Advertisment

'কোন হৰ্ষ মান্দাৰ, মই চিনি নাপাওঁ'

‘হৰ্ষ মান্দেৰে মোৰ বিৰুদ্ধে গোচৰ দিছে নহয়, এতিয়া পাই যাব মজা’। হৰ্ষ মান্দাৰক প্ৰত্যাহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল বিশিষ্ট লেখক হৰ্ষ মান্দাৰে।

 'কোন হৰ্ষ মান্দাৰ, মই চিনি নাপাওঁ' Photograph: (DY365)
'কোন হৰ্ষ মান্দাৰ, মই চিনি নাপাওঁ' Photograph: (DY365)

'কোন হৰ্ষ মান্দাৰ, মই চিনি নাপাওঁ'


'এনেকুৱা হৰ্ষ মান্দাৰ মই জীৱনত বহুত দেখিছো'

‘হৰ্ষ মান্দেৰে মোৰ বিৰুদ্ধে গোচৰ দিছে নহয়, এতিয়া পাই যাব মজা’। হৰ্ষ মান্দাৰক প্ৰত্যাহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল বিশিষ্ট লেখক হৰ্ষ মান্দাৰে। নতুন দিল্লীৰ হৌজ খাচ আৰক্ষী থানাত শুকুৰবাৰে দাখিল কৰিছিল এজাহাৰ

Advertisment

Also Read: বহিঃৰাজ্যত ৰহস্যজনক মৃত্যু অসমৰ ৪ যুৱকৰ 

'হৰ্ষ মান্দাৰে হিমন্ত বিশ্ব শৰ্মাক খুঁচিছে, তাৰ উত্তৰ পাই যাব। হৰ্ষ মান্দাৰে মোৰ বিৰুদ্ধে এটা কেছ দিছে। মোৰ ওপৰত গোচৰ দিছে যেতিয়া হৰ্ষ মান্দেৰৰ ওপৰত কিমান গোচৰ পৰে চাব। তেওঁৰ বিৰুদ্ধে এতিয়া কমতকৈ কম ১০০টা কেছ পৰিব। কোন হৰ্ষ মান্দাৰ, মই চিনি নাপাওঁ। এনেকুৱা হৰ্ষ মান্দাৰ মই জীৱনত বহুত দেখিছো। হৰ্ষ মান্দাৰে অসমলৈ আহি NRC বৰবাদ কৰিলে'। এনেদৰে বিশিষ্ট লেখক হৰ্ষ মান্দাৰক উভতি ধৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। 

Also Read: অসমৰ মাদ্ৰাছাত চলিছে কি?

দিল্লীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দিছিল হৰ্ষ মান্দাৰে। সাম্প্ৰদায়িক ঘৃণা, বিষবাষ্প বিয়পোৱাৰ অভিযোগত দিছিল এজাহাৰ। নতুন দিল্লীৰ হৌজ খাচ আৰক্ষী থানাত শুকুৰবাৰে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে দাখিল কৰিছিল এজাহাৰ। তথ্য প্ৰযুক্তি আইনৰ অধীনতো হৰ্ষ মান্দাৰে দাখিল কৰিছিল এজাহাৰ। মিঞাক কষ্ট দিম বুলি মন্তব্য কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীৰ এই মন্তব্যৰ পিছতে সৃষ্টি হৈছিল বিতৰ্কৰ। তিনিচুকীয়াত মিঞাৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰাৰ অভিযোগ। হৰ্ষ মান্দাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা সন্দৰ্ভত আজি শনিবাৰে এনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মুখ্যমন্ত্ৰী শৰ্মাই। 

Advertisment
Advertisment