Advertisment

সূৱণখাটাত উৰিল ভাৰত-ভূটানৰ ৰাষ্ট্ৰীয় পতাকা

শুকুৰবাৰৰ পৰা বাক্সাৰ সুৱণখাটাত ৭৪ সংখ্যক সুৱণখাটা মাঘ মেলা আৰু ১৪ সংখ্যক ভাৰত-ভূটান বন্ধুত্ব মেলা আৰম্ভ। ৯ দিনীয়াকৈ বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তৰ সুৱণখাটাত বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে ভাৰত-ভূটান বন্ধুত্ব মেলা আৰু সুৱণখাটা মাঘ মেলা।

 সূৱণখাটাত উৰিল ভাৰত-ভূটানৰ ৰাষ্ট্ৰীয় পতাকা Photograph: (DY365)
সূৱণখাটাত উৰিল ভাৰত-ভূটানৰ ৰাষ্ট্ৰীয় পতাকা Photograph: (DY365)

সূৱণখাটাত উৰিল ভাৰত-ভূটানৰ ৰাষ্ট্ৰীয় পতাকা 

প্ৰতিবছৰৰ দৰে এইবাৰো বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তৰ সূৱণখাটাত আৰম্ভ হৈছে ১৪সংখ্যক ভাৰত-ভূটান বন্ধুত্ব মেলা আৰু ৭৪ সংখ্যক সুৱণখাটা মাঘ মেলা।  

Advertisment

শুকুৰবাৰৰ পৰা বাক্সাৰ সুৱণখাটাত ৭৪ সংখ্যক সুৱণখাটা মাঘ মেলা আৰু ১৪ সংখ্যক ভাৰত-ভূটান বন্ধুত্ব মেলা আৰম্ভ। ৯ দিনীয়াকৈ বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তৰ সুৱণখাটাত বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে ভাৰত-ভূটান বন্ধুত্ব মেলা আৰু সুৱণখাটা মাঘ মেলা। জাতি-জনগোষ্ঠীৰ মিলনভূমিত পৰিণত হৈছে বাক্সাৰ জিলাৰ সূৱণখাটা অঞ্চল। জনগোষ্ঠী গীত-নৃত্যৰে জীপাল হৈ উঠিছে মেলাৰ বাকৰি। পৰম্পৰাগত নৃত্য-গীতেৰে মুখৰিত হৈ পৰিছে সূৱণখাটাৰ আকাশ-বতাহ। 

Also Read: কোন হ’ব বিজেপিৰ পৰৱৰ্তী ৰাষ্ট্ৰীয় সভাপতি?

পুৱা ভাৰত-ভূটান বন্ধুত্ব মেলা আৰু সুৱণখাটা মাঘ মেলাৰ মুখ্যদ্বাৰ মুকলি কৰে বাগানপাৰা পৰিষদীয় সমষ্টিৰ পাৰিষদ ৰেখাৰাণী দাস বড়োৱে। ইয়াৰ পিছত মাঘ মেলাৰ পতাকা উত্তোলন কৰে মেলা সমিতিৰ সভাপতি এপ'লো ৰামছিয়াৰীয়ে। ভাৰত-ভূটান দুয়োখন দেশৰ পতাকা উত্তোলন কৰে ক্ৰমে বাক্সা জিলা আয়ুক্ত গৌতম দাস আৰু ভূটানৰ চানদ্ৰুপ জংখৰৰ D C দছো থ্ৰমপনে(Dasho Thrompon)। ইয়াৰ পিছতে বিশ্ব শান্তিৰ বাবে পাৰ চৰাই উৰুৱাই দিয়া হয়। লগতে বিভিন্ন জনগোষ্ঠীৰ সাংস্কৃতিক দলৰ দ্বাৰা নৃত্য, গীত পৰিৱেশন কৰা হয়। 

Also Read: কাইলৈ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী

উল্লেখ্য যে, ইতিমধ্যে মেলাত দুয়োখন দেশৰ বিপণীৰে মেলাস্থলী ভৰি পৰিছে। ৯ দিনীয়া কাৰ্যসূচীত ৰাইজৰ সহযোগ কামনা কৰিছে উদযাপন সমিতিয়ে। 

সূৱণখাটা হৈছে অসমৰ বাক্সা জিলাত অৱস্থিত এখন ঠাই, যি মূলত সীমান্তৱৰ্তী অঞ্চল হিচাপে পৰিচিত। ভাৰত-ভূটান বন্ধুত্ব মেলা (Bhutan-India Friendship Mela) আৰু ঐতিহাসিক মাঘ মেলাৰ বাবে জনপ্ৰিয়। য’ত দুয়োখন দেশৰ লোকৰ মিলন ঘটে। 

Also Read: ২০ জানুৱাৰীৰ পৰা পাংচুপাছ আন্তঃৰাষ্ট্ৰীয় উৎসৱ ২০২৬

Advertisment
Advertisment