Advertisment

বহিঃৰাজ্যত ৰহস্যজনক মৃত্যু অসমৰ ৪ যুৱকৰ

বহিঃৰাজ্যত অসমৰ ৪ যুৱকৰ সৈতে ভয়ংকৰ ঘটনা। এটা বন্ধ কোঠাৰ ভিতৰত উদ্ধাৰ অসমৰ ৪ যুৱকৰ নিথৰ দেহ। একেটা কোঠাত একেলগে যুৱককেইজনৰ মৃতদেহ উদ্ধাৰক লৈ সৃষ্টি হৈছে ৰহস্যৰ। 

 বহিঃৰাজ্যত ৰহস্যজনক মৃত্যু অসমৰ ৪ যুৱকৰ Photograph: (DY365)
বহিঃৰাজ্যত ৰহস্যজনক মৃত্যু অসমৰ ৪ যুৱকৰ Photograph: (DY365)

বহিঃৰাজ্যত ৰহস্যজনক মৃত্যু অসমৰ ৪ যুৱকৰ


একেটা কোঠাতে উদ্ধাৰ যুৱককেইজনৰ মৃতদেহ

বহিঃৰাজ্যত অসমৰ ৪ যুৱকৰ সৈতে ভয়ংকৰ ঘটনা। এটা বন্ধ কোঠাৰ ভিতৰত উদ্ধাৰ অসমৰ ৪ যুৱকৰ নিথৰ দেহ। একেটা কোঠাত একেলগে যুৱককেইজনৰ মৃতদেহ উদ্ধাৰক লৈ সৃষ্টি হৈছে ৰহস্যৰ। 

Advertisment

পুনৰ বহিঃৰাজ্যত অসমৰ ৪ যুৱকৰ সৈতে সংঘটিত হ'ল ভয়ংকৰ ঘটনা। অসমৰ লখিমপুৰ জিলাৰ ৪ যুৱকে অকাল মৃত্যুক সাৱটি ল'বলগা এক শোকাৱহ ঘটনা পোহৰলৈ। বেংগালুৰুৰ এটা বন্ধ কোঠাৰ ভিতৰত উদ্ধাৰ হ'ল অসমৰ ৪ যুৱকৰ মৃতদেহ। বেংগালুৰুৰ এটা ব্যক্তিগত কোম্পানীত কৰ্মৰত আছিল আটাইকেইজন যুৱক। মৃত তিনিজন যুৱকৰ ঘৰ ঢকুৱাখনা বৰষামুখত আৰু এজনৰ ঘৰ নাওবৈচাৰ শাল মৰাত। বন্ধ কোঠাত মৃতদেহ উদ্ধাৰ হোৱা যুৱককেইজনৰ নাম ক্ৰমে নৰেন্দ্ৰ টাইদ, ডক্টৰ টাইদ, জনঞ্জয় টাইদ আৰু জয়ন্ত চিন্তে। ডক্টৰ টাইদ, জনঞ্জয় টাইদ আৰু নৰেন্দ্ৰ টাইদৰ ঘৰ ঢকুৱাখনাৰ বৰ্ষামুখত। আনহাতে জয়ন্ত চিন্তেৰ ঘৰ লখিমপুৰ শালমাৰাত। 

Also Read: আজি পবিত্ৰ মে-ডাম-মে-ফী

একেটা কোঠাত একেলগে যুৱককেইজনৰ মৃতদেহ উদ্ধাৰক লৈ সৃষ্টি হৈছে গভীৰ ৰহস্যৰ। এইপৰ্যন্ত জানিব পৰা হোৱা নাই যুৱকজনৰ মৃত্যুৰ প্ৰকৃত কাৰণ। চাৰি যুৱকৰ সৈতে সংঘটিত এই শোকাৱহ ঘটনাক লৈ সমগ্ৰ লখিমপুৰ জিলাত সৃষ্টি হৈছে চাঞ্চল্যৰ। ইফালে আটাইকেইজন যুৱকৰ ঘৰত বিৰাজ কৰা দেখা গৈছে শোককুল পৰিৱেশ। কান্দোনত ভাঙি পৰিছে পৰিয়ালৰ লোক। সমগ্ৰ অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে।  

আনহাতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই ঘটনাক গুৰুত্ব সহকাৰে লৈছে। ইতিমধ্যে ৰাজ্যৰ শীৰ্ষ আৰক্ষী বিষয়াক বেংগালুৰুৰ আৰক্ষীৰ সৈতে যোগাযোগ কৰিবলৈ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। 

Also Read: ধোঁৱাচাঙত জল জীৱন মিছন আঁচনি!

উল্লেখ্য যে, কি পৰিস্থিতিত অসমৰ ৪ জন যুৱকে বহিঃৰাজ্যৰ এটা বন্ধ কোঠাতে মৃত্যুক আঁকোৱালি ল'ব লগা হ'ল তাক লৈ এতিয়া সৃষ্টি হৈছে ৰহস্যৰ। আৰক্ষীৰ তদন্তৰ অন্ততহে পোহৰলৈ আহিব ঘটনাৰ প্ৰকৃত কাৰণ। 

Advertisment
Advertisment