Advertisment

মহাৰাষ্ট্ৰৰ প্ৰথমগৰাকী মহিলা উপ-মুখ্যমন্ত্ৰী ৰূপে শপতগ্ৰহণ সুনেত্ৰা পাৱাৰৰ

মহাৰাষ্ট্ৰৰ প্ৰথমগৰাকী মহিলা উপ-মুখ্যমন্ত্ৰী ৰূপে শপত ল'লে সুনেত্ৰা পাৱাৰে। বিমান দুৰ্ঘটনাত মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ মৃত্যুৰ পিছত পত্নী সুনেত্ৰা পাৱাৰে লোক ভৱনত মহাৰাষ্ট্ৰৰ প্ৰথমগৰাকী মহিলা উপ-মুখ্যমন্ত্ৰী হিচাপে পাঠ কৰিলে শপতবাক্য।

 মহাৰাষ্ট্ৰৰ প্ৰথমগৰাকী মহিলা উপ-মুখ্যমন্ত্ৰী ৰূপে শপতগ্ৰহণ সুনেত্ৰা পাৱাৰৰ Photograph: (DY365)
মহাৰাষ্ট্ৰৰ প্ৰথমগৰাকী মহিলা উপ-মুখ্যমন্ত্ৰী ৰূপে শপতগ্ৰহণ সুনেত্ৰা পাৱাৰৰ Photograph: (DY365)

মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী সুনেত্ৰা পাৱাৰ

মহাৰাষ্ট্ৰৰ প্ৰথমগৰাকী মহিলা উপ-মুখ্যমন্ত্ৰী ৰূপে শপতগ্ৰহণ সুনেত্ৰা পাৱাৰৰ

Advertisment

মহাৰাষ্ট্ৰৰ প্ৰথমগৰাকী মহিলা উপ-মুখ্যমন্ত্ৰী ৰূপে শপত ল'লে সুনেত্ৰা পাৱাৰে। বিমান দুৰ্ঘটনাত মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ মৃত্যুৰ পিছত পত্নী সুনেত্ৰা পাৱাৰে লোক ভৱনত মহাৰাষ্ট্ৰৰ প্ৰথমগৰাকী মহিলা উপ-মুখ্যমন্ত্ৰী হিচাপে পাঠ কৰিলে শপতবাক্য।

Also Read: 'কোন হৰ্ষ মান্দাৰ, মই চিনি নাপাওঁ'

শনিবাৰে মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে সুনেত্ৰা পাৱাৰে। স্বামীৰ মৃত্যুৰ চতুৰ্থ দিনা মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী ৰূপে শপত ল'লে পত্নীয়ে। মহাৰাষ্ট্ৰৰ প্ৰথমগৰাকী মহিলা উপ-মুখ্যমন্ত্ৰী ৰূপে শপত ল'লে সুনেত্ৰা পাৱাৰে। বিমান দুৰ্ঘটনাত মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ মৃত্যুৰ পিছত মহাৰাষ্ট্ৰ চৰকাৰত এই এই পদ খালী হৈ পৰে। এন চি পি (অজিত পাৱাৰ ফৈদে) সৰ্বসন্মতিক্ৰমে সুনেত্ৰা পাৱাৰক নেত্ৰী হিচাপে নিৰ্বাচিত কৰে। 

Also Read: জালুকবাৰীৰ পৰা কেনেকৈ নিৰ্বাচনত জয়ী হয় হিমন্ত বিশ্ব শৰ্মা? কি ক'লে অখিল গগৈয়ে-

মুম্বাইৰ লোকভৱনত অনুষ্ঠিত এক অনুষ্ঠানত ৰাজ্যপাল আচাৰ্য দেৱব্ৰতে সুনেত্ৰা পাৱাৰক শপতবাক্য পাঠ কৰোৱাই। অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নবিছ আৰু উপ-মুখ্যমন্ত্ৰী একনাথ সিন্দে। 

Also Read: অসমৰ মাদ্ৰাছাত চলিছে কি?

উল্লেখ্য যে, বুধবাৰে মহাৰাষ্ট্ৰত এক বিমান দুৰ্ঘটনাত নিহত হৈছিল মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী তথা দেশৰ এজন বৰ্ষীয়ান ৰাজনীতিবিদ অজিত পাৱাৰৰ। মুম্বাইৰ পৰা নিৰ্বাচনী সভাত অংশ ল’বলৈ বাৰামতীলৈ গৈছিল NCP নেতাজন। বাৰামতীত অৱতৰণৰ সময়তে দুৰ্ঘটনাগ্ৰস্ত হয় অজিত পাৱাৰৰ বিমানখন। বিমানখনত আছিল অজিত পাৱাৰসহ ৫জন লোক। অজিত পাৱাৰৰ সুৰক্ষা বিষয়া, ব্যক্তিগত সহায়ক, এজন বিমান কৰ্মী আৰু বিমানখনৰ পাইলট। ভয়ংকৰ বিমান দুৰ্ঘটনাটোত আটাইকেইজনৰে মৃত্যু ঘটে। 

Advertisment
Advertisment