰ প্ৰদেশ আৰক্ষীক। তথ্য অনুসৰি আৰক্ষীৰ গুলীত গুলিবিদ্ধ হৈছিল ৰাজু ওৰফে ৰাজকুমাৰ নামৰ এজন অভিযুক্ত। আৰক্ষীৰ গুলীচালনাত ভৰিত গুলী লাগিছিল অভিযুক্ত ৰাজুৰ। তাৰ পাছতেই ২৮ জানুৱাৰীৰ শুনানিত অভিযুক্তক জামিন মঞ্জুৰ কৰি এই কছোৰ মন্তব্য কৰিছে এলাহাবাদ উচ্চ ন্যায়ালয়ে।

Advertisment
Advertisment