Advertisment

কি কি আছে ২০২৬ৰ বাজেটত?

১১ বজা লগে লগে ২০২৬-২৭ বৰ্ষৰ কেন্দ্ৰীয় বাজেট দাখিল কৰিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। সংসদত নৱমবাৰৰ বাবে দাখিল কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীৰ। কি কি আছে ২০২৬ৰ বাজেটত?

 কি কি আছে ২০২৬ৰ বাজেটত?
  • Feb 01, 2026 12:27 IST

    দাম কমিব চামৰাৰ

    দাম কমিব চামৰাৰ
    সৌৰশক্তি সম্বন্ধিত সামগ্ৰীৰ কমিব দাম
    কাপোৰৰ দামৰো হ’ব হ্ৰাস



  • Feb 01, 2026 12:24 IST

    ক্ৰীড়া খণ্ডত পৰিৱৰ্তন

    ক্ৰীড়া খণ্ডত পৰিৱৰ্তন আনিবলৈ ‘খেলো ইণ্ডিয়া’ অভিযান আৰম্ভ কৰাৰ কথা ঘোষণা বিত্তমন্ত্ৰীগৰাকীৰ। 



  • Advertisment
  • Feb 01, 2026 12:23 IST

    ষ্টক মাৰ্কেটত অপশ্যন ট্ৰেডিঙৰ ওপৰত কৰ বৃদ্ধি

    ষ্টক মাৰ্কেটত অপশ্যন ট্ৰেডিঙৰ ওপৰত কৰ বৃদ্ধি



  • Feb 01, 2026 12:22 IST

    ১ এপ্ৰিলৰ পৰা নতুন আয়কৰ অধিনিয়ম

    ১ এপ্ৰিলৰ পৰা নতুন আয়কৰ অধিনিয়ম
    ITR 1, ITR 2 দাখিলৰ সময় ৩১ জুলাইলৈ দাখিল কৰিব পাৰিব
    পূৰ্বে আছিল ৩১ ডিচেম্বৰলৈ সময়সীমা



  • Feb 01, 2026 12:21 IST

    বিদেশ যাত্ৰাত কৰ হ্ৰাস

    বিদেশ যাত্ৰাত কৰ হ্ৰাস
    প্ৰৱাসী ভাৰতীয়ই সম্পত্তি বিক্ৰী কৰিলে দিব লাগিব কৰ
    অঘোষিত বিদেশী সম্পত্তিত দণ্ডৰ পৰিৱৰ্তে কৰ আৰোপ



  • Feb 01, 2026 12:06 IST

    কিমান খৰচ কৰিব চৰকাৰে?

    ঋণ আৰু GDPৰ মাজৰ ব্যৱধান কমিছে। ২৬.৭ লাখ কোটি টকা কৰ লাভ কৰিছে চৰকাৰে। আনহাতে ৩৪ লাখ কোটি টকা আন উৎসৰ পৰা আহিছে। ব্যয় হৈছে ৪৯.৬ লাখ কোটি টকা। মূলধনী ব্যয় হৈছে ১১ লাখ কোটি টকা। ২০২৬-২৭ চনত ঋণৰ ঘাটি ৩৬.৫ লাখ কোটি টকা হ’ব বুলি অনুমান কৰা হৈছে। ৫৩.৫ লাখ কোটি টকা ব্যয়ৰ কথা ঘোষণা। 



  • Feb 01, 2026 12:04 IST

    ৰাজ্যসমূহলৈ ১.৪ লাখ কোটি টকা

    ২০২৬-২৭ত ৰাজ্যসমূহক ১.৪ লাখ কোটি টকা আবণ্টন দিয়া হৈছে। গ্ৰাম্য আৰু চহৰাঞ্চলৰ উন্নয়নৰ বাবে এই ধন মুকলাই দিয়া হৈছে। 



  • Feb 01, 2026 12:03 IST

    জিলা চিকিৎসালয়সমূহ সম্প্ৰসাৰণ

    জিলা চিকিৎসালয়সমূহ সম্প্ৰসাৰণ কৰা হ’ব, জনসাধাৰণৰ উপকাৰী হোৱাকৈ জৰুৰীকালীন ৱাৰ্ডসমূহ সম্প্ৰসাৰণৰ সিদ্ধান্ত।



  • Feb 01, 2026 12:01 IST

    উত্তৰ-পূবৰ ৰাজ্যসমূহত বৌদ্ধ চাৰ্কিট

    উত্তৰ-পূবৰ ৰাজ্যসমূহত বৌদ্ধ চাৰ্কিট স্থাপন কৰাৰ কথা ঘোষণা। বৌদ্ধ চাৰ্কিট স্থাপন হ'ব অৰুণাচল প্ৰদেশ, ছিকিম, অসম, মণিপুৰ, মিজোৰাম, আৰু ত্ৰিপুৰাত।  



