Assameseড্ৰাগছ সৰবৰাহকাৰীক ১০ বছৰৰ সশ্ৰম কাৰাদণ্ডড্ৰাগছ সৰবৰাহৰ অপৰাধত যুৱকক ১০ বছৰৰ সশ্ৰম কাৰাদণ্ডৰ ৰায় আদালতৰ। ১০ বছৰৰ সশ্ৰম কাৰাদণ্ডৰ লগতে ১ লাখ টকাৰ জৰিমনাও বিহে আদালতে। কাছাৰৰ বিশেষ ন্যায়াধীশ বিপ্রজিত ৰায়ৰ আদালতে দিলে কাৰাদণ্ডৰ ৰায়।Jyotiprasad Sarma Dec 21, 2025 14:02 ISTড্ৰাগছ সৰবৰাহকাৰীক ১০ বছৰৰ সশ্ৰম কাৰাদণ্ড Photograph: (DY365)ড্ৰাগছ সৰবৰাহকাৰীক ১০ বছৰৰ সশ্ৰম কাৰাদণ্ড১ লাখ টকাৰ জৰিমনাও বিহে আদালতেড্ৰাগছ সৰবৰাহৰ অপৰাধত যুৱকক ১০ বছৰৰ সশ্ৰম কাৰাদণ্ডৰ ৰায় আদালতৰ। ১০ বছৰৰ সশ্ৰম কাৰাদণ্ডৰ লগতে ১ লাখ টকাৰ জৰিমনাও বিহে আদালতে। কাছাৰৰ বিশেষ ন্যায়াধীশ বিপ্রজিত ৰায়ৰ আদালতে দিলে কাৰাদণ্ডৰ ৰায়।Advertismentশ্রীভূমি জিলাৰ পাথৰকান্দিৰ ছৈয়দপুৰৰ আলী হুছেইন নামৰ অভিযুক্তটোক ১০ বছৰৰ সশ্ৰম কাৰাদণ্ড বিহে আদালতে। আদালতে কাৰাদণ্ডৰ লগতে ১ লাখ টকাৰ জৰিমনাও বিহে আলী হুছেইনক। ড্ৰাগছ সৰবৰাহৰ অপৰাধত অভিযুক্ত আছিল আলী হুছেইন। Also Read: বহিঃৰাজ্যত কৰ্মৰত অসমৰ শ্ৰমিকৰ মৃত্যুচলিত বছৰৰ ৯ জানুৱাৰীত আৰক্ষী আৰু বিএছএফৰ যৌথ অভিযানত গ্ৰেপ্তাৰ হৈছিল আলী হুছেইন। কাছাৰৰ শালচাপাৰত ৩৪২ গ্ৰাম ব্ৰাউন ছুগাৰসহ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল আলী হুছেইনক। Also Read: অসমত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দ্বিতীয়টো দিনঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰে জোৰদাৰ তদন্ত। আৰক্ষীৰ তদন্ত প্রক্রিয়া শেষ হোৱাৰ পাছত আদালতত চলে বিচাৰ প্ৰক্ৰিয়া। বিচাৰ প্রক্রিয়া অন্তত শনিবাৰে আদালতে আলী হুছেইনক দোষী সাব্যস্ত কৰি ৰায়দান ঘোষণা কৰে। কাছাৰৰ বিশেষ ন্যায়াধীশ বিপ্রজিত ৰায়ৰ আদালতে ড্ৰাগছ সৰবৰাহকাৰী আলী হুছেইনক NDPS আইনৰ অধীনত ১০ বছৰৰ সশ্ৰম কাৰাদণ্ডৰ লগতে ১ লাখ টকা জৰিমনা বিহে। আদালতৰ এই ৰায়ৰ পাছতে ড্ৰাগছ সৰবৰাহকাৰী আলী হুছেইনক শিলচৰ কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰা হয়। Also Read: চিনেমাৰ কায়দাৰে অপহৰণ কাণ্ড!ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে চৰকাৰ-প্ৰশাসনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ পিছতো একাংশ সৰবৰাহকাৰীয়ে চলাই গৈছে বৰবিহৰ অবাধ বেহা। দৈনিক আৰক্ষীৰ অভিযানত জালত পৰিছে বহু সৰবৰাহকাৰী। উদ্ধাৰ হৈছে বহু নিচাজাতীয় সামগ্ৰী। AdvertismentAdvertisment Read the Next Article