Advertisment

কাইলৈ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী

শনিবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। গুৱাহাটীৰ সৰুসজাইত অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত হ’ব বাগুৰুম্বা নৃত্যৰ এক বৰ্ণিল অনুষ্ঠান। অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। 

 কাইলৈ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী Photograph: (DY365)

ALso Read: ২০ জানুৱাৰীৰ পৰা পাংচুপাছ আন্তঃৰাষ্ট্ৰীয় উৎসৱ ২০২৬

দুদিনীয়া ভ্ৰমণসূচীৰে শনিবাৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। শনিবাৰে সন্ধিয়া ৫.২০ বজাত গুৱাহাটীত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। বৰঝাৰ বিমান বন্দৰত বিশাল ৰেলীৰে প্ৰধানমন্ত্ৰীক আদৰণি জনাব বিজেপিয়ে। সন্ধিয়া ৬ বজাত প্ৰধানমন্ত্ৰী মোদীয়ে অংশগ্ৰহণ কৰিব সৰুসজাইৰ বাগৰুম্বা দহৌৰ অনুষ্ঠানত। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্মুখত ১০ হাজাৰ শিল্পীয়ে পৰিৱেশন কৰিব বাগৰুম্বা নৃত্য। বিহু, ঝুমইৰৰ পাছত এয়া হ’ব বাগুৰুম্বাৰ বিশ্ব অভিলেখ।২৩ খন জিলাৰ ৮১টা সমিষ্টিৰ নৃত্যশিল্পীয়ে পৰিৱেশন কৰিব বাগৰুম্বা নৃত্য। ২৫ জন বড়ো সমাজৰ বিশেষজ্ঞই প্ৰস্তুত কৰিছে আৰ্হি।

Also Read: আৰক্ষীৰ জালত কুখ্যাত চোৰৰ গেং

খানাপাৰাৰ কইনাধৰাত  নিশাটো কটাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। দেওবাৰে পুৱা  ৯.৩০ বজাত খানাপাৰাৰ পৰা কলিয়াবৰলৈ যাব প্ৰধানমন্ত্ৰীগৰাকী। কলিয়াবৰত কাজিৰঙাৰ এলিভেটেড কৰিড’ৰৰ শিলান্যাস কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ৭ হাজাৰ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ হ’ব এলিভেটেড কৰিড’ৰ। ইয়াৰ পিছতে কলিয়াবৰৰ মৌচন্দা পথাৰত জনসভা সম্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।  প্ৰায় ডেৰ লাখ লোকৰ সমাগম হোৱাৰ সম্ভাৱনা প্ৰধানমন্ত্ৰীৰ বিশাল জনসভাত। বিভিন্ন চৰকাৰী বিভাগ ভীষণভাৱে ব্যস্ত হৈ পৰিছে সভাস্থলী নিৰ্মাণৰ কামত। মৌচন্দা পথাৰৰ সভাস্থলীত গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা। কলিয়াবৰত জনসভা শেষ কৰি গুৱাহাটী বিমান বন্দৰলৈ ৰাওনা হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। বৰঝাৰ বিমানবন্দৰৰ পৰা পোনেপোনে দিল্লীলৈ ৰাওনা হ’ব প্ৰধানমন্ত্ৰীগৰাকী। 

Advertisment
Advertisment