  • Feb 01, 2026 12:00 IST

    উত্তৰ-পূবৰ বাবে ৪ হাজাৰ ইলেকট্ৰ’নিক বাছ

    উত্তৰ-পূবৰ বাবে ৪ হাজাৰ ইলেকট্ৰ’নিক বাছ ঘোষণা
    উত্তৰ-পূবৰ মঠ-মন্দিৰ সংৰক্ষণৰ বাবে বিশেষ আঁচনি
    কৃষি উত্পাদনতো গুৰুত্ব আৰোপ



  • Feb 01, 2026 12:00 IST

    বাজেটত উত্তৰ-পূবৰ বাবে বিশেষ ঘোষণা

    বাজেটত উত্তৰ-পূবৰ বাবে বিশেষ ঘোষণা
    অগৰ গছ উত্পাদনত গুৰুত্ব বাজেটত
    মত্স্য পালনৰ বাবে ৫০০টা জলাশয় স্থাপনত গুৰুত্ব



  • Feb 01, 2026 11:56 IST

    ব্যক্তিগত প’ৰ্টফ’লিঅ’ বিনিয়োগত অনুমোদন

    দেশৰ বাহিৰৰ বাসিন্দাৰ বাবে ব্যক্তিগত প’ৰ্টফ’লিঅ’ বিনিয়োগত অনুমোদন
    ইকুইটী বিনিয়োগ কৰাৰ ক্ষেত্ৰত অনুমতি
    ৫ৰ পৰা ১০ শতাংশ ইকুইটী বিনিয়োগ কৰাৰ অনুমতি



  • Feb 01, 2026 11:54 IST

    বাদাম খেতি

    উত্তৰ-পূৰ্বাঞ্চলক বাদাম খেতিত আগবঢ়োৱাৰ লক্ষ্য



  • Feb 01, 2026 11:54 IST

    পশু চিকিত্সা

    দেশত বাঢ়িব পশু চিকিত্সাৰ সুবিধা
    বেংকিং ক্ষেত্ৰত অধিক সংশোধনৰ প্ৰস্তাৱ
    বয়োজ্যেষ্ঠসকলৰ চিকিত্সাৰ বাবে সু-সংগঠিত চিকিত্সা ব্যৱস্থা



  • Feb 01, 2026 11:53 IST

    ৩খনকৈ আয়ুৰ্বেদিক সৰ্বভাৰতীয় প্ৰতিষ্ঠান

    ৩খনকৈ আয়ুৰ্বেদিক সৰ্বভাৰতীয় প্ৰতিষ্ঠান স্থাপনৰ লক্ষ্য
    ২০২৬-২৭ বৰ্ষৰ বাজেট ঘাটিৰ পৰিমাণ ৪.৪ শতাংশ
    মূলধন ব্যয়ৰ লক্ষ্য ১২.২ লাখ কোটি টকা



  • Feb 01, 2026 11:53 IST

    ইলেকট্ৰ’নিক মেন্যুফেকছাৰিঙৰ বাবে ৪০ হাজাৰ কোটি

    ইলেকট্ৰ’নিক মেন্যুফেকছাৰিঙৰ বাবে ৪০ হাজাৰ কোটি ধাৰ্য। সমুদ্ৰত চলা জাহাজৰ স্বদেশত নিৰ্মাণত গুৰুত্ব



  • Feb 01, 2026 11:52 IST

    সেৱা খণ্ডত গুৰুত্ব

    ২৫ কোটি লোক দৰিদ্ৰ সীমাৰেখাৰ বাহিৰলৈ আহিছে
    সেৱা খণ্ডৰ বাবে বিশেষ জোৰ দিয়াৰ লক্ষ্য
    সেৱা খণ্ডৰ বাবে স্থায়ী সমিতি গঠনৰ পৰামৰ্শ বাজেটত



  • Feb 01, 2026 11:52 IST

    AI প্ৰযুক্তিত বিশেষ গুৰুত্ব বাজেটত

    AI প্ৰযুক্তিত বিশেষ গুৰুত্ব বাজেটত
    বিশেষভাৱে সক্ষম, দৃষ্টিহীনসকলৰ বাবে AIত গুৰুত্ব
    মূকবধিৰসকলৰ ব্যৱহাৰৰ বাবেও AI ব্যৱহাৰত গুৰুত্ব



