Assameseকেই বজাত আপুনি চাব পাৰিব চন্দ্ৰগ্ৰহণ? খালী চকুৰে চাওক বিৰল মহাজাগতিক পৰিঘটনা!আজি বিৰল মহাজাগতিক পৰিঘটনাৰ সাক্ষী হ’ব বিশ্ববাসী। আজি হ’ব বলয়গ্ৰাস চন্দ্ৰগ্ৰহণ, ৰঙা হৈ পৰিব চন্দ্ৰ। খালী চকুৰেও আপুনি চাব পাৰিব চন্দ্ৰগ্ৰহণৰ দৃশ্য। Naba Gogoi Sep 07, 2025 12:14 ISTPhotograph: (INTERNET)আজি বিৰল মহাজাগতিক পৰিঘটনাৰ সাক্ষী হ’ব বিশ্ববাসী। আজি হ’ব বলয়গ্ৰাস চন্দ্ৰগ্ৰহণ, ৰঙা হৈ পৰিব চন্দ্ৰ।খালী চকুৰেও আপুনি চাব পাৰিব চন্দ্ৰগ্ৰহণৰ দৃশ্য।নিশা পৃথিৱীয়ে চন্দ্ৰ আৰু সূৰ্যৰ মাজত কৰিব অৱস্থান। নিশা ৯:৫৭ বজাৰ পৰা মাজনিশা ১:২৭ বজালৈ চলিব এই চন্দ্ৰগ্ৰহণ। পৃথিৱীৰ সম্পূৰ্ণ ছাঁ পৰিব চন্দ্ৰৰ ওপৰত।Advertismentএই মহাজাগতিক পৰিঘটনাক কোৱা হয় ব্লাড মুন।অসমৰ আকাশতো দৃশ্যমান হ’ব বিৰল চন্দ্ৰগ্ৰহণৰ দৃশ্য।চন্দ্ৰগ্ৰহণৰ বাবে বিশেষ ব্যৱস্থা কৰা হৈছে গুৱাহাটী তাৰকাগৃহত। চন্দ্ৰগ্ৰহণৰ প্ৰতিটো ক্ষণ চাবৰ বাবে বিশেষ স্কীনৰ ব্যৱস্থা। বছৰটোৰ অন্তিম তথা দ্বিতীয়টো চন্দ্ৰগ্ৰহণ হ’ব মুঠ ৮২ মিনিটৰ বাবে। এই চন্দ্ৰগ্ৰহণ হ’ব বছৰটোৰ অন্যতম আকর্ষণীয় জ্যোতির্বৈজ্ঞানিক ঘটনা। এছিয়া, ইউৰোপ, আফ্ৰিকা আৰু দক্ষিণ আমেৰিকাটো দৃশ্যমান হ’ব এই গ্ৰহণ।ভাৰতৰ কলকাতা, দিল্লীকে ধৰি প্ৰায়বোৰ নগৰতে দেখা যাব এই গ্ৰহণ। ঢাকা, চাংহাই, টকিঅ’, ছিউল, জাকাৰ্টা, বেংকক, মস্কো, বার্লিন, লণ্ডন। পেৰিছ, ৰোম আৰু মাদ্রিদসহ বহু নগৰৰ পৰা দেখা যাব এই চন্দ্ৰগ্ৰহণ। Read the Next Article