Advertisment

ক’ৰ্পৰেট গোষ্ঠীৰ হাতলৈ যাব ৰাজ্যৰ বিদ্যুত্‍ বিতৰণ ব্যৱস্থা!

বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ ৰাজনৈতিক এজেণ্ডাত আৰু এটা জনবিৰোধী সংযোজন। এটা জাতি, এটা ধৰ্ম, এটা ভাষা, এটা নিৰ্বাচন, এটা কৰৰ লগত এইবাৰ এক বিদ্যুত্‍ নীতি। মোদী চৰকাৰে প্ৰস্তুত কৰিছে বিদ্যুত্‍ সংশোধনী বিধেয়ক ২০২৫ৰ খচৰা।

 FilePhoto
FilePhoto

স্মাৰ্ট মিটাৰ সংযোজনৰ ৰহস্য পোহৰলৈ,
ক’ৰ্পৰেট গোষ্ঠীৰ হাতলৈ যাব ৰাজ্যৰ বিদ্যুত্‍ বিতৰণ ব্যৱস্থা!

Advertisment

বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ ৰাজনৈতিক এজেণ্ডাত আৰু এটা জনবিৰোধী সংযোজন। এটা জাতি, এটা ধৰ্ম, এটা ভাষা, এটা নিৰ্বাচন, এটা কৰৰ লগত এইবাৰ এক বিদ্যুত্‍ নীতি। ২০০৩ চনৰ বিদ্যুত্‍ আইনৰ পৰিৱৰ্তনৰ বাবে মোদী চৰকাৰে প্ৰস্তুত কৰিছে বিদ্যুত্‍ সংশোধনী বিধেয়ক ২০২৫ৰ খচৰা। 

ৰাজ্যত অব্যাহত আছে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে প্ৰতিবাদ। কিন্তু প্ৰতিবাদৰ মাজতেই স্মাৰ্ট মিটাৰ সংযোজনৰ ৰহস্য লাহে লাহে পোহৰলৈ আহিছে। মোদী চৰকাৰে প্ৰস্তুত কৰিছে বিদ্যুত্‍ সংশোধনী বিধেয়ক ২০২৫ৰ খচৰা। ক’ৰ্পৰেট গোষ্ঠীৰ হাতলৈ যাব ৰাজ্যৰ বিদ্যুত্‍ বিতৰণ ব্যৱস্থা। বন্ধ হ’ব দৰিদ্ৰ গ্ৰাহক আৰু কৃষকে লাভ কৰা ৰেহাই। আহি আছে গ্ৰাহকৰ বাবে ভয়ংকৰ বিদ্যুত্‍ সংশোধনী বিধেয়ক, ২০২৫। ইতিমধ্যেই প্ৰস্তুত কৰা হৈছে বিধেয়কখনৰ খচৰা। খচৰাত দেশৰ জনসাধাৰণ আৰু শক্তি খণ্ডৰ বাবে ভয়ংকৰ বিপদ স্পষ্ট হৈ পৰিছে। 

‘ডিচকম’ বুলি পৰিচিত ৰাজ্যৰ বিদ্যুত্‍ বিতৰণ কোম্পানীক ব্যক্তিগতকৰণৰ লক্ষ্য চৰকাৰৰ। দেশৰ বিদ্যুত্‍ বিতৰণ ব্যৱস্থা সম্পূৰ্ণ ক’ৰ্পৰেটৰ হাতলৈ হস্তান্তৰ হ’ব। অজুহাত হৈছে ৰাজহুৱা খণ্ডৰ বিদ্যুত্‍ কোম্পানীসমূহে লোকচান ভৰি থকাৰ। কৃষকসকলে লাভ কৰি থকা ছাবচিডী তথা ৰেহাই পৰ্যায়ক্ৰমে নোহোৱা হ’ব। দৰিদ্ৰ গ্ৰাহক আৰু ব্যৱসায় প্ৰতিষ্ঠানৰ বিদ্যুত্‍ মাচুলৰ মাজত এতিয়াৰে পৰা নাথাকিব কোনো পাৰ্থক্য। বিদ্যুত্‍ গ্ৰাহকৰ ওপৰত বিদ্যুত্‍ চাৰ্জৰ  বোজা এতিয়াতকৈ বৃদ্ধি পাব। 

কেন্দ্ৰীয় চৰকাৰে বিদ্যুত্‍ সংশোধনী বিধেয়ক ২০২৫ৰ খচৰা প্ৰকাশ কৰাত তীব্ৰ আপত্তি প্ৰকাশ কৰিছে সংযুক্ত কিষাণ মৰ্চাই। সংযুক্ত কিষাণ মৰ্চাই এই পদক্ষেপক “গণতান্ত্ৰিক মূল্যবোধৰ স্পষ্ট উলংঘা” বুলি অভিহিত কৰি কয় যে কৃষকসকলে “এনে চৰম স্বৈৰাচাৰীতাক কেতিয়াও সহ্য নকৰে”।

Advertisment
Advertisment