Advertisment

লুইতৰ বুকুত প্ৰধানমন্ত্ৰীৰ ‘পৰীক্ষা পে চৰ্চা’

পুৱাই লুইতৰ বুকুত প্ৰধানমন্ত্ৰীৰ ‘পৰীক্ষা পে চৰ্চা’ অনুষ্ঠান। ব্ৰহ্মপুত্ৰত চৰাইদেউ-২ (Charaidew II) জাহাজত ‘পৰীক্ষা পে চৰ্চা’ অনুষ্ঠানত অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। এই অনুষ্ঠানত ২৫গৰাকী শিক্ষাৰ্থীৰ সৈতে মতবিনিময় কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

 লুইতৰ বুকুত প্ৰধানমন্ত্ৰীৰ ‘পৰীক্ষা পে চৰ্চা’ Photograph: (DY365)
লুইতৰ বুকুত প্ৰধানমন্ত্ৰীৰ ‘পৰীক্ষা পে চৰ্চা’ Photograph: (DY365)

লুইতৰ বুকুত প্ৰধানমন্ত্ৰীৰ ‘পৰীক্ষা পে চৰ্চা’

অসমত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আজি দ্বিতীয়টো দিন। দ্বিতীয় দিনাৰ কাৰ্যসূচীৰ অংশ হিচাপে পুৱাই লুইতৰ বুকুত প্ৰধানমন্ত্ৰীৰ ‘পৰীক্ষা পে চৰ্চা’ অনুষ্ঠান। ব্ৰহ্মপুত্ৰত চৰাইদেউ-২ (Charaidew II) জাহাজত ‘পৰীক্ষা পে চৰ্চা’ অনুষ্ঠানত অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। এই অনুষ্ঠানত ২৫গৰাকী শিক্ষাৰ্থীৰ সৈতে মতবিনিময় কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ৪০ মিনিটৰ ‘পৰীক্ষা পে চৰ্চা’ অনুষ্ঠানলৈ অসমৰ ভিন্ন প্ৰান্তৰ পৰা বাছনি কৰা হৈছিল মেধাৱী শিক্ষাৰ্থীসকলক। প্ৰথমবাৰৰ বাবে ব্ৰহ্মপুত্ৰত নৌকা বিহাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। শনিবাৰে সন্ধিয়া দুদিনীয়া ভ্ৰমণসূচীৰে অসমত উপস্থিত হৈছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। 

Advertisment

Also Read: ড্ৰাগছ সৰবৰাহকাৰীক ১০ বছৰৰ সশ্ৰম কাৰাদণ্ড

‘পৰীক্ষা পে চৰ্চা’ অনুষ্ঠানৰ পিছতেই গুৱাহাটীৰ বৰাগাঁৱৰ ছহিদ স্মাৰকক্ষেত্ৰলৈ ৰাওনা হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। প্ৰথমবাৰলৈ প্ৰধানমন্ত্ৰীয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে অসম আন্দোলনৰ ছহিদক। গুৱাহাটীৰ বৰাগাঁওস্থিত ছহিদ স্মাৰকক্ষেত্ৰত অসম আন্দোলনৰ ৮৬০গৰাকী বীৰ ছহিদলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে প্ৰধানমন্ত্ৰীয়ে।

Also Raed: বহিঃৰাজ্যত কৰ্মৰত অসমৰ শ্ৰমিকৰ মৃত্যু

শ্ৰদ্ধাঞ্জলি অনুষ্ঠান সমাপ্তৰ পিছতে গুৱাহাটীৰ পৰা ডিব্ৰুগড়ৰ ড০ ভূপেন হাজৰিকা বিমানবন্দৰলৈ ৰাওনা হয় প্ৰধানমন্ত্ৰী মোদী। বায়ুসেনাৰ বিশেষ বিমানেৰে ডিব্ৰুগড়ত উপস্থিত হয় প্ৰধানমন্ত্ৰীগৰাকী। ডিব্ৰুগড়ৰ পৰা নামৰূপলৈ যায় প্ৰধানমন্ত্ৰীগৰাকী। নামৰূপ সাৰ কাৰখানাৰ নতুন গোটৰ আধাৰশিলা-ভূমিপূজন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ১১ হাজাৰ কোটি টকাৰ ব্যয়েৰে নিৰ্মাণ হ’ব সাৰ কাৰখানাৰ নতুন গোটটো। নতুন গোটটোত বছৰি উৎপাদন হ’ব ১২.৭ লাখ মেট্ৰিকটন ইউৰিয়া। ৪৮ মাহত নিৰ্মাণ সম্পূৰ্ণ হ’ব আজি আধাৰশিলা-ভূমিপূজন কৰা গোটটো। নামৰূপ হাপজানত বিশাল জনসভা সম্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। মোদীৰ জনসভাত দেখা গ’ল অগণন লোকৰ সমাৱেশ। সভাস্থলীলৈ উজনি অসমৰ কেউখন জিলাৰ লোকৰ আগমন ঘটে।  

Advertisment
Advertisment