Assameseসদনত দাখিল ২০২৬-২৭ বৰ্ষৰ বাজেটকেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দেওবাৰে সদনত দাখিল কৰিলে ২০২৬-২৭ বৰ্ষৰ বাজেট। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে নৱমবাৰৰ বাবে দাখিল কৰিলে কেন্দ্ৰীয় বাজেট। ৭.৮ লাখ কোটি টকাৰ বাজেট দাখিল কৰিলে কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে। Jyotiprasad Sarma Feb 01, 2026 17:06 ISTসদনত দাখিল ২০২৬-২৭ বৰ্ষৰ বাজেট Photograph: (DY365)সদনত দাখিল ২০২৬-২৭ বৰ্ষৰ বাজেটকি কি আছে বাজেটত?কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দেওবাৰে সদনত দাখিল কৰিলে ২০২৬-২৭ বৰ্ষৰ বাজেট। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে নৱমবাৰৰ বাবে দাখিল কৰিলে কেন্দ্ৰীয় বাজেট। ৭.৮ লাখ কোটি টকাৰ বাজেট দাখিল কৰিলে কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে। Advertismentকেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰা চলিত বৰ্ষৰ বাজেটত দেশৰ পৰিবহণ খণ্ডত দিয়া হৈছে সৰ্বাধিক গুৰুত্ব। দেওবাৰে বিত্তমন্ত্ৰীয়ে দাখিল কৰা কেন্দ্ৰীয় বাজেটত উত্তৰ-পূবৰ বাবে আছে কেইবাটাও বিশেষ ঘোষণা। কেন্দ্ৰীয় বাজেটত উত্তৰ-পূবত অগৰ গছ উত্পাদনত গুৰুত্ব দিয়া হৈছে। মত্স্য উৎপাদনৰ ক্ষেত্ৰতো অধিক গুৰুত্ব দিয়া হৈছে এই বাজেটত। মত্স্য পালনৰ বাবে ৫০০টা জলাশয়ৰ বিকাশ সাধনত বাজেটত গুৰুত্ব দিয়া পৰিলক্ষিত হৈছে। কৃষি উত্পাদনৰ বৃদ্ধিতো গুৰুত্ব দিয়া হৈছে ২০২৬-২৭ বৰ্ষৰ বাজেটত। দেশৰ গ্ৰামাঞ্চলৰ মহিলাসকলৰ স্ব-নিয়োজনত গুৰুত্ব দিছে বাজেটত। উত্তৰ-পূবৰ বাবে ৪০০ ইলেকট্ৰ’নিক বাছ সংযোজন কৰা হৈছে। আনহাতে উত্তৰ-পূবৰ ধৰ্মীয় অনুষ্ঠান মঠ-মন্দিৰৰ সংৰক্ষণতো দিয়া হৈছে গুৰুত্ব এইবাৰৰ বাজেটত। বিশেষকৈ অৰুণাচল প্ৰদেশ, ছিকিম, অসম, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ বৌদ্ধ ধৰ্মীয় স্থানসমূহৰ উন্নয়নৰ বাবে গ্ৰহণ কৰা হৈছে বিশেষ আঁচনি।Also Read: কি কি আছে ২০২৬ৰ বাজেটত?ইফালে, বয়োজ্যেষ্ঠসকলৰ চিকিত্সাৰ বাবে সু-সংগঠিত চিকিত্সা ব্যৱস্থাত গুৰুত্ব বাজেটত। কণ্টেণ্ট ক্ৰিয়েটৰ লেব স্থাপনৰ সহযোগিতাত গুৰুত্ব আৰোপ। বাজেটত ৫খনকৈ ক্ষেত্ৰীয় মেডিকেল হাবৰ প্ৰস্তাৱ। দেশত তিনিখনকৈ নতুন AIIMSৰ প্ৰস্তাৱ। দেশৰ প্ৰতিখন জিলাত স্থাপন হ’ব গাৰ্লছ হোটেল। উচ্চ শিক্ষা প্ৰতিষ্ঠানৰ বাবে হ’ব এই গাৰ্লছ হোষ্টেলসমূহ। ২০৪৭লৈকে সেৱা ক্ষেত্ৰত ১০% অংশীদাৰিত্বৰ লক্ষ্য। ২০ হাজাৰ যুৱকক পৰ্যটন উদ্যোগৰ বাবে প্ৰশিক্ষণৰ লক্ষ্য চৰকাৰৰ। দেশৰ সকলো জিলা হাস্পতাল উন্নত কৰাৰ লক্ষ্য। জৰুৰীকালীন ৱাৰ্ড বৃদ্ধিৰে জনতাক অধিক সেৱা কৰাৰ পোষকতা বাজেটত। মানসিক স্বাস্থ্যৰ বাবে নতুনকৈ ইনষ্টিটিউট স্থাপনৰ পোষকতা। Also Read: মহাৰাষ্ট্ৰৰ প্ৰথমগৰাকী মহিলা উপ-মুখ্যমন্ত্ৰী ৰূপে শপতগ্ৰহণ সুনেত্ৰা পাৱাৰৰআনহাতে এইবাৰৰ বাজেটত আত্মনিৰ্ভৰ ভাৰতৰ বাবে ২ হাজাৰ কোটি টকা ধাৰ্য। পৰম্পৰাগত উদ্যোগক বিকাশৰ লক্ষ্য বাজেটত। গ্ৰামাঞ্চলৰ বাবে কেইবাটাও আঁচনিৰ প্ৰস্তাৱ। জৈৱিক ঔষধ নিৰ্মাণত অগ্ৰাধিকাৰ বাজেটত। কণ্টেইনাৰ মেন্যুফেকচাৰিঙৰ বাবে ১০ হাজাৰ কোটি টকা ধাৰ্য। ২২টা নতুন জলপথ নিৰ্মাণৰ প্ৰস্তাৱ বাজেটত। ৪খন ৰাজ্যত হ’ব খনিজ ক’ৰিডৰ’। কেমিকেল পাৰ্ক নিৰ্মাণ হ’ব দেশত। বৃহত্ টেক্সটাইল পাৰ্ক নিৰ্মাণৰ প্ৰস্তাৱ বাজেটত। সৰু চহৰত আন্তঃগাঁথনি উন্নয়নত গুৰুত্ব বাজেটত। চৰকাৰে সৰু কোম্পানীৰ পৰা পোনপটীয়াকৈ ক্ৰয় কৰিব সামগ্ৰী। AdvertismentAdvertisment Read the Next Article