Assameseবিধায়ক পৰমানন্দ ৰাজবংশীৰ বিৰুদ্ধে অভিযোগছিপাঝাৰৰ বিধায়ক পৰমানন্দ ৰাজবংশীৰ বিৰুদ্ধে জালিয়াতিৰে ভূমি নামজাৰি কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। এটা দালালৰ সৈতে লগ লাগি এই জালিয়াতি কৰাৰ অভিযোগ পৰমানন্দ ৰাজবংশীৰ বিৰুদ্ধে। বিধায়ক পৰমানন্দ ৰাজবংশী মুৰ্দাবাদ ধ্বনিত কঁপিল ছিপাঝাৰ। Jyotiprasad Sarma Jan 30, 2026 19:07 ISTবিধায়ক পৰমানন্দ ৰাজবংশীৰ বিৰুদ্ধে অভিযোগ Photograph: (DY365)জালিয়াতিৰে ভূমি নামজাৰি!বিধায়ক পৰমানন্দ ৰাজবংশীৰ বিৰুদ্ধে অভিযোগছিপাঝাৰৰ বিধায়ক পৰমানন্দ ৰাজবংশীৰ বিৰুদ্ধে জালিয়াতিৰে ভূমি নামজাৰি কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। এটা দালালৰ সৈতে লগ লাগি এই জালিয়াতি কৰাৰ অভিযোগ পৰমানন্দ ৰাজবংশীৰ বিৰুদ্ধে। বিধায়ক পৰমানন্দ ৰাজবংশী মুৰ্দাবাদ ধ্বনিত কঁপিল ছিপাঝাৰ। Advertismentবিধায়ক পৰমানন্দ ৰাজবংশী মুৰ্দাবাদ ধ্বনিত কঁপি উঠিল ছিপাঝাৰ৷ নিজ সমষ্টিতে বিধায়কৰ বিৰুদ্ধে ওলাই আহিল সাধাৰণ জনতা৷ বিজেপি বিধায়কগৰাকীৰ কাৰ্যত ক্ষোভিত জনতা৷ ছিপাঝাৰ সমষ্টিৰ শিঙিমাৰী-কানিদলৰ অনুসূচিত জাতি ৰাইজৰ ভূমি জালিয়াতিৰে বিধায়ক পৰমানন্দ ৰাজবংশীয়ে নিজৰ নামত নামজাৰি কৰি লোৱাৰ এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে। কানিদলৰ অনুসূচিত জাতি ৰাইজৰ ৮৭ বিঘা ২ কঠা ১৬ লেচা ভূমি নামজাৰি কৰাৰ অভিযোগ পৰমানন্দ ৰাজবংশীৰ বিৰুদ্ধে। বিধায়ক পৰমানন্দ ৰাজবংশীয়ে দৌৰাংগ বহুমুখী সমবায় সমিতিৰ নামত নামজাৰি কৰে ভূমিখিনি। দৌৰাংগ বহুমুখী সমবায় সমিতিৰ অধ্যক্ষ পৰমানন্দ ৰাজবংশীৰ পত্নী। Also Read: জেলে আমুৱাইছে! ৰেহাই লাগে সিদ্ধাৰ্থ শৰ্মাকভুক্তভোগী ৰাইজে বিধায়কগৰাকীৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী, জিলা আয়ুক্তক দিয়ে লিখিত অভিযোগ৷ আনকি আদালততো ৰাইজে এক গোচৰ ৰুজু কৰিছে৷ ছিপাঝাৰ সমষ্টিৰ কানিদলত প্ৰায় ৮৭ বিঘা ২ কঠা ১৬ লেচা মাটি বেদখল কৰাৰ অভিযোগ বিজেপি বিধায়কগৰাকীৰ বিৰুদ্ধে৷ দৌৰাংগ বহুমুখী সমবায় সমিতিৰ নামত মাটিখিনি বিভাগীয়ভাৱে নামজাৰি কৰি মাটিখিনিত খান্দিলে অমৃত সৰোবৰ পুখুৰী৷ Also Read: বানমুক্ত অসম, বাংলাদেশীমুক্ত অসম! অসমবাসীক কি কি প্ৰতিশ্ৰুতি দিলে অমিত শ্বাহে?১৯৭২ চনতে চৰকাৰীভাৱে পঞ্জীয়নভুক্ত ছিপাঝাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত শিঙিমাৰী-কানিদল কৃষি আৰু মৃৎ শিল্প সমবায় সমিতিয়ে ১৮২ নং দাগৰ ৮৭ বিঘা ২ কঠা ১৬ লেচা ভূমিত মৎস্য আৰু মৃৎ শিল্পৰ উৎপাদনমূলক কৰ্ম কৰি আহিছিল৷ কিন্তু ভুক্তভোগী ৰাইজক অন্ধকাৰত ৰাখি ছিপাঝাৰৰ বিজেপি বিধায়ক পৰমানন্দ ৰাজবংশীৰ নেতৃত্বত পত্নীৰ দৌৰাংগ বহুমুখী কৃষি সমবায়খনৰ নামত ২০২৩ চনৰ ২৯ জুলাইত অমৃত সৰোবৰ আঁচনি ৰূপায়ণ কৰি উল্লেখিত ভূমিখিনি বিভাগীয়ভাৱে বিধায়ক পৰমাই সমবায়খনৰ নামত নামজাৰি কৰি লয়৷ ৰাইজৰ অভিযোগ অনুসৰি বিধায়কগৰাকীয়ে ৰাইজক আভুৱাভাৰি এগৰাকী স্থানীয় দালালৰ জৰিয়তে ৰাইজৰ ভোটাৰ কাৰ্ড, নথি-পত্ৰসমূহ সংগ্ৰহ কৰি নিজৰ পত্নীৰ দৌৰাংগ সমবায় সমিতিৰ নামত নামজাৰি কৰি লোৱাৰ অভিযোগ উত্থাপন কৰিছে৷ ভুক্তভোগী খিলঞ্জীয়া ৰাইজে ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ বিচাৰিছে৷AdvertismentAdvertisment Read the Next Article