Assameseআজি পবিত্ৰ মে-ডাম-মে-ফীআজি পবিত্ৰ মে-ডাম-মে-ফী। আজিৰ দিনটোত টাই আহোম সকলে পূৰ্ব পুৰুষ সকলক সোঁৱৰি পবিত্ৰ ‘মে-ডাম-মে-ফী’ অনুষ্ঠান অনুষ্ঠিত কৰে। টাই আহোমসকলৰ সামাজিক পৰম্পৰাগত উৎসৱ হৈছে মে-ডাম-মে-ফী। পৰম্পৰাগত ৰীতি-নীতিৰে আয়োজন মে-ডাম-মে-ফী।Jyotiprasad Sarma Jan 31, 2026 14:45 ISTআজি পবিত্ৰ মে-ডাম-মে-ফী Photograph: (DY365)আজি পবিত্ৰ মে-ডাম-মে-ফীআজি পবিত্ৰ মে-ডাম-মে-ফী। আজিৰ দিনটোত টাই আহোম সকলে পূৰ্ব পুৰুষ সকলক সোঁৱৰি পবিত্ৰ ‘মে-ডাম-মে-ফী’ অনুষ্ঠান অনুষ্ঠিত কৰে। টাই আহোমসকলৰ সামাজিক পৰম্পৰাগত উৎসৱ হৈছে মে-ডাম-মে-ফী। পৰম্পৰাগত ৰীতি-নীতিৰে আয়োজন মে-ডাম-মে-ফী। পুলিন পুথাওসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন টাই আহোম সকলৰ। আহোম জনগোষ্ঠীৰ পৰম্পৰাৰে নিশা সম্পন্ন ফুৰালুং পূজা। এই উৎসৱত আহোমসকলে পূর্বপুৰুষ সকলক স্মৰণ কৰে আৰু বিশ্ব শান্তিৰ বাবে কামনা কৰে। মে-ডাম-মে-ফীৰ অৰ্থ হ’ল 'মে' মানে তৰ্পণ কৰা, 'ডাম' মানে মৃতকৰ আত্মা আৰু 'ফী' মানে হ’ল মৃতকৰ পৰমাত্মা।AdvertismentAlso Read: ধোঁৱাচাঙত জল জীৱন মিছন আঁচনি!উপৰিপুৰুষক স্মৰণ কৰিলে টাই আহোম জনগোষ্ঠীয় লোকসকলে। ঐতিহ্য পৰম্পৰা ৰক্ষা কৰি শনিবাৰে ৰাজ্যজুৰি উলহ-মালহেৰে মে-ডাম-মে-ফিৰ আয়োজন কৰা হয়। গুৱাহাটীৰ নটবমাৰ চ্যুকাফা ক্ষেত্ৰত মে-ডাম-মে-ফীৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আজিৰ এই দিনটোতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্বৰ্গদেউ চাওলুং চ্যুকাফাৰ এটি প্ৰতিমূৰ্তি উন্মোচন কৰে। মহানগৰীৰ নটবমা চ্যুকাফা নগৰত নিৰ্মাণ কৰা হৈছে প্ৰতিমূৰ্তিটো। ইফালে টাই আহোম ছাত্ৰ সন্থাৰ উদ্যোগত মে-ডাম মে-ফীৰ কাৰ্যসূচীত উপস্থিত থাকে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ।ৰাজ্যত উলহ-মালহেৰে মে-ডাম-মে-ফী উদযাপন। টাই আহোম সকলৰ পৰম্পৰাগত সাজপাৰ, ৰীতি নীতিৰে উদ্ভাসিত ডিব্ৰুগড়। ডিব্ৰুগড় তাই শিক্ষা আৰু সাংস্কৃতিক কেন্দ্ৰতো ভিন্ন কাৰ্যসূচীৰে অনুষ্ঠিত মে-ডাম-মে-ফী। টাই আহোমৰ কৃষ্টি- সংস্কৃতিৰে মুখৰিত পৰিবেশ। পুৱাৰ ভাগত পতাকা উত্তোলন আৰু মৈদাম তৰ্পণ লগতে ধৰ্মীয় পৰম্পৰাগত পূজা অনুষ্ঠিত হয়।সমগ্ৰ ৰাজ্যৰ লগতে সৰুপথাৰতো সদৌ টাই আহোম ছাত্ৰ সন্থাৰ সৰুপথাৰ সম জিলা সমিতিৰ সহযোগত ষষ্ঠ বাৰ্ষিক কেন্দ্ৰীয় মে-ডাম-মে-ফীৰ আয়োজন। সৰুপথাৰ চ্যুকাফা শিশু উদ্যানত অনুষ্ঠিত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন। মৈদামত চাকি, বন্তি জ্বলোৱাৰ পিছতে চাওলুং চ্যুকাফাৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ কৰাৰ পিছতে আৰম্ভ হয় মুকলি সভা।Also Read: SRৰ জৰিয়তে নিৰ্বাচনত জয়ী হোৱাৰ চেষ্টা! বিৰোধীৰ প্ৰতিবাদত কঁপিল গুৱাহাটীইফালে বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ মৈদাম প্ৰাংগণতো উদযাপন মে-ডাম-মে-ফী৷ পৰম্পৰা ৰক্ষা কৰি সদৌ অসম টাই আহোম ছাত্ৰ সন্থা চ্যুকাফা আঞ্চলিক সমিতিৰ উদ্যোগত ঐতিহাসিক চৰাইদেউ মৈদাম প্ৰাংগণত উদযাপন কৰা হয় মে-ডাম- মে-ফী৷ দেশ আৰু জাতিৰ মংগল কামনা কৰি বিশ্ব ঐতিহ্য ক্ষেত্ৰত বন্তি প্ৰজ্বলনেৰে পুলিন পুথাও সকললৈ শ্ৰদ্ধাঞ্জলি জনোৱা হয়৷ মৈদাম তৰ্পণৰ লগতে টাই পৰম্পৰাগত ৰীতি-নীতিয়ে বান-ফি পূজা আয়োজন কৰা হয়৷ মৈদামস্থলীত উপস্থিত হৈ সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমীৰণ ফুকনে বন্তি প্ৰজ্বলন কৰি দেশ-জাতিৰ কুশল-মংগল কামনা কৰে৷ বিদেশী পৰ্যটকেও অংশ লয় এই মে-ডাম-মে-ফীত৷AdvertismentAdvertisment Read the Next Article