  • Feb 01, 2026 11:49 IST

    জ্যোতিৰ্বিজ্ঞানক প্ৰচাৰ

    জ্যোতিৰ্বিজ্ঞানক প্ৰচাৰ কৰা হ’ব। ২০ হাজাৰ যুৱকক পৰ্যটন গাইড হিচাপে প্ৰশিক্ষণ দিয়া হ’ব। এটা কন্টেন্ট ক্ৰিয়েটৰ লেব স্থাপন কৰাৰো সিদ্ধান্ত গ্ৰহণ।



  • Feb 01, 2026 11:48 IST

    মূলধনী ব্যয় ১২.২ লাখ কোটি টকালৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ

    ২০২৬-২৭ত ৰাজহুৱা মূলধনী ব্যয় ১২.২ লাখ কোটি টকালৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ। ৫ লাখতকৈ অধিক জনসংখ্যা থকা চহৰত আন্তঃগাঁথনিৰ উন্নয়ন অব্যাহত ৰখাৰ প্ৰতিশ্ৰুতি।



  • Feb 01, 2026 11:44 IST

    ছোৱালীৰ হোষ্টেল

    উচ্চ শিক্ষানুষ্ঠানৰ বাবে প্ৰতিখন জিলাতে ছোৱালীৰ হোষ্টেল নিৰ্মাণৰ ঘোষণা বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ। 



  • Feb 01, 2026 11:44 IST

    AIIMS

    ৩খন নতুন অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্স (AIIMS) স্থাপনৰ কথা ঘোষণা।



  • Feb 01, 2026 11:39 IST

    ৭টা তীব্ৰবেগী ৰে’ল কৰিড'ৰ

    দিল্লী-বাৰাণসী কৰিড’ৰকে ধৰি ৭টা তীব্ৰবেগী ৰে’ল কৰিডৰৰ কথা ঘোষণা। বাৰাণসী আৰু পাটনাত জাহাজ মেৰামতিৰ সুবিধা স্থাপন কৰা হ’ব। দিল্লী-বাৰাণসী আৰু বাৰাণসী-শিলিগুৰি কৰিড’ৰতো নিৰ্মাণ হ’ব তীব্ৰবেগী ৰে’ল কৰিডৰ।   



  • Feb 01, 2026 11:38 IST

    ১০ বছৰত ২২ কোটি লোকক দৰিদ্ৰতাৰ ৰেখাৰ পৰা বাহিৰ

    আমি যোৱা ১০ বছৰত ২২ কোটি লোকক দৰিদ্ৰতাৰ ৰেখাৰ পৰা উলিয়াই আনিছো। আমাৰ চৰকাৰে সেৱা খণ্ডত গুৰুত্ব দিছে। ভাৰতৰ যুৱক-যুৱতীসকলৰ আকাংক্ষা পূৰণৰ বাবে শিক্ষাৰ পৰা আৰম্ভ কৰি কৰ্মসংস্থাপনলৈকে উদ্যোগ স্থাপন কৰা হ'ব।



  • Feb 01, 2026 11:37 IST

    বেংকিং বিষয়ত এখন কমিটী গঠন

    দেশত আৰ্থিক সুস্থিৰতা নিশ্চিত কৰাৰ বাবে বেংকিং বিষয়ত এখন কমিটী গঠন কৰা হ’ব। গ্ৰাহকক সুৰক্ষা দিবলৈ আমি নতুন উচ্চ পৰ্যায়ত কাম কৰাৰ ঘোষণা বিত্তমন্ত্ৰীৰ



  • Feb 01, 2026 11:37 IST

    মাইনিং কৰিড’ৰ

    ওড়িশা, কেৰালা আৰু ছত্তীশগড়ত মাইনিং কৰিড’ৰ নিৰ্মাণৰ ঘোষণা



  • Feb 01, 2026 11:36 IST

    সস্তা হ’ব কেন্সাৰ আৰু ডায়েবেটিছৰ ঔষধ

    দেশত কেন্সাৰ আৰু ডায়েবেটিছৰ ঔষধ সস্তা হ’ব বুলি ঘোষণা বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ



  • Feb 01, 2026 11:34 IST

    দেশত নিৰ্মাণ হ’ব ২২টা নতুন জলপথ

    দেশত ২২টা নতুন জলপথ নিৰ্মাণৰ কথা ঘোষণা



  • Feb 01, 2026 11:34 IST

    ৰাষ্ট্ৰীয় ফাইবাৰ আঁচনি

    ৰেচম, পাট আৰু উলৰ বাবে ৰাষ্ট্ৰীয় ফাইবাৰ আঁচনিৰ ঘোষণা বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ



  • Feb 01, 2026 11:33 IST

    MSMEসমূহৰ গুৰুত্বপূৰ্ণ অপৰিসীম

    উন্নয়নৰ পথত MSMEসমূহৰ গুৰুত্বপূৰ্ণ অপৰিসীম। উদ্যোগীসকলক উপকৃত কৰিবলৈ আমি এই উদ্দেশ্যেৰে ১০,০০০ কোটি টকা আগবঢ়াইছো। 



  • Feb 01, 2026 11:32 IST

    মহাত্মা গান্ধী গ্ৰাম স্বৰাজ পদক্ষেপ

    মহাত্মা গান্ধী গ্ৰাম স্বৰাজ পদক্ষেপ। ইয়াৰ দ্বাৰা শিপিনীসকল আৰু কুটিৰ উদ্যোগসমূহ লাভৱান হ’ব। দৰিদ্ৰ গ্ৰাম্য যুৱক-যুৱতী লাভৱান হ'ব। ক্ৰীড়া সম্পৰ্কীয় সামগ্ৰী প্ৰস্তুত কৰাৰো উপকৃত হ'ব।



  • Feb 01, 2026 11:29 IST

    ছেমিকণ্ডাক্টৰ হাব

    বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে উল্লেখ কৰে যে ভাৰতক ছেমিকণ্ডাক্টৰ হাব হিচাপে গঢ়ি তোলাৰ বাবে চৰকাৰে কাম কৰি আছে। ছেমিকণ্ডাক্টৰৰ উন্নয়নৰ বাবে ৪০ হাজাৰ কোটি টকা আবণ্টন দিয়া হৈছে। 



  • Feb 01, 2026 11:28 IST

    বায়’ফাৰ্মাৰ বাবে ১০ হাজাৰ কোটি টকা

    বায়’ফাৰ্মাৰ বাবে চৰকাৰে দিলে ১০ হাজাৰ কোটি টকা। আমাৰ গুৰুত্ব হ’ব বায়’ফাৰ্মাৰ বা জৈৱ ঔষধৰ ওপৰত। ইয়াৰ বাবে ১০ হাজাৰ কোটি টকা আবণ্টন দিছো। তিনিখন প্ৰতিষ্ঠানো স্থাপন কৰা হ’ব। বৰ্তমান আমাৰ সাতখন প্ৰতিষ্ঠান আছে, যিবোৰৰ আৰু সম্প্ৰসাৰণ কৰা হ’ব। 



  • Feb 01, 2026 11:26 IST

    MSME শক্তিশালী কৰা

    আমি উৎপাদন খণ্ডত গুৰুত্ব দিছো। পুৰণি খণ্ড শক্তিশালী কৰা, MSME শক্তিশালী কৰা। দেশৰ নিৰাপত্তা শক্তিশালী কৰাৰ লগতে অৰ্থনৈতিক খণ্ডকো শক্তিশালী কৰা। 



  • Feb 01, 2026 11:26 IST

    দেশৰ অৰ্থনীতি দ্ৰুতগতিত বৃদ্ধি কৰা

    বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কয়, 'আমাৰ প্ৰথম কৰ্তব্য হৈছে দেশৰ অৰ্থনীতি দ্ৰুতগতিত বৃদ্ধি কৰা। এই অশান্ত বিশ্ব পৰিৱেশত আমি সুস্থিৰ হৈ থাকিব লাগিব। বাজেটখনে প্ৰতিজন দৰিদ্ৰ ব্যক্তিক উপকৃত কৰিব লাগে। কেন্দ্ৰীয় চৰকাৰে ৰাজ্যসমূহৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰি আছে'।



  • Feb 01, 2026 11:25 IST

    বিনিয়োগত মনোনিৱেশ

    বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কয় যে বিগত ১২ বছৰে আমাৰ চৰকাৰে বিনিয়োগ বৃদ্ধিৰ বাবে কাম কৰি আহিছে। 



  • Feb 01, 2026 11:24 IST

    দৰিদ্ৰতা দূৰ কৰাৰ বাবে কাম কৰি আছে আমাৰ চৰকাৰে

    দেশৰ দৰিদ্ৰতা দূৰ কৰাৰ বাবে কাম কৰি আছে আমাৰ চৰকাৰে। নতুন নতুন প্ৰযুক্তিৰ উন্মেষ ঘটিছে, যাৰ ফলত দেশত বহু পৰিৱৰ্তন হৈছে। বাজেট ভাষণত মন্তব্য নিৰ্মলা সীতাৰমণৰ



  • Feb 01, 2026 11:22 IST

    বাজেট ভাষণ

    সদনত সন্ত ৰবিদাসৰ নাম লৈ ভাষণ আৰম্ভ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ



Advertisment
Advertisment