Advertisment

ধোঁৱাচাঙত জল জীৱন মিছন আঁচনি!

ৰাজ্যৰ এখন জল জীৱন মিছন আঁচনি ধোঁৱাচাঙত উঠাৰ অভিযোগ উত্থাপন হৈছে। ৰাইজক এটুপি বিশুদ্ধ খোৱা পানী যোগান ধৰাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগে বহু টকা ব্যয় কৰি জল জীৱন আঁচনিখন ৰূপায়ণ কৰিছে যদিও কার্যক্ষম হৈ উঠা নাই।

ধোঁৱাচাঙত জল জীৱন মিছন আঁচনি!


হাবি-জংঘলে আৱৰি ধৰিছে আঁচনিৰ অৰ্ধনিৰ্মিত গৃহ

`হৰ ঘৰ নল, হৰ ঘৰ জল' শীর্ষক শ্লোগানেৰে প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে দেশত আৰম্ভ কৰা এখন জল জীৱন মিছন আঁচনি ধোঁৱাচাঙত উঠাৰ অভিযোগ উত্থাপন হৈছে। ৰাইজক এটুপি বিশুদ্ধ খোৱা পানী যোগান ধৰাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগে বহু টকা ব্যয় কৰি জল জীৱন আঁচনিখন ৰূপায়ণ কৰিছে যদিও কার্যক্ষম হৈ উঠা নাই। জল জীৱন মিছন আঁচনিৰ পৰা ৰাইজে বিশুদ্ধ খোৱা পানী লাভ কৰিবলৈ সক্ষম হোৱা নাই।

Advertisment

Also Read: বিধায়ক পৰমানন্দ ৰাজবংশীৰ বিৰুদ্ধে অভিযোগ


তিনিচুকীয়াৰ মাৰ্ঘেৰিটা সম জিলাত এতিয়া ফুটুকাৰ ফেনত পৰিণত হৈছে কেন্দ্ৰীয় চৰকাৰৰ অভিলাষী আঁ‌চনি জল জীৱন মিছন। পাইপ আছে কিন্তু নাই পানী। পুঁজিৰ অভাৱত ঠিকাদাৰী পক্ষই আধাতে কাম সামৰিব লগা হোৱাত এতিয়া হাবি-জংঘলে আৱৰি ধৰিছে গৃহ সমূহৰ চৌহদ। সামগ্ৰী সমূহো ৰ'দে-বৰষুণে পৰি থকাৰ ফলত নষ্ট হোৱা পৰিলক্ষিত হৈছে।

Also Read: SRৰ জৰিয়তে নিৰ্বাচনত জয়ী হোৱাৰ চেষ্টা! বিৰোধীৰ প্ৰতিবাদত কঁপিল গুৱাহাটী


মাৰ্ঘেৰিটাত কোনো এটা অঞ্চলতে কোটি কোটি টকা খৰচ কৰি নিৰ্মাণ কৰা প্ৰকল্পৰ পৰা এটুপি বিশুদ্ধ খোৱা পানী লাভ কৰিবলৈ সক্ষম হোৱা নাই সাধাৰণ জনতা। `হৰ ঘৰ নল, হৰ ঘৰ জল' শ্লোগানেৰে বিশুদ্ধ খোৱা পানী প্ৰকল্পৰ শুভাৰম্ভ কৰি দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে পাঁচ বছৰৰ ভিতৰতে সম্পূৰ্ণ কৰাৰ নিৰ্দেশনা জাৰি কৰিছিল যদিও আজি প্ৰায় সাতটাকৈ বছৰ অতিক্ৰম কৰাৰ পিছতো আজিপৰ্যন্ত প্ৰকল্প সমূহ সম্পূৰ্ণ হৈ নুঠিল। বিশেষকৈ মাৰ্ঘেৰিটা, লিডু, লেখাপানী, জাগুন, মাকুমকিল্লা আদি অঞ্চলত থকা দুশৰো অধিক প্ৰকল্পৰ কাম আধৰুৱা হৈ থকাৰ লগতে পানী যোগানৰ বাবে সংস্থাপিত কৰি থোৱা পাইপসমূহ নষ্ট হ'বলৈ ধৰিছে।

Advertisment
Advertisment