Advertisment

পঞ্চভূতত বিলীন চিকিৎসক ডাঃ খৰ্গেশ্বৰ লাহনৰ নশ্বৰদেহ

লণ্ডনত স্ত্ৰী ৰোগ আৰু প্ৰসূতি বিভাগৰ চিকিৎসক হিচাপে কৰ্মৰত ডাঃ খৰ্গেশ্বৰ লাহনৰ অন্তিম সৎকাৰ সম্পন্ন। গৃহ ভূমি টিংখাঙত অগণন গুণমুগ্ধৰ উপস্থিতিত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন বিশিষ্ট চিকিৎসকগৰাকীৰ।

 file
file

অসম সন্তান ডাঃ খৰ্গেশ্বৰ লাহনৰ নশ্বৰদেহ শনিবাৰে আহি পাই গৃহ ভূমি টিংখাং। সুদীৰ্ঘ কাল লণ্ডনত স্ত্ৰী ৰোগ আৰু প্ৰসূতি বিভাগৰ চিকিৎসক হিচাপে দক্ষতাৰে সেৱা আগবঢ়াই অহা ডাঃ খৰ্গেশ্বৰ লাহনৰ যোৱা ২৩ ছেপ্টেম্বৰত (৮৩) বছৰ বয়সত লণ্ডনত পৰলোকপ্ৰাপ্তি ঘটে। শনিবাৰে প্ৰয়াত খৰ্গেশ্বৰ লাহনৰ নশ্বৰদেহ টিংখাঙৰ লেঙেৰীৰ স্ব-গৃহলৈ অনাৰ পাছতে এক শোকাকুল পৰিৱেশৰ সৃষ্টি হয়। অসম তথা টিংখাঙৰ সু-সন্তান গৰাকীক স্থানীয় বিভিন্ন দল-সংগঠন তথা গুণমুগ্ধ ৰাইজে অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে লেঙেৰী অঞ্চলৰ বিভিন্ন ৰাজহুৱা অনুষ্ঠানলৈ নশ্বৰদেহ লৈ সমদলো উলিওৱা হয়। 

Advertisment

also read: চিকিৎসালয়ৰ ভিতৰতে মাতৃক হত্যা! আৰক্ষীৰ জালত কুলাংগাৰ পুত্ৰ

এক শোকাকুল পৰিৱেশৰ মাজত অন্তিম সৎকাৰ কৰা হয় বিশিষ্ট চিকিৎসকগৰাকীক। ১৯৪২ চনৰ ১ মাৰ্চত টিংখাঙৰ লেঙেৰীত জন্ম গ্ৰহণ কৰা প্ৰয়াত খৰ্গেশ্বৰ লাহনে লেঙেৰী হাইস্কুলৰ পৰা সুখ্যাতিৰে প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ কটন কলেজত বিজ্ঞান শাখাত অধ্যয়ন কৰি পৰৱৰ্তী সময়ত চিকিৎসা শাস্ত্ৰৰ ডিগ্ৰী লাভ কৰে। ১৯৬৯ চনত সংযুক্ত যুক্তৰাষ্ট্ৰ (লণ্ডন)ত চাকৰি লাভ কৰি প্ৰথমে স্কটলেণ্ডত যোগদান কৰে। তাৰ পাছতে তেওঁ লণ্ডনৰ ৰয়েল কলেজত স্ত্ৰী ৰোগ আৰু প্ৰসূতি বিজ্ঞান বিভাগৰ বিশেষজ্ঞ ৰূপে উত্তীৰ্ণ হৈ ১৯৭৮ চনত লিবিয়ালৈ যায় আৰু তাৰ পাছত পুনৰ লণ্ডনলৈ উভতি আহি স্ত্ৰীৰোগ আৰু প্ৰসূতি ৰোগ বিশেষজ্ঞ চিকিৎসক ৰূপে সেৱা আগবঢ়ায়। লণ্ডনতে সুদীৰ্ঘ কাল চিকিৎসা সেৱা আগবঢ়োৱাৰ অন্তত ২০১২ চনত তেখেতে অৱসৰ গ্ৰহণ কৰে। 

also read: জুবিন গাৰ্গক লৈ নিকৃষ্ট ৰাজনীতি নকৰিব

চিকিৎসক হিচাপে সুখ্যাতি থকাৰ লগতে ডাঃ খৰ্গেশ্বৰ লাহন বিভিন্ন সামাজিক অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতেও ওতঃপ্ৰোতভাৱে জড়িত হৈ আছিল। লণ্ডনৰ বিভিন্ন সামাজিক কাম কাজত নেতৃত্ব বহন কৰাৰ লগতে লণ্ডনত ৰঙালী বিহু সন্মিলনৰ সভাপতিৰ দায়িত্বও পালন কৰিছিল বিশিষ্ট চিকিৎসকগৰাকীয়ে। লগতে তেওঁ অসম সাহিত্য সভাৰ লণ্ডন শাখাৰ এগৰাকী আজীৱন সদস্য আছিল। ডাঃ খৰ্গেশ্বৰ লাহনৰ বিয়োগত সমগ্ৰ টিংখাঙত এক গভীৰ শোকৰ ছাঁ পৰা দেখিবলৈ পোৱা গৈছে। লগতে শোকসন্তপ্ত লোকে ডাঃ লাহনৰ বিদেহ আত্মাৰ সদগতি কামনা কৰে। 

টিংখাঙৰ পৰা ত্ৰিদিৱ ভট্টাচাৰ্য, DY365