Assameseবহিঃৰাজ্যত কৰ্মৰত অসমৰ শ্ৰমিকৰ মৃত্যুপুনৰ বহিঃৰাজ্যত অকাল মৃত্যুক আঁকোৱালি ল’লে অসমৰ এজন শ্ৰমিকে। তেনে এক কৰুণ মৃত্যুৰ ঘটনাই সমগ্ৰ ধেমাজিৰ চিচিবৰগাঁও অঞ্চলত শোকৰ ছাঁ পেলাইছে। কেৰেকনি মাজগাঁৱৰ লক্ষ্যজিৎ দিহিংগীয়া বিগত প্ৰায় তিনিমাহ ধৰি কেৰালাৰ কতেম জিলাত থকা এটা কোম্পানীত কৰ্মৰত হৈ আছিল। Jyotiprasad Sarma Dec 21, 2025 12:00 ISTবহিঃৰাজ্যত কৰ্মৰত অসমৰ শ্ৰমিকৰ মৃত্যু Photograph: (DY365)বহিঃৰাজ্যত কৰ্মৰত অসমৰ শ্ৰমিকৰ মৃত্যুচিচিবৰগাঁৱত শোকৰ ছাঁকৰ্মসংস্থাপনৰ অভাৱত বহিঃৰাজ্যত কাম বিচাৰি যোৱা বহুতো অসমীয়া যুৱকে অকালতে মৃত্যুক সাৱটি ল’বলগীয়া হৈছে। কামৰ সন্ধানত বহিঃৰাজ্যলৈ যোৱা কোনোৱে হয়তো হত্যাৰ বলি হৈছে, আনহাতে আন কোনোৱে আকৌ ৰোগত পৰি চিকিৎসা তথা পৰিচৰ্যাৰ অভাৱত কৰুণ মৃত্যুক আঁকোৱালি ল’বলগীয়া হৈছে। AdvertismentAlso Read: অসমত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দ্বিতীয়টো দিনপুনৰ বহিঃৰাজ্যত অকাল মৃত্যুক আঁকোৱালি ল’লে অসমৰ এজন শ্ৰমিকে। তেনে এক কৰুণ মৃত্যুৰ ঘটনাই সমগ্ৰ ধেমাজিৰ চিচিবৰগাঁও অঞ্চলত শোকৰ ছাঁ পেলাইছে। খবৰ অনুসৰি ধেমাজিৰ চিচিবৰগাঁও ৰাজহ চক্ৰৰ অধীনৰ কেৰেকনি মাজগাঁৱৰ পূৰ্ণকান্ত দিহিংগীয়াৰ ২৫ বছৰীয়া পুত্ৰ লক্ষ্যজিৎ দিহিংগীয়া বিগত প্ৰায় তিনিমাহ ধৰি কেৰালাৰ কতেম জিলাত থকা এটা কোম্পানীত কৰ্মৰত হৈ আছিল। Also Read: একেদিনাই ৩ লম্পটক কাৰাদণ্ডশুকুৰবাৰে দিনৰ প্ৰায় ১১ মান বজাত পৰিয়ালৰ লগত ফোনযোগে কথা-বতৰাও হৈছিল লক্ষ্যজিতৰ। ফোনত পৰিয়ালক তেওঁৰ জ্বৰ হোৱা বুলি অৱগত কৰে। জ্বৰৰ বাবে তেওঁ কামলৈ নগৈ চিকিৎসালয়লৈ যোৱাৰ কথা জনাইছিল। কিন্তু তাৰ পিছৰে পৰা পৰিয়ালৰ লোকে লক্ষ্যজিতক ফোনত যোগাযোগ কৰিব পৰা নাছিল। ফোনত যোগাযোগ নোহোৱাত চিন্তিত হৈ পৰে পৰিয়ালৰ লোক। শংকিত হৈ পৰা লক্ষ্যজিতৰ পৰিয়ালে লগতে কাম কৰা গাঁৱৰে এজন যুৱকক কথাতো জনায়। যুৱকজনে প্ৰায় ৩ মান বজাত লক্ষ্যজিৎ থকা ঠাইলৈ যায়। যুৱকজনে কোঠাত বিচনাতে মৃত অৱস্থাত প্ৰত্যক্ষ কৰে লক্ষ্যজিৎ দিহিংগীয়াক।Also Read: সৰ্বাধিক অসম ভ্ৰমণ কৰা প্ৰধানমন্ত্ৰীৰূপে পৰিগণিত নৰেন্দ্ৰ মোদীসৰল, অমায়িক যুৱকজনৰ এনে আকস্মিক বিয়োগত ভাঙি পৰিছে পৰিয়ালটো। কান্দোনৰ ৰোল উঠিছে পৰিয়ালৰ মাজত। লক্ষ্যজিতৰ বিয়োগত সমগ্ৰ চিচিবৰগাঁও অঞ্চলত শোকৰ ছাঁ পৰে। উপাৰ্জনক্ষম পুত্ৰৰ এই আকস্মিক মৃত্যুত অন্ধকাৰ দেখিছে দৰিদ্ৰ পৰিয়ালটোৱে। চৰকাৰে এককালীন সাহাৰ্য আগবঢ়াই পৰিয়ালটোক সকাহ দিবলৈ চৰকাৰক আহ্বান জনাইছে স্থানীয় ৰাইজে।AdvertismentAdvertisment Read the Next Article