Advertisment

কোন হ’ব বিজেপিৰ পৰৱৰ্তী ৰাষ্ট্ৰীয় সভাপতি?

অতি সোনকালে বিজেপিয়ে লাভ কৰিব নতুন ৰাষ্ট্ৰীয় সভাপতি। ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় অধ্যক্ষৰ নিৰ্বাচনী প্ৰক্ৰিয়া আৰম্ভ। ২০ জানুৱাৰী মঙলবাৰে ঘোষণা কৰা হ’ব বিজেপিৰ নতুন ৰাষ্ট্ৰীয় সভাপতিৰ নাম।

 কোন হ’ব বিজেপিৰ পৰৱৰ্তী ৰাষ্ট্ৰীয় সভাপতি? Photograph: (DY365)
কোন হ’ব বিজেপিৰ পৰৱৰ্তী ৰাষ্ট্ৰীয় সভাপতি? Photograph: (DY365)

কোন হ’ব বিজেপিৰ পৰৱৰ্তী ৰাষ্ট্ৰীয় সভাপতি?

অতি সোনকালে বিজেপিয়ে লাভ কৰিব নতুন ৰাষ্ট্ৰীয় সভাপতি। ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় অধ্যক্ষৰ নিৰ্বাচনী প্ৰক্ৰিয়া আৰম্ভ। দলৰ ৰাষ্ট্ৰীয় নিৰ্বাচনী বিষয়া, সাংসদ ড০ কে লক্ষ্মণে জাৰি কৰিলে সময়সূচী। ২০ জানুৱাৰী মঙলবাৰে ঘোষণা কৰা হ’ব বিজেপিৰ নতুন ৰাষ্ট্ৰীয় সভাপতিৰ নাম।

Advertisment

Also Read: কাইলৈ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী


কোন হ’ব বিজেপিৰ পৰৱৰ্তী ৰাষ্ট্ৰীয় সভাপতি? ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় অধ্যক্ষৰ নিৰ্বাচনী প্ৰক্ৰিয়া আৰম্ভ। শুকুৰবাৰে ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় নিৰ্বাচনৰ ৰিটাৰ্নিং বিষয়া সাংসদ ড০ কে লক্ষ্মণে জাৰি কৰিলে দলটোৰ সভাপতি নিৰ্বাচনৰ আনুষ্ঠানিক নিৰ্দেশনা আৰু সময়সূচী। হ'বলগীয়া নিৰ্বাচনক লৈ ১৯ জানুৱাৰীত মনোনয়ন দাখিল কৰা হ’ব আৰু ২০ জানুৱাৰীত ঘোষণা কৰা হ’ব নতুন সভাপতি।

১৯ জানুৱাৰী অৰ্থাৎ সোমবাৰে বিয়লি ২ বজাৰ পৰা ৪ বজালৈ হ’ব মনোনয়ন দাখিল পৰ্ব
৪ বজাৰ পৰা ৫ বজাৰ ভিতৰত মনোনয়ন পত্ৰ পৰীক্ষা
৫ বজাৰ পৰা ৬ বজালৈ মনোনয়ন প্ৰত্যাহাৰৰ সময়সীমা
সোমবাৰে সন্ধিয়া ৬.৩০ বজাত প্ৰেছ বিবৃতি জাৰি কৰিব ৰাষ্ট্ৰীয় নিৰ্বাচনী বিষয়াই
যদি প্ৰয়োজন হয় মঙলবাৰে দিনৰ ১১.৩০ বজাৰ পৰা ১.৩০ বজালৈ হ’ব ভোটদান
২০ জানুৱাৰী মঙলবাৰে ঘোষণা কৰা হ’ব বিজেপিৰ নতুন ৰাষ্ট্ৰীয় সভাপতিৰ নাম

Also Read: ২০ জানুৱাৰীৰ পৰা পাংচুপাছ আন্তঃৰাষ্ট্ৰীয় উৎসৱ ২০২৬

মনোনয়ন পত্ৰ দাখিলৰ পাছত প্ৰয়োজন হ’লে ২০ জানুৱাৰীত নিৰ্বাচন অনুষ্ঠিত হ’ব। সেই দিনাই আনুষ্ঠানিকভাৱে বিজেপিৰ নতুন সভাপতিৰ নাম ঘোষণা কৰা হ’ব। খবৰ অনুসৰি, বিজেপিৰ বৰ্তমানৰ সভাপতি জেপি নাড্ডাৰ ঠাই ল’ব পাৰে নীতিন নবীনে। ইতিমধ্যে দলটোৱে কাৰ্যকৰী সভাপতিৰূপে নীতিন নবীনক দায়িত্ব দিয়াৰ পিছত ক’ব পাৰি যে নীতিন নবীনেই হ’ব পাৰে বিজেপিৰ পৰৱৰ্তী ৰাষ্ট্ৰীয় সভাপতি। 

জেপি নাড্ডাৰ ক্ষেত্ৰতো একেটাই হৈছে। ২০১৯ চনত দলটোৰ কাৰ্যকৰী সভাপতিৰূপে নিৰ্বাচিত হোৱাৰ পিছত ২০২০ৰ জানুৱাৰীত নাড্ডাক দলটোৰ সভাপতিৰ দায়িত্ব দিয়া হৈছিল। ১৪ ডিচেম্বৰ ২০২৫ত বিহাৰৰ ৫ বাৰৰ বিধায়ক তথা বৰ্তমানৰ বিহাৰৰ গড়কাপ্টানি বিভাগৰ মন্ত্ৰী ৪৫ বছৰীয়া নীতিন নবীনক দলটোৰ কাৰ্যকৰী সভাপতিৰূপে দায়িত্ব দিয়া হৈছিল। এতিয়া নীতিন নবীনকে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰূপে দায়িত্ব দিয়াৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে। 

Advertisment
Advertisment