Assameseকাজিৰঙা এলিভেটেড কৰিড’ৰৰ ভূমি পূজনকাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত নিৰ্মাণ হ’বলগীয়া প্ৰায় ৩৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ এলিভেটেড কৰিড’ৰ প্ৰকল্পৰ ভূমি পূজন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ভাৰ্ছুৱেলী দুখনকৈ অমৃত ভাৰত এক্সপ্ৰেছ ৰে’লৰ ফ্লেগ অফ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে।Jyotiprasad Sarma Jan 18, 2026 12:10 ISTকাজিৰঙা এলিভেটেড কৰিড’ৰৰ ভূমি পূজন Photograph: (DY365)কাজিৰঙা এলিভেটেড কৰিড’ৰৰ ভূমি পূজনদুখনকৈ অমৃত ভাৰত এক্সপ্ৰেছ ৰে’লৰ ফ্লেগ অফদুদিনীয়া ভ্ৰমণসূচীৰে সম্প্ৰতি অসমত উপস্থিত আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। দেওবাৰে গুৱাহাটীৰ খানাপাৰাৰ পৰা বায়ুসেনাৰ হেলিকপ্টাৰেৰে কলিয়াবৰত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। প্ৰধানমন্ত্ৰীয়ে শিলান্যাস কৰে কাজিৰঙাৰ এলিভেটেড ক’ৰিডৰৰ।Advertismentকলিয়াবৰত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। খানাপাৰাৰ পৰা বায়ুসেনাৰ হেলিকপ্টাৰেৰে কলিয়াবৰত অৱতৰণ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠানেৰে কলিয়াবৰৰ অস্থায়ী হেলিপেডৰ পৰা প্ৰধানমন্ত্ৰীগৰাকীক আদৰণি জনোৱা হয়। এহাজাৰ শিল্পীয়ে প্ৰধানমন্ত্ৰী মোদীক জনালে আদৰণি। কলিয়াবৰৰ মৌচন্দা পথাৰত উখল-মাখল পৰিৱেশ। প্ৰধানমন্ত্ৰীগৰাকীক ওচৰৰ পৰা চাবলৈ উপস্থিত হৈছে ৰাইজ। উজনি-নামনিৰ পৰা আহিছে বহু লোক। Also Read: কেতিয়া লাভ কৰিব PM-KISANৰ ২২ নং কিস্তিৰ ধন?অস্থায়ী হেলিপেডৰ পৰা গৈ সভাগৃহত উপস্থিত হয় মোদী। প্ৰধানমন্ত্ৰীয়ে শিলান্যাস কৰিলে কাজিৰঙাৰ এলিভেটেড ক’ৰিডৰৰ। প্ৰায় ৭ হাজাৰ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰা হ’ব এলিভেটেড ক’ৰিডৰটো। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত নিৰ্মাণ হ’বলগীয়া প্ৰায় ৩৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ এলিভেটেড কৰিড’ৰ প্ৰকল্পৰ ভূমি পূজন কৰে মোদীয়ে। Also Read: গুৱাহাটীত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, বাগুৰুমবা দহৌ উপভোগকলিয়াবৰৰ মৌচন্দা পথাৰত প্ৰায় ২ লাখ লোকৰ উপস্থিতিত জনসভা সম্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। মৌচন্দা পথাৰত ব্যাপক নিৰাপত্তা বেষ্টনীৰ মাজত মোদীৰ জনসভা সম্বোধন। ৪ হাজাৰ আৰক্ষীয়ে সুদৃঢ় কৰিছে সভাস্থলীৰ চৌপাশৰ নিৰাপত্তা ব্যৱস্থা। ভাৰ্ছুৱেলী দুখনকৈ অমৃত ভাৰত এক্সপ্ৰেছ ৰে’লৰ ফ্লেগ অফ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। ডিব্ৰুগড়-গোমতী নগৰ আৰু কামাখ্যা-ৰোহটক অমৃত ভাৰত ৰে’লৰ ফ্লেগ অফ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিশাল জনসভাত প্ৰধানমন্ত্ৰীগৰাকীৰ লগতে সভাত উপস্থিত থাকে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, পবিত্ৰ মাৰ্ঘেৰিটা, কেবিনেট মন্ত্ৰী কেশৱ মহন্ত, অতুল বৰা, কৃষ্ণেন্দু পল, চৰণ বড়ো, সাংসদ দিলীপ শইকীয়া, কামাখ্যা প্ৰসাদ তাচা।Also Read: তেল ডিপোত কৰ্মৰত যুৱতীয়ে আজুৰি আনিলে স্বৰ্ণপদকউল্লেখ্য যে শনিবাৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পত বিশাল সাংস্কৃতিক অনুষ্ঠান বাগুৰুম্বা দহৌত অংশগ্ৰহণ কৰে। হাজাৰ হাজাৰ লোকৰ উপস্থিতিত বড়ো জনগোষ্ঠীৰ পৰম্পৰাগত বাগৰুম্বা নৃত্য উপভোগ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। AdvertismentAdvertisment Read the Next